মাণ্ড্যাৰ শ্ৰীক্ষেত্ৰ আদিচুঞ্চনাগিৰিত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ হৈছে শ্ৰী আদিচুঞ্চনাগিৰি মহাসমস্থান মঠৰ ৭১ সংখ্যক পন্টিফ শ্ৰী শ্ৰী ড° বালাংগাধৰনাথ মহাস্বামীজীৰ স্মৃতিসৌধ
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত এইচ ডি দেৱ গৌড়া জীৰ সৈতে “সৌন্দৰ্য লহৰী আৰু শিৱ মহিমনা স্তোত্ৰম” শীৰ্ষক গ্ৰন্থখনো যৌথভাৱে মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ  ১৫ এপ্ৰিলত  কৰ্ণাটক ভ্ৰমণ কৰিব।প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে মাণ্ডিয়া জিলাৰ শ্ৰীক্ষেত্ৰ আদিচুঞ্চনাগিৰিত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত  সভাত তেওঁ  ভাষণ দিব।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত এইচ ডি দেৱে গৌড়া জীৰ সৈতে যৌথভাৱে “সৌন্দৰ্য লহৰী আৰু শিৱ মহিমনা স্তোত্ৰম” শীৰ্ষক গ্ৰন্থখনো উন্মোচন  কৰিব।

শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ হৈছে  শ্ৰী আদিচুঞ্চনাগিৰি মহাসংস্থান মঠৰ ৭১ সংখ্যক পন্টিফ শ্ৰী শ্ৰী শ্ৰী ড° বালাংগাধৰনাথ মহাস্বামীজীৰ প্ৰতি উৎসৰ্গিত এক স্মৃতিসৌধ। পৰম্পৰাগত দ্ৰাবিড়ীয়  স্থাপত্য শৈলীত নিৰ্মিত মন্দিৰটো সন্তগৰাকীৰ জীৱন আৰু উত্তৰাধিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে । মন্দিৰটোক  কেৱল শ্ৰদ্ধাৰ স্থান হিচাপেই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপেও কল্পনা কৰা হৈছে।

অসংখ্য শিক্ষানুষ্ঠান আৰু স্বাস্থ্যসেৱাৰ সুবিধা স্থাপন কৰি সমাজসেৱাৰ প্ৰতি আজীৱন দায়বদ্ধতাৰ বাবে শ্ৰী শ্ৰী শ্ৰী ড° বালাংগাধৰণ মহাস্বামীজী বহুলভাৱে সন্মানিত  হৈছিল। তেওঁৰ দৃঢ় বিশ্বাস আছিল যে সমাজৰ সেৱাই হৈছে উপাসনাৰ সৰ্বোচ্চ ৰূপ আৰু তেওঁৰ শিক্ষাই জাতি, ধৰ্ম তথা অঞ্চলৰ বাধাসমূহ অতিক্ৰম কৰি লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts