১০ আগষ্টত কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ উক্ত দিনা দিনৰ প্ৰায় ১১ বজাত বাংগালুৰুৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ বাংগালুৰু মেট্ৰ’ৰ য়েল্ল' লাইন উদ্বোধন কৰি আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা ইলেক্ট্ৰনিক চিটি মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’ৰে যাত্ৰা কৰিব।
দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত নগৰ সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেওঁ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ আগবঢ়াব।
প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু মেট্ৰ’ ফেজ-২ প্ৰকল্পৰ আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা বোম্মাছান্দ্ৰালৈকে ১৬টা ষ্টেচনৰ সৈতে ১৯ কিলোমিটাৰতকৈ অধিক পথ দৈৰ্ঘ্যৰ য়েল্ল' লাইন উদ্বোধন কৰিব। ইয়াৰ নিৰ্মাণ ব্যয় হৈছে প্ৰায় ৭,১৬০ কোটি টকা। এই য়েল্ল' লাইন মুকলি হোৱাৰ লগে লগে বাংগালুৰুত কাৰ্যকৰী হোৱা মেট্ৰ’ নেটৱৰ্কৰ পৰিসৰ ৯৬ কিলোমিটাৰৰ ওপৰলৈ বৃদ্ধি পাব, যিয়ে অঞ্চলটোৰ এক বৃহৎ জনসংখ্যাক সেৱা আগবঢ়াবলৈ সক্ষম হ'ব।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বাংগালুৰু মেট্ৰ’ ফেজ-৩ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ৩১টা উচ্চ (ইলেভেটেড) ষ্টেচনৰ সৈতে প্ৰকল্পটোৰ মুঠ পথৰ দৈৰ্ঘ্য হ’ব ৪৪ কিলোমিটাৰতকৈ অধিক । এই আন্তঃগাঁথনি প্ৰকল্পই চহৰখনৰ আৱাসিক, ঔদ্যোগিক, বাণিজ্যিক আৰু শৈক্ষিক অঞ্চলসমূহৰ বাবে ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে বাংগালুৰুৰ পৰা ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ অফ কৰিব। এই তিনিখন ৰে’লৰ ভিতৰত বাংগালুৰুৰ পৰা বেলাগাভিলৈ, অমৃতসৰৰ পৰা শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰা আৰু নাগপুৰ (আজনী)ৰ পৰা পুনেলৈ চলিবলগীয়া ৰে’ল আছে। এই তীব্ৰবেগী ৰে’লসমূহে আঞ্চলিক সংযোগ বহু পৰিমাণে বৃদ্ধি কৰিব, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীসকলক বিশ্বমানৰ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব।


