প্ৰায় ৭১৬০ কোটিটকীয়া বাংগালুৰু মেট্ৰ’ৰ য়েল্ল' লাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বাংগালুৰু মেট্ৰ’ ফেজ-৩ প্ৰকল্পৰ
বাংগালুৰুৰ পৰা ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

১০ আগষ্টত কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ উক্ত দিনা দিনৰ  প্ৰায় ১১ বজাত বাংগালুৰুৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ বাংগালুৰু মেট্ৰ’ৰ য়েল্ল' লাইন উদ্বোধন কৰি আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা ইলেক্ট্ৰনিক চিটি মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’ৰে যাত্ৰা কৰিব।

দিনৰ  প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে  বাংগালুৰুত নগৰ সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেওঁ  ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু মেট্ৰ’ ফেজ-২ প্ৰকল্পৰ আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা বোম্মাছান্দ্ৰালৈকে ১৬টা ষ্টেচনৰ সৈতে ১৯ কিলোমিটাৰতকৈ অধিক পথ দৈৰ্ঘ্যৰ য়েল্ল' লাইন  উদ্বোধন কৰিব। ইয়াৰ নিৰ্মাণ ব্যয় হৈছে প্ৰায় ৭,১৬০ কোটি টকা। এই য়েল্ল' লাইন  মুকলি হোৱাৰ লগে লগে বাংগালুৰুত কাৰ্যকৰী হোৱা মেট্ৰ’ নেটৱৰ্কৰ পৰিসৰ  ৯৬ কিলোমিটাৰৰ ওপৰলৈ বৃদ্ধি পাব,  যিয়ে অঞ্চলটোৰ এক বৃহৎ জনসংখ্যাক সেৱা আগবঢ়াবলৈ সক্ষম হ'ব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বাংগালুৰু মেট্ৰ’ ফেজ-৩ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ৩১টা উচ্চ (ইলেভেটেড) ষ্টেচনৰ সৈতে প্ৰকল্পটোৰ মুঠ পথৰ দৈৰ্ঘ্য হ’ব ৪৪ কিলোমিটাৰতকৈ অধিক । এই আন্তঃগাঁথনি প্ৰকল্পই চহৰখনৰ  আৱাসিক, ঔদ্যোগিক, বাণিজ্যিক আৰু শৈক্ষিক অঞ্চলসমূহৰ বাবে ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে বাংগালুৰুৰ পৰা ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ অফ কৰিব। এই তিনিখন ৰে’লৰ ভিতৰত বাংগালুৰুৰ পৰা বেলাগাভিলৈ, অমৃতসৰৰ পৰা শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰা আৰু নাগপুৰ (আজনী)ৰ পৰা পুনেলৈ চলিবলগীয়া  ৰে’ল আছে। এই তীব্ৰবেগী ৰে’লসমূহে আঞ্চলিক সংযোগ বহু পৰিমাণে বৃদ্ধি কৰিব, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীসকলক বিশ্বমানৰ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya

Media Coverage

Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the true resolve of a representative
April 29, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting the true resolve of a representative.

The Prime Minister remarked that as vigilant citizens of the country, it is our duty to ensure record voting to make democracy even stronger.

The Prime Minister wrote on X:

"देश के एक सजग नागरिक के रूप में हमारा कर्तव्य है कि हम लोकतंत्र को और अधिक सशक्त बनाने के लिए रिकॉर्ड मतदान सुनिश्चित करें। इस तरह हम न केवल भारतवर्ष के नवनिर्माण में अपनी सक्रिय भागीदारी निभा सकते हैं, बल्कि एक समर्थ और समृद्ध राष्ट्र की नींव को और मजबूत कर सकते हैं।

राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम्।

दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम्॥"

From the perspective of the welfare of the people, continuously uplifting them, faithfully performing duties as a sacred responsibility, ensuring fair judgment, giving generously, treating everyone with equality, and keeping oneself pure, disciplined and dedicated with a consecrated spirit, this is the true resolve of a representative.