প্ৰধানমন্ত্ৰীয়ে ‘সমুদ্ৰ সে সমৃদ্ধি’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰকল্পসমূহে একাধিক খণ্ড যথাঃ সামুদ্ৰিক, এলএনজি আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, ঘাইপথ, স্বাস্থ্যসেৱা আৰু নগৰীয়া পৰিবহণক সামৰি ল’ব
প্ৰধানমন্ত্ৰীয়ে লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স পৰিদৰ্শন আৰু অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিব
জাহাজ নিৰ্মাণ, বন্দৰ আধুনিকীকৰণ, সেউজ শক্তি আৰু উপকূলীয় সংযোগৰ জৰিয়তে উন্নত সামুদ্ৰিক-চালিত বিকাশত গুৰুত্ব আৰোপ
প্ৰধানমন্ত্ৰীয়ে আকাশ-মাৰ্গেৰে ঢোলেৰা পৰিদৰ্শন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১০:৩০ বজাত ভাৱনগৰত ‘সমুদ্ৰ সে সমৃদ্ধি’ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেখেতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আকাশ-মাৰ্গেৰে ঢোলেৰা পৰিদৰ্শন কৰিব। দিনৰ প্ৰায় ১:৩০ বজাত তেখেতে এখনি পৰ্য্যালোচনা বৈঠকত পৌৰহিত্যকৰণেৰে লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স পৰিদৰ্শন কৰিব।

সামুদ্ৰিক খণ্ডক এক ব্যাপক উদ্দীপনা যোগাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭,৮৭০ কোটি টকাৰো অধিক মূল্যৰ সামুদ্ৰিক খণ্ডৰ সৈতে জড়িত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেখেতে ইন্দিৰা ডকত মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল উদ্বোধন কৰিব। তেখেতে কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত নতুন কন্টেইনাৰ টাৰ্মিনেল আৰু সংশ্লিষ্ট সুবিধাসমূহৰ আধাৰশিলা স্থাপন কৰিব; পাৰাদ্বীপ বন্দৰত নতুন কন্টেইনাৰ বাৰ্থ, কাৰ্গ’ হেণ্ডলিং সুবিধা আৰু সংশ্লিষ্ট উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব; তেখেতে টুনা টেক্ৰা মাল্টি-কাৰ্গ’ টাৰ্মিনেল; এননোৰৰ কামৰাজাৰ বন্দৰত ফায়াৰফাইটিং সুবিধা আৰু আধুনিক পথ সংযোগ; চেন্নাই বন্দৰত ছী-ৱাল আৰু ৰিভেটমেন্টকে প্ৰমুখ্য কৰি উপকূলীয় সুৰক্ষাৰ কাম; কাৰ নিকোবৰ দ্বীপত ছী-ৱাল নিৰ্মাণ; কাণ্ডলাৰ দীনদয়াল বন্দৰত বহু-মুখী কাৰ্গ’ বাৰ্থ আৰু গ্ৰীন বাঅ'-মিথানল প্লান্ট তথা পাটনা আৰু বাৰাণসীত জাহাজ মেৰামতি সুবিধাৰ আধাৰশিলা স্থাপন কৰিব।

সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ভিন্ন খণ্ডৰ বাবে ২৬,৩৫৪ কোটি টকাৰো অধিক মূল্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেখেতে ছাৰা বন্দৰত এইচপিএলএনজি ৰিগেছিফিকেচন টাৰ্মিনেল, গুজৰাট আইঅ’চিএল শোধনাগাৰত এক্ৰিলিকছ আৰু অক্স’ এলকহল প্ৰকল্প, কৃষক ৰাইজৰ বাবে ৬০০ মেগাৱাটৰ গ্ৰীন শ্ব’ পদক্ষেপ, পিএম-কুসুম ৪৭৫ মেগাৱাটৰ কম্প’নেন্ট চি সৌৰ ফিডাৰ, ৪৫ মেগাৱাটৰ বদেলি সৌৰ পিভি প্ৰকল্প, ধোৰদো গাঁৱৰ সম্পূৰ্ণ সৌৰশক্তি আদি প্ৰকল্পৰ উদ্বোধন কৰিব। তেখেতে এলএনজি আন্তঃগাঁথনি, অতিৰিক্ত নবীকৰণযোগ্য শক্তি প্ৰকল্প, উপকূলীয় সুৰক্ষাৰ কাম, ঘাইপথ আৰু স্বাস্থ্যসেৱা তথা নগৰীয়া পৰিবহণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৱনগৰৰ ছাৰ টি. জেনেৰেল হাস্পতালৰ সম্প্ৰসাৰণ, জামনগৰৰ গুৰু গোবিন্দ সিং চৰকাৰী চিকিৎসালয় আৰু ৭০ কিমি ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি-লেনিং আদি।

প্ৰধানমন্ত্ৰীয়ে বহনক্ষম ঔদ্যোগীকৰণ, স্মাৰ্ট আন্তঃগাঁথনি আৰু বৈশ্বিক বিনিয়োগক কেন্দ্ৰ কৰি স্থাপিত তথা এখন গ্ৰীনফিল্ড ঔদ্যোগিক চহৰ হিচাপে কল্পনা কৰা ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (DSIR) আকাশ-মাৰ্গেৰে পৰিদৰ্শন কৰিব। তেখেতে ভাৰতৰ প্ৰাচীন সামুদ্ৰিক পৰম্পৰাক উদযাপন আৰু সংৰক্ষণৰ বাবে তথা পৰ্যটন, গৱেষণা, শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে প্ৰায় ৪,৫০০ কোটি টকা ব্যয়েৰে লোথালত স্থাপন কৰা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (NHMC) পৰিদৰ্শনেৰে অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2026
March 12, 2026

Citizens Appreciate Building a Viksit Bharat: PM Modi's Leadership Fuels Jobs, Clean Energy, and Regional Unity in 2026