দাহোদত আদিজাতি মহা সন্মিলনত অংশগ্ৰহণ, ২২,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত আন্তর্জাতিক চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে; গান্ধীনগৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে
বনছকাঁথাৰ দিয়োদাৰত বনছ দুগ্ধ সংকুলত বিভিন্ন উন্নয়নমূলক প্রকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা কৰিব প্রধানমন্ত্রীয়ে
গান্ধীনগৰত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কন্ট্রোল চেণ্টাৰ পৰিদর্শন কৰিব প্রধানমন্ত্রীয়ে

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ২০এপ্রিললৈকে গুজৰাট ভ্ৰমণ কৰিব। ১৮ এপ্ৰিলৰ সন্ধিয়া ৬বজাত গান্ধীনগৰত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ পৰিদর্শন কৰিব৷ ১৯ এপ্ৰিলৰ পুৱা ৯.৪০ বজাত তেওঁ বনছকাঁথাৰ দিয়োদাৰত বনছ দুগ্ধ সংকুলত একাধিক উন্নয়নমূলক প্রকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। একেদিনাই বিয়লি ৩.৩০বজাত তেওঁ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। ২০ এপ্রিলৰ পুৱা ১০ বজাত প্রধানমন্ত্রীয়ে গান্ধীনগৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু সন্মিলনৰ উদ্বোধন কৰিব। ইয়াৰ বিয়লি ৩.৩০ বজাত শ্রী মোদীয়ে দাহোদত আদিজাতি মহাসন্মিলন উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

 

বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰত প্রধানমন্ত্ৰীঃ

 

প্রধানমন্ত্রীয়ে ১৮ এপ্রিলত গান্ধীনগৰত সন্ধিয়া ৬ বজাত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ পৰিদর্শন কৰিব। এই কেন্দ্রটোৱে প্রতি বছৰ ৫০০ কোটিতকৈ অধিক ডাটা সংগ্রহ কৰে। সংগৃহীত এই তথ্য তথ্য বিশ্লেষক, কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিং পদ্ধতিৰ জৰিয়তে বিশ্লেষণ কৰা হয়। ছাত্র-ছাত্রীসকলৰ মাজত সৰ্বাংগীন শিক্ষা গ্রহণৰ গুণমান বৃদ্ধিত এই কেন্দ্রটোৱে কাম কৰি আহিছে৷ তদুপৰি, এই কেন্দ্রটো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রীসকলৰ অনলাইনত দৈনিক উপস্থিতি নিৰীক্ষণ তথা ছাত্র-ছাত্রীসকলৰ শিক্ষা গ্রহণৰ মান নির্দিষ্ট সময়ৰ মুৰে মুৰে মূল্যায়ন আৰু এই সংক্রান্তীয় তথ্য একত্রিত কৰে৷ বিশ্ব বেংকে এই কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰক আন্তঃৰাষ্ট্ৰীয় পদ্ধতি অনুসৰণ কৰাৰ স্বীকৃতি প্ৰদান কৰিছে। আনকি, এই কেন্দ্রটোৰ বিভিন্ন কাম-কাজ চোৱাৰ বাবে বিভিন্ন দেশক আমন্ত্রণ কৰা হৈছে।

 

বনছকাঁথা দিয়োদাৰ বনছ দুগ্ধ সংকুলত প্রধানমন্ত্ৰীঃ

প্রধানমন্ত্রীয়ে ১৯এপ্রিলৰ পুৱা ৯.৪০ বজাত বনছকাঁথা জিলাৰ দিয়োদাৰত এটা নতুন দুগ্ধ কমপ্লেক্স আৰু আলু প্রক্রিয়াকৰণ কেন্দ্র দেশবাসীৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ নির্মাণ ব্যয় ৬০০ কোটি টকাৰো অধিক৷ উল্লেখ্য যে নৱনির্মিত এই দুগ্ধ কমপ্লেক্সটো গ্রীণফিল্ড প্রকল্প। এই দুগ্ধ কমপ্লেক্সত প্রতিদিনে ৩০লাখ লিটাৰ গাখীৰ প্রক্রিয়াকৰণ, প্রায় ৮০টন মাখন উৎপাদন, এক লাখ লিটাৰ আইচক্ৰীম উৎপাদন, ২০ টন ঘন গাখীৰ উৎপাদন আৰু ছয় টন চকলেট উৎপাদন হ’ব। আলু প্রক্রিয়াকৰণ কেন্দ্রত বিভিন্ন ধৰণৰ প্রক্রিয়াজাত খাদ্য সামগ্রী, যেনে–ফ্রেঞ্চ ফ্রাই, আলু চিপছ, আলু টিক্কি, পেটিজ ইত্যাদি প্ৰস্তুত কৰা হ’ব৷ আনকি, অধিকাংশ প্রক্রিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানিও কৰা হ’ব। এই কেন্দ্রটো স্থানীয় কৃষকসকলৰ সবলীকৰণ আৰু এই অঞ্চলত গ্রামীণ অর্থনীতি বিকাশত সহায় কৰিব।

প্রধানমন্ত্রীয়ে শ্রী মোদী বনছ কমিউনিটি ৰেডিঅ’ ষ্টেচন দেশবাসীৰ নামত উৎসৰ্গা কৰিব। কৃষি-কৰ্ম আৰু পশুপালন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূর্ণ তথ্য প্রচাৰৰ বাবে এই ৰেডিঅ’ ষ্টেচনটো নিৰ্মাণ কৰা হৈছে। ১,৭০০তকৈ অধিক গাঁৱৰ ৫লক্ষাধিক কৃষক এই ৰেডিঅ’ ষ্টেচনৰ পৰা উপকৃত হ’ব বুলি আশা কৰা হৈছে।

প্রধানমন্ত্রীয়ে পালানপুৰত বনছ দুগ্ধ প্লাণ্টত চিজ আৰু হুই পাউডাৰ উৎপাদনৰ বাবে সম্প্রসাৰিত কেন্দ্রটো দেশবাসীৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ পাছত তেওঁ গুজৰাটৰ দামাত জৈৱ সাৰ আৰু জৈৱ গেছ প্লাণ্ট দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

প্রধানমন্ত্রীয়ে ইয়াৰ পাছত খিমানা, ৰতনপুৰা–ভিলডি, ৰাধানপুৰ আৰু থাওয়াৰত ১০০টন উৎপাদন ক্ষমতা সম্পন্ন চাৰিটা গোৱৰ গেছ প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত আন্তঃৰাষ্ট্ৰীয় চিকিসা কেন্দ্ৰঃ

প্রধানমন্ত্রীয়ে ১৯ এপ্রিলৰ বিয়লি ৩.৩০বজাত জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত আন্তঃৰাষ্ট্ৰীয় চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত মৰিছাচৰ প্রধানমন্ত্রী শ্ৰীযুত প্রবিন্দ কুমাৰ জগন্নাথ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) মহানির্দেশক টেড্রছ গেব্রেইচাচ উপস্থিত থাকিব৷ এই কেন্দ্ৰটোৱে সমগ্ৰ বিশ্বত বিশ্ব স্বাস্থ্য সংস্থাৰ এইধৰণৰ একমাত্র কেন্দ্র হৈ পৰিছে। এই কেন্দ্রটোৱে সমগ্ৰ বিশ্বত ৰোগীৰ কল্যাণৰ ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় হাবত পৰিণত হ’ব।

 

বিশ্ব আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন ন্মিলনঃ

 

গান্ধীনগৰত মহাত্মা মন্দিৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন আয়োজন কৰা হৈছে। প্রধানমন্ত্রীয়ে মোদীয়ে ২০ এপ্রিলৰ পুৱা ১০বজাত এই সন্মিলন উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত মৰিছাচৰ প্রধানমন্ত্রী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মহানির্দেশক উপস্থিত থাকিব। তিনিদিনীয় এই সন্মিলনত প্রায় ৯০গৰাকী বিশিষ্ট বক্তা আৰু ১০০গৰাকী প্রদর্শকে পাঁচখন পূৰ্ণাংগ সভা, আঠখন ঘূৰণীয়া মেজ মেল, ছখন কর্মশালা আৰু দুখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব৷ এই সন্মিলনে বিনিয়োগৰ সম্ভাৱনা বিচৰাৰ লগতে উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, ষ্টার্ট আপ ক্ষেত্রৰ অনুকূল পৰিৱেশ আৰু ৰোগী কল্যাণৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্রসমূহৰ অগ্রগতিত ডাঙৰ ভূমিকা পালন কৰিব৷ উদ্যোগপতি, শিক্ষাবিদ আৰুও বিশেষজ্ঞসকলক একেখন মঞ্চত আনি ভৱিষ্যৎ সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্রত এই সন্মিলনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

দাহোদত আদিজাতি মহাসন্মিলন প্রধানমন্ত্ৰীঃ

 

প্রধানমন্ত্রীয়ে ২০এপ্রিলৰ বিয়লি ৩.৩০বজাত দাহোদত আদিজাতি মহাসন্মিলনত অংশগ্ৰহণ কৰিব৷ এই সন্মিলন অংশগ্ৰহণ কৰি তেওঁ ২২,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। দুই লক্ষাধিক লোকে এই সন্মিলনত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে ১,৪০০ কোটি টকাতকৈ অধিক বিভিন্ন প্রকল্প উদ্বোধন কৰিব। নর্মদা নদী অববাহিকাত দাহোদ জিলাৰ দক্ষিণাংশৰ বাবে নিৰ্মাণ কৰা আঞ্চলিক পানী যোগান প্রকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্রকল্পত ৮৪০ কোটি টকা ব্যয় কৰা হৈছে। দাহোদ জিলাত প্রায় ২৮০খন গাঁও আৰু দেৱগড় বাড়িয়া চহৰত এই প্রকল্পৰ পৰা পানী যোগান ধৰা হ’ব। প্রধানমন্ত্রীয়ে দাহোদ স্মার্টচিটীৰ পাঁচটা প্রকল্প উদ্বোধন কৰিব। এই প্রকল্পত ৩৩৫ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ভিতৰত ইণ্টিগ্রেডেট কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ ভৱন, বন্যাৰ জল নিষ্কাশন ব্যৱস্থা, পয়ঃপ্রণালী, গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা উল্লেখযোগ্য।

 

প্রধানমন্ত্রীয়ে আবাস যোজনাৰ জৰিয়তে পঞ্চমহল আৰু দাহোদ জিলাৰ ১০হাজাৰ আদিবাসীক ১২০ কোটি টকা সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ পাছত প্রধানমন্ত্রীয়ে ৬৬ কিলো ভল্ট ক্ষমতাসম্পন্ন ঘোড়িয়া ছাবষ্টেচন, পঞ্চায়ত ভৱন, অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিব।

 

প্রধানমন্ত্রীয়ে দাহোদত ৰে’লৰ উৎপাদন ইউনিটত ৯,০০০ অশ্ব ক্ষমতা সম্পন্ন ইলেক্ট্রিক ইঞ্জিন নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পত প্রায় ২০ হাজাৰ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে৷ উল্লেখ্য যে বাষ্পচালিত ৰে’ল ইঞ্জিনৰ সংস্কাৰ আৰু মেৰামতিৰ বাবে ১৯২৬ত ৰে’লৰ দাহোদত ৱৰ্কশ্বপ স্থাপন কৰা হৈছিল। এই ৱৰ্কশ্বপক বৈদ্যুতিন ৰে’লইঞ্জিন নির্মাণৰ উপযোগী কৰি তোলা হ’ব। সেইবাবে প্রয়োজনীয় আন্তঃগাঁথনিৰ মান উন্নয়ন কৰা হৈছে। এই কেন্দ্রটো আৰম্ভ হ’লে প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ১০,০০০ লোকে কর্মসংস্থাপন লাভ কৰিব। প্রধানমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ প্রায় ৫৫০ কোটি টকাৰ বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ৩০০ কোটি টকাৰ পানী যোগান প্রকল্প, প্রায় ১৭৫ কোটি টকাৰ দাহোদ স্মার্টচিটী প্রকল্প, দুধিমতি নৈৰ সৈতে জড়িত একাধিক প্রকল্প, ঘোড়িয়াত জিইটিচিঅ’ৰ ছাবষ্টেচন ইত্যাদি উল্লেখযোগ্য৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”