প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰকল্পসমূহে সামৰি লোৱা মূল খণ্ডসমূহ হৈছেঃ খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্ৰীড়া আৰু দক্ষতা বিকাশ
প্ৰধানমন্ত্ৰীয়ে পিএম ফচল বীমা যোজনাৰ অধীনত ২৮,০০০ ৰো অধিক কৃষকৰ একাউন্টলৈ পোনপটীয়াকৈ ৬২ কোটি টকা মুকলি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণেৰে দিনৰ প্ৰায় ১২:৩০ বজাত উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটি স্মাৰক ডাকটিকট মুকলিৰ লগতে সমবেতসকলক সম্বোধন কৰিব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে ৯৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু ৭২১০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপনকে প্ৰমুখ্য কৰি ৮১৪০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্ৰীড়া আৰু দক্ষতা বিকাশকে প্ৰমুখ্য কৰি কেইবাটাও মূল খণ্ডক সামৰি লৈছে।

প্ৰধানমন্ত্ৰীয়ে পিএম ফচল বীমা যোজনাৰ অধীনত ২৮,০০০ ৰো অধিক কৃষকলৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউন্টলৈ ৬২ কোটি টকা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে অমৰুট (AMRUT) আঁচনিৰ অধীনত ২৩ টা মণ্ডললৈ দেৰাডুন পানী যোগান কভাৰেজ, পিথোৰাগড় জিলাৰ ইলেক্ট্ৰিকেল উপকেন্দ্ৰ, চৰকাৰী ভৱনত সৌৰশক্তি প্ৰকল্প, নৈনিতালৰ হালদ্বানী ষ্টেডিয়ামত এষ্ট্ৰ’টাৰ্ফ হকী গ্ৰাউণ্ড আদি।

প্ৰধানমন্ত্ৰীয়ে জল-খণ্ড সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব যথাঃ ছং বান্ধ খোৱাপানী প্ৰকল্প, যিয়ে দেৰাডুনলৈ ১৫০ এমএলডি (প্ৰতিদিনে নিযুত লিটাৰ) খোৱাপানী যোগান ধৰিব। আনটো হৈছে নৈনিতালৰ জামাৰাণী বান্ধ বহুমুখী প্ৰকল্প, যিয়ে খোৱাপানী যোগান ধৰিব, জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদনত সহায় কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া আন-আন প্ৰকল্পসমূহৰ ভিতৰত আছে ইলেক্ট্ৰিকেল উপকেন্দ্ৰ, চাম্পৱাটত মহিলা ক্ৰীড়া মহাবিদ্যালয় স্থাপন, নৈনিতালত অত্যাধুনিক দুগ্ধ উদ্যোগ স্থাপন আদি।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength