১৭ জানুৱাৰীত বড়ো সম্প্ৰদায়ৰ সমৃদ্ধ ঐতিহ্য উদযাপন কৰা ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান ‘বাগুৰুম্বা দ্বহৌ ২০২৬’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
বাগৰুম্বা নৃত্য পৰিবেশন কৰিবলৈ সাজু বড়ো সম্প্ৰদায়ৰ ১০,০০০ৰো অধিক শিল্পী
কলিয়াবৰত ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পটোৱে জীৱ-জন্তুৰ নিৰৱচ্ছিন্ন চলাচল নিশ্চিত কৰাৰ লগতে মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ উপৰি আঞ্চলিক সংযোগ বৃদ্ধি কৰিব
গুৱাহাটী (কামাখ্যা)-ৰোহটক আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ)ৰ মাজত দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৭-১৮ জানুৱাৰীত অসম ভ্ৰমণ কৰিব।

১৭ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

১৮ জানুৱাৰীত দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ বাবে ভূমি পূজন কৰাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰত দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব।

গুৱাহাটীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ সমৃদ্ধ ঐতিহ্য উদযাপন কৰা এক ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান ‘বাগুৰুম্বা দ্বহৌ ২০২৬’ত অংশগ্ৰহণ কৰিব।

এই উপলক্ষে বড়ো সম্প্ৰদায়ৰ ১০,০০০ৰো অধিক শিল্পীয়ে একক, সুসংগত উপস্থাপনেৰে বাগৰুম্বা নৃত্য পৰিবেশন কৰিব। ৰাজ্যখনৰ ২৩ খন জিলাৰ ৮১ টা বিধানসভা সমষ্টিৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰকৃতিৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত বাগৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ অন্যতম প্ৰধান লোকনৃত্য। এই নৃত্যই প্ৰতীকী ৰূপত প্ৰস্ফুটিত ফুল প্ৰদৰ্শন কৰাৰ লগতে মানৱ জীৱন আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্প্রীতি প্ৰতিফলিত কৰে। পৰম্পৰাগতভাৱে বাদ্যযন্ত্ৰী হিচাপে পুৰুষ সংগীৰ সৈতে বড়ো যুৱতীসকলে পৰিবেশন কৰা এই নৃত্যত পখিলা, চৰাই, পাত আৰু ফুলৰ আৰ্হিৰে মৃদু, প্ৰবাহিত গতিবিধি দেখা যায়। চাক্ষুস সৌন্দৰ্য বৃদ্ধি কৰি বৃত্ত বা শাৰীৰ আৰ্হিত এই নৃত্য সাধাৰণতে দলীয় হিচাপে প্ৰদৰ্শিত হয়।

বাগৰুম্বা নৃত্যই বড়ো লোকসকলৰ বাবে গভীৰ সাংস্কৃতিক গুৰুত্ব বহন কৰে। ই শান্তি, উৰ্বৰতা, আনন্দ আৰু সামূহিক সম্প্রীতিক প্ৰতিনিধিত্ব কৰে তথা বড়ো নৱবৰ্ষ বৈসাগু আৰু ডোমাচিৰ দৰে উৎসৱৰ সৈতে নিবিড়ভাৱে জড়িত।

কলিয়াবৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ (৭১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশক চাৰিশাৰীলৈ উন্নীতকৰণ) ভূমি পূজন কৰিব।

৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটো হৈছে এক পৰিৱেশ সচেতন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হ'বলগীয়া ৩৫ কিলোমিটাৰ এলিভেটেড ৱাইল্ডলাইফ কৰিডৰ, ২১ কিলোমিটাৰ বাইপাছ শাখা আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ৰ ৩০ কিলোমিটাৰ অংশ দুই শাৰীৰ পৰা চাৰি শাৰীলৈ উন্নীতকৰণ পৰিকল্পনা সন্নিৱিষ্ট হৈ আছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ সমান্তৰালকৈ আঞ্চলিক সংযোগ উন্নত কৰা।

এই প্ৰকল্পটো নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হোৱাৰ লগতে উজনি অসম, বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ সৈতে সংযোগ যথেষ্ট উন্নত কৰিব। এলিভেটেড বন্যপ্ৰাণী কৰিডৰে জীৱ-জন্তুৰ নিৰবিচ্ছিন্ন চলাচল নিশ্চিত কৰাৰ লগতে মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰিব। ই পথ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে ভ্ৰমণৰ সময় আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰিব তথা বৰ্ধিত যাতায়াত আৰু ৰচদ-পাতি সৰবৰাহত সহায় কৰিব। প্ৰকল্পটোৰ অংশ হিচাপে জখলাবন্ধা আৰু বোকাখাত বাইপাছ বিকশিত কৰা হ’ব, যিয়ে চহৰসমূহত ভিৰ হ্ৰাস কৰাৰ লগতে নগৰীয়া চলাচল উন্নত কৰা আৰু স্থানীয় বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী (কামাখ্যা)-ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ নামৰ দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰো শুভাৰম্ভ কৰিব। এই নতুন ৰে’ল সেৱাই উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ মাজত ৰে’ল সংযোগ শক্তিশালী কৰাৰ ফলত জনসাধাৰণৰ বাবে নিৰাপদ আৰু অধিক সুবিধাজনক ভ্ৰমণ সম্ভৱ হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ayushman Bharat Crosses 90 Cr ABHA Accounts: How Modi govt is building the world’s largest digital health ecosystem

Media Coverage

Ayushman Bharat Crosses 90 Cr ABHA Accounts: How Modi govt is building the world’s largest digital health ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the qualities of an ideal teacher
June 01, 2026

The Prime Minister, Shri Narendra Modi, said that some people are highly skilled at performing a task themselves, while others are particularly adept at imparting that knowledge or skill to others. He noted that a person who possesses both these qualities-self-mastery and the ability to teach others-deserves to be regarded among the finest of teachers.

The Prime Minister shared a Sanskrit Subhashitam-

“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।। ”

The Subhashitam conveys that while some excel in practice and others in teaching, the one who combines both mastery of a subject and the ability to effectively impart it to others is worthy of being placed in the foremost rank of teachers.

The Prime Minister wrote on X;

“श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव।।”