প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ফেব্ৰুৱাৰী ২০২১ তাৰিখে অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব৷ দিনৰ প্ৰায় ১১.৪৫ মান বজাত প্ৰধানমন্ত্ৰীয়ে অসমত দুখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ প্ৰধান জিলা পথসমূহৰ এক আঁচনি ‘অসম মালা’ উদ্বোধন কৰিব৷ ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৪.৫০ বজাত তেওঁ পশ্চিমবংগৰ হালদিয়াত বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীলৈ উচৰ্গাও কৰিব৷

পশ্চিমবংগত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ দ্বাৰা নিৰ্মিত এলপিজি ৰপ্তানি টাৰ্মিনেল দেশবাসীলৈ উচৰ্গা কৰিব৷ ইয়াত প্ৰায় ১১০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু  ইয়াৰ সামৰ্থ হ’ল প্ৰতি বছৰত ১ মিলিয়ন মেট্ৰিক টন৷ ইয়াৰ জৰিয়তে পশ্চিমবংগৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৱশ্যকীয় এলপিজি উপলব্ধ হোৱাত সহায়ক হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ ৩৪৮ কিলোমিটাৰৰ ডোবি-দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন ষ্টেচন উচৰ্গা কৰিব৷ ই প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ এটা অংশ৷ এই প্ৰকল্পত প্ৰায় ২৪০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ হালদিয়া তেল শোধনাগাৰৰ দ্বিতীয় কেটেলাইটিক-আইচ’ডিৱাক্সিঙৰ আধাৰশিলা স্থাপন কৰিব৷ এই ইউনিটটোৰ সামৰ্থ হ’ল প্ৰতি বছৰত ২৭০ হাজাৰ মেট্ৰিক টন৷ ইয়াৰ জৰিয়তে ১৮৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীলৈ ৰাণীচকত ৪ লেনৰ আৰঅ’বি-কাম-ফ্লাইঅ’ভাৰো উচৰ্গা কৰিব৷ ইয়াক ১৯০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে৷

উপৰোক্ত আটাইবোৰ প্ৰকল্প প্ৰধানমন্ত্ৰীৰ ‘পূৰ্বোদয়া’ বীক্ষণক বাস্তাৱায়িত কৰাৰ অৰ্থে ৰূপায়ণ কৰা হৈছে৷

অসমত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা জিলাৰ প্ৰধান পথসমূহৰ নেটৱৰ্ক উন্নত কৰাৰ বাবে ‘অসম মালা’ মুকলি কৰিব৷ ‘অসম মালা’ৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৈতে গ্ৰামাঞ্চলৰ সংযোগ ব্যৱস্থা উন্নত হ’ব৷ এই আঁচনি মুকলি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াত প্ৰায় ১১০০ কোটি টকা ব্যয় কৰা হৈছে৷ প্ৰতিখন চিকিৎসালয়ত ৫০০খন বিচনা থকাৰ লগতে  ১০০ এমবিবিএছ শিক্ষাৰ্থীৰ বাবে আসন উপলব্ধ হ’ব৷   

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship

Media Coverage

In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুন 2026
June 25, 2026

Viksit Bharat in Action: PM Modi's Reforms Powering Inclusive Growth, Tech Innovation & Global Competitiveness