প্ৰধানমন্ত্ৰীয়ে কৰ্নুলত প্ৰায় ১৩,৪৩০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰকল্পসমূহে উদ্যোগ, বিদ্যুৎ সংবহণ, পথ, ৰেলপথ, প্ৰতিৰক্ষা উৎপাদন আৰু পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে
প্ৰধানমন্ত্ৰীয়ে শ্রীশৈলমৰ শ্ৰী ভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব
প্ৰধানমন্ত্ৰীয়ে ছত্রপতি শিৱাজী মহাৰাজৰ উত্তৰাধিকাৰক স্মৰণেৰে শ্রীশৈলমৰ শ্রী শিৱাজী স্পৰ্থী কেন্দ্র ভ্ৰমণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৬ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১১:১৫ বজাত নন্দিয়াল জিলাৰ শ্ৰীশৈলমস্থিত শ্ৰী ভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। ইয়াৰ পিছত দিনৰ প্ৰায় ১২:১৫ বজাত শ্ৰীশৈলমৰ শ্ৰী শিৱাজী স্পৰ্থী কেন্দ্ৰলৈ যাব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী কৰ্নুললৈ গৈ দিনৰ প্ৰায় ২:৩০ বজাত প্ৰায় ১৩,৪৩০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেখেতে এখনি ৰাজহুৱা সভা সম্বোধনো কৰিব।

শ্ৰীশৈলমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ১২ জ্যোতির্লিঙ্গ তথা ৫২ শক্তি পীঠৰ অন্যতম শ্ৰী ভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। এই মন্দিৰৰ অনন্য বৈশিষ্ট্য হ’ল একেটা মন্দিৰ চৌহদতে এটা জ্যোতির্লিঙ্গ আৰু এখন শক্তি পীঠ আছে। যি সংহতি সমগ্ৰ দেশতে বিৰল।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী শিৱাজী স্পৰ্থী কেন্দ্ৰও পৰিদৰ্শন কৰিব। উক্ত স্মৃতিসৌধত এটি ধ্যান মন্দিৰো (ধ্যান হল) আছে। ইয়াৰ চাৰিটা কোণত চাৰিটা চিনাকি দুৰ্গৰ আৰ্হি স্থাপন কৰা হৈছে— প্ৰতাপগড়, ৰাজগড়, ৰায়গড় আৰু শিৱনেৰী। ইয়াৰ কেন্দ্ৰস্থলত গভীৰ ধ্যানত মগ্ন ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি বিদ্যমান। এই কেন্দ্ৰটো শ্ৰী শিৱাজী সোঁৱৰণী কমিটিয়ে পৰিচালনা কৰি আহিছে। কমিটিখন ১৬৭৭-ত ছত্ৰপতি শিৱাজী মহাৰাজৰ ঐতিহাসিক ভ্ৰমণৰ স্মৃতিত শ্ৰীশৈলমত গঠন কৰা হৈছিল।

কৰ্নুলত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১৩,৪৩০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহে উদ্যোগ, বিদ্যুৎ সংবহণ, পথ, ৰেলপথ, প্ৰতিৰক্ষা উৎপাদন আৰু পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি মূল খণ্ডসমূহক সামৰি লৈছে। উক্ত প্ৰকল্পৰাজিয়ে আঞ্চলিক আন্তঃগাঁথনিৰ বৰ্ধন, ঔদ্যোগীকৰণক ত্বৰান্বিতকৰণ আৰু ৰাজ্যখনৰ সৰ্বাংগীন আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ২,৮৮০ কোটিৰো অধিক টকা বিনিয়োগেৰে কৰ্নুল-III পুলিং ষ্টেচনত ট্ৰেন্সমিছন চিষ্টেম সুদৃঢ়কৰণৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পত ৭৬৫ কেভি ডাবল-চাৰ্কিট কৰ্নুল-III পুলিং ষ্টেচন–চিলাকালুৰিপেটা ট্ৰেন্সমিছন লাইনৰ স্থাপন কাৰ্য্য অন্তৰ্ভুক্ত হৈছে। যিয়ে ট্ৰেন্সমিছন ক্ষমতা ৬,০০০ এমভিএ বৃদ্ধি কৰিব আৰু ৰাষ্ট্ৰৰ বিকাশত সহায় কৰিবলৈ নবীকৰণযোগ্য শক্তিৰ বৃহৎ-পৰিসৰৰ সংবহণ সক্ষম কৰিব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কৰ্নুলৰ অৰভাকাল ঔদ্যোগিক এলেকা আৰু কদাপাৰ কপপাৰ্থী ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰিব। ইয়াত মুঠ ৪,৯২০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হ’ব। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন আৰু ৰূপায়ণ ট্ৰাষ্ট (NICDIT) তথা অন্ধ্ৰ প্ৰদেশ ঔদ্যোগিক আন্তঃগাঁথনি নিগম লিমিটেডে (APIIC) যৌথভাৱে বিকশিত কৰা এই আধুনিক, বহু-খণ্ডীয় ঔদ্যোগিক কেন্দ্ৰসমূহত প্লাগ-এণ্ড-প্লে’ আন্তঃগাঁথনি আৰু ৱাক-টু-ৱৰ্ক ধাৰণা বিদ্যমান। যিয়ে ২১,০০০ কোটি টকাৰ বিনিয়োগ প্ৰলুব্ধৰে প্ৰায় এক লাখ চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত অন্ধ্ৰ প্ৰদেশৰ ৰায়ালাসীমা অঞ্চলত ঔদ্যোগিক বিকাশ আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাব।

পথ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাববাভাৰমৰ পৰা শীলনগৰলৈ ছয়-লেনযুক্ত গ্ৰীনফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। ইয়াত ৯৬০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হ’ব। ইয়াৰ লক্ষ্য হৈছে বিশাখাপট্টনমত যানজঁট লাঘৱ কৰা আৰু বাণিজ্য তথা কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰিও মুঠ ১,১৪০ কোটি টকা মূল্যৰ ছটা পথ প্ৰকল্প উদ্বোধন কৰা হ’ব। ইয়াৰ ভিতৰত আছে পিলেৰু–কালুৰ অংশৰ চাৰি-লেনিং, কদাপা/নেল্লোৰ সীমান্তৰ পৰা চিএছ পুৰমলৈকে বহলকৰণ, ১৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুডিভাদা আৰু নুজেলা ৰেলৱে ষ্টেচনৰ মাজত চাৰি-লেনযুক্ত ৰেল অভাৰ ব্ৰীজ (ROB), ৭১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাপাগনি নদীৰ ওপৰেৰে প্ৰধান দলং, ৫৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানিগিৰি বাইপাছ আৰু ৫৪৪ডিডি নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন. গুণ্ডলাপল্লী চহৰত বাইপাছ অংশৰ অগ্ৰগতি সাধন। এই প্ৰকল্পসমূহে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থাক সুদৃঢ় কৰিব।

প্ৰধানমন্ত্ৰীয়ে আৰু ১,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক গুৰুত্বপূৰ্ণ ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে কোট্টাভালাছা-বিজিয়ানগৰ চতুৰ্থ ৰেলপথ তথা পেন্ডুৰ্টি আৰু সিংহচালাম উত্তৰৰ মাজত ৰেল উৰণ সেতুৰ আধাৰশিলা স্থাপন তথা কোট্টাভালাছা-বোদ্দাভাৰা অংশ আৰু শিমিলিগুডা-গোৰাপুৰ অংশৰ দ্বৈতকৰণ প্ৰকল্পক ৰাষ্ট্ৰলৈ উৎসৰ্গা। এই প্ৰকল্পসমূহে যানজঁট হ্ৰাস কৰিব, দ্ৰুত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰিব, যাত্ৰীৰ আহ-যাহ আৰু সামগ্ৰীৰ সৰবৰাহৰ সুবিধা প্ৰদান কৰিব তথা সমগ্ৰ অঞ্চলটোত ঔদ্যোগিক, বাণিজ্য আৰু পৰ্যটনৰ প্ৰসাৰ ঘটাব, একে সময়তে স্থানীয় সমাজসমূহৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

শক্তি খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১২৪ কিমি আৰু ওড়িশাত ২৯৮ কিমি দৈৰ্ঘ্যৰ প্ৰায় ১,৭৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গেইল ইণ্ডিয়া লিমিটেডৰ শ্ৰীকাকুলাম–আংগুল প্ৰাকৃতিক গেছ পাইপলাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ উপৰিও তেখেতে অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰত প্ৰায় ২০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা ইণ্ডিয়ান অইলৰ ৬০ টিএমটিপিএ (বছৰত হাজাৰ মেট্ৰিক টন) এলপিজি বটলিং প্লান্ট উদ্বোধন কৰিব। এই প্ৰকল্পই অন্ধ্ৰ প্ৰদেশৰ চাৰিখন জিলা, তামিলনাডুৰ দুখন জিলা আৰু কৰ্ণাটকৰ এখন জিলাৰ ৮০ বিতৰকৰ জৰিয়তে ৭.২ লাখৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াব। অঞ্চলটোৰ গৃহস্থী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ এলপিজিৰ নিৰ্ভৰযোগ্য যোগান নিশ্চিতকৰণৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰতিৰক্ষা উৎপাদনক সুদৃঢ়কৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৬০ কোটি টকাৰ বিনিয়োগেৰে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে কৃষ্ণ জিলাৰ নিম্মালুৰুত স্থাপন কৰা এডভান্সড নাইট ভিজন প্ৰডাক্টছ ফেক্টৰী উৎসৰ্গা কৰিব। এই সুবিধাত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে উন্নত ইলেক্ট্ৰ’-অপ্টিকেল চিষ্টেম নিৰ্মাণ কৰা হ’ব। এই কাৰ্য্যই প্ৰতিৰক্ষা উৎপাদনত আত্ম-নিৰ্ভৰতাৰ বৰ্ধনৰ লগতে অঞ্চলটোত দক্ষ কৰ্মসংস্থাপনৰ প্ৰসাৰ ঘটাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament

Media Coverage

‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"