প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া ১৮সংখ্যক এছিয়ান-ইণ্ডিয়া সন্মিলনত ব্ৰুনেইৰ ছুলটানৰ আমন্ত্ৰণক্ৰমে উপস্থিত থাকিব। সন্মিলনত এছিয়ান দেশৰ চৰকাৰী মূৰব্বীসকল উপস্থিত থাকিব।


১৮সংখ্যক এছিয়ান-ইণ্ডিয়া সন্মিলনত এছিয়ান-ভাৰত কৌশলগত অংশীদাৰিত্ব পৰ্যালোচনা কৰা হ’ব আৰু ক’ভিড-১৯ তথা স্বাস্থ্য, বেপাৰ-বাণিজ্য, যোগাযোগ ব্যৱস্থা, শিক্ষা আৰু সংস্কৃতিকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰগতিৰ বুজ লোৱা হ’ব। দৰকাৰী আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত বৈঠকত আলোচনা হ’ব। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ নৱেম্বৰত ভাৰ্চুৱেলী অনুষ্ঠিত ১৭সংখ্যক এছিয়ান-ইণ্ডিয়া সন্মিলনতো অংশ লৈছিল। নৱমবাৰৰ বাবে তেওঁ এই সন্মিলনত উপস্থিত থাকিব।

ভৌগোলিক, ঐতিহাসিক আৰু সভ্যতাকেন্দ্ৰিক সম্পৰ্কৰ ভেটিক লৈ
এছিয়ান-ভাৰত কৌশলগত অংশীদাৰিত্ব নিৰ্মাণ হৈছে। আমাৰ এক্ট ইষ্ট পলিচী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিকোণৰ কেন্দ্ৰবিন্দু হ’ল এছিয়ান। ২০২২ বৰ্ষটো হ’ব এছিয়ান-ভাৰত সম্পৰ্কৰ ৩০ বৰ্ষপূৰ্তি।

ইফালে, প্ৰধানমন্ত্ৰীয়ে ২৭ অক্টোবৰ, ২০২১ত ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া ১৬সংখ্যক পূব এছিয়া সন্মিলনতো উপস্থিত থাকিব। পূব-এচিয়া সন্মিলন হ’ল ইণ্ডো-পেচিফিক অঞ্চলৰ আগশাৰীৰ নেতাসকলে নেতৃত্ব দিয়া এক গুৰুত্বপূৰ্ণ সন্মিলন। ২০০৫ত আৰম্ভ হোৱাৰে পৰা এই সন্মিলনে পূব এছিয়াৰ কৌশলগত আৰু ৰাজনৈতিক উত্থানত উল্লেখনীয় ভূমিকা পালন কৰি আছে। ১০খন এছিয়ান সদস্য দেশৰ বাহিৰে পূব এছিয়া সন্মিলনে ভাৰত, চীন, জাপান, কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক সাঙুৰি লয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi