পিএমএফএমই আঁচনিৰ অধীনত খাদ্য সংসাধন খণ্ডৰ ক্ষুদ্ৰ প্ৰকল্পৰ বাবে প্ৰায় ২৬ হাজাৰ হিতাধিকাৰীক ৭৭০ কোটি টকাৰো অধিক ঋণ সংযুক্ত সহায় প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

২৫ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড ফুড ইণ্ডিয়াৰ ২০২৫ সংস্কৰণত খাদ্য সংসাধন খণ্ড, খাদ্য বহনক্ষমতা আৰু পুষ্টিকৰ আৰু জৈৱিক খাদ্য উৎপাদনত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰা হ’ব।

ৱৰ্ল্ড ফুড ইণ্ডিয়াত প্ৰধানমন্ত্ৰী মাইক্ৰ’ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ (পিএমএফএমই) আঁচনিৰ অধীনত ২,৫১০ কোটিৰো অধিক মূল্যৰ খাদ্য সংসাধন খণ্ডৰ ক্ষুদ্ৰ প্ৰকল্পৰ বাবে প্ৰায় ২৬,০০০ হিতাধিকাৰীক ৭৭০ কোটি টকাৰো অধিক ঋণ সংযুক্ত সহায় আগবঢ়োৱা হ’ব।

ৱৰ্ল্ড ফুড ইণ্ডিয়াই চিইঅ’ ঘুৰণীয়া মেজমেল, কাৰিকৰী অধিবেশন, প্ৰদৰ্শনী আৰু বি টু বি (ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ), বি টু জি (ব্যৱসায়ৰ পৰা চৰকাৰলৈ) আৰু জি টু জি (চৰকাৰৰ পৰা চৰকাৰলৈ) বৈঠককে ধৰি একাধিক ব্যৱসায়িক পাৰস্পৰিক কাৰ্যসূতী অন্তৰ্ভুক্ত কৰিব। তদুপৰি, ফ্ৰান্স, জাৰ্মানী, ইৰাণ, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, ডেনমাৰ্ক, ইটালী, থাইলেণ্ড, ইণ্ডোনেছিয়া, টাইৱান, বেলজিয়াম, তাঞ্জানিয়া, ইৰিত্ৰিয়া, চাইপ্ৰাছ, আফগানিস্তান, চীন, আৰু আমেৰিকাকে ধৰি ২১খন প্ৰদৰ্শনীমূলক দেশৰ লগতে ১৫০ গৰাকী আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীকো প্ৰদৰ্শন কৰা হ’ব।

ৱৰ্ল্ড ফুড ইণ্ডিয়াই গ্ল’বেল ফুড প্ৰচেছিং হাব হিচাপে ভাৰত, খাদ্য সংসাধনৰ ক্ষেত্ৰত বহনক্ষমতা আৰু নেট জিৰ’, খাদ্য সংসাধনৰ সীমাবদ্ধতা, ভাৰতৰ পোহনীয়া জন্তুৰ খাদ্য উদ্যোগ, পুষ্টি আৰু স্বাস্থ্যৰ বাবে প্ৰচেছড খাদ্য, উদ্ভিদভিত্তিক খাদ্য, নিউট্ৰাচিউটিকেলছ, বিশেষ খাদ্য আদিকে ধৰি একাধিক বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত কৰিব। ইয়াত ১৪টা পেভিলিয়ন থাকিব, প্ৰতিটো পেভিলিয়ন নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে উৎসৰ্গিত আৰু ইয়াত প্ৰায় ১,০০,০০০ দৰ্শকক আকৰ্ষণ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future