২০০৩চনত তদানিন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে স্বাগত আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীয়ে
এয়া দেশৰ প্ৰথমটো প্ৰযুক্তিভিত্তিক অভিযোগ নিষ্পত্তি কাৰ্যসূচী
তেতিয়াৰ মুখ্যমন্ত্ৰী মোদীয়ে মানুহৰ সমস্যা সমাধানত প্ৰযুক্তিৰ সম্ভাৱনাৰ আগতীয়া উপলব্ধি প্ৰতিফলিত কৰিছে
স্বাগতৰ স্বকীয়তা হ’ল ই সাধাৰণ মানুহক তেওঁলোকৰ অভিযোগসমূহ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক জনোৱাত সহায় কৰে
ই দ্ৰুত, কাৰ্যক্ষম আৰু নিৰ্দিষ্ট সময়ত অভিযোগ নিষ্পত্তি নিশ্চিত কৰি জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰে
বৰ্তমানলৈকে ৯৯%তকৈ অধিক অভিযোগ নিষ্পত্তি কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ এপ্ৰিলৰ বিয়লি ৪ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটত স্বাগত পদক্ষেপৰ ২০বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ পূৰ্বৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। এই পদক্ষেপৰ সফলতাৰে ২০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে গুজৰাট চৰকাৰে স্বাগত সপ্তাহ উদযাপন কৰিছে।

২০০৩ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত SWAGAT (State Wide Attention on Grievances by Application of Technology) আৰম্ভ কৰিছিল। নিজৰ ৰাজ্যৰ জনসাধাৰণৰ সমস্যা সমাধান কৰাটো মুখ্যমন্ত্ৰীৰ সৰ্বোচ্চ দায়িত্ব বুলি বিশ্বাস কৰিয়েই তেওঁ এই কাৰ্যসূচী আৰম্ভ হৈছিল। এই সংকল্পৰ লগতে জীৱন-যাপনৰ সহজতা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ সম্ভাৱনাৰ আগতীয়া উপলব্ধি কৰি তেতিয়াৰ মুখ্যমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰযুক্তিভিত্তিক অভিযোগ নিষ্পত্তি কাৰ্যসূচী আৰম্ভ কৰে।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল নাগৰিক আৰু চৰকাৰৰ মাজত প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ দৈনন্দিন অভিযোগসমূহ দ্ৰুত, কাৰ্যক্ষম আৰু নিৰ্দিষ্ট সময়ত সমাধান কৰি সেতু হিচাপে কাম কৰা। সময়ৰ লগে লগে স্বাগত মানুহৰ জীৱনত এক পৰিৱৰ্তনশীল প্ৰভাৱ কঢ়িয়াই আনিলে আৰু কাগজবিহীন, স্বচ্ছ আৰু চাপমুক্তভাৱে কষ্ট লাঘৱৰ এক ফলপ্ৰসূ আহিলা হৈ পৰিল।

স্বাগতৰ স্বকীয়তা হ’ল ই সাধাৰণ মানুহক তেওঁলোকৰ অভিযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পোৱাত সহায় কৰে। প্ৰতি মাহৰ চতুৰ্থ বৃহস্পতিবাৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত মুখ্যমন্ত্ৰীয়ে অভিযোগ নিৰাময়ৰ বাবে নাগৰিকৰ সৈতে মত বিনিময় কৰে। অভিযোগৰ শীঘ্ৰে সমাধানৰ জৰিয়তে জনতা আৰু চৰকাৰৰ মাজৰ ব্যৱধান দূৰ কৰাত ই সহায়ক হৈ আহিছে। এই কাৰ্যসূচীৰ অধীনত প্ৰতিজন আবেদনকাৰীক সিদ্ধান্তৰ বিষয়ে অৱগত কৰাটো নিশ্চিত কৰা হয়। সকলো আবেদনৰ কাৰ্য্যবিধি অনলাইনত উপলব্ধ। আজিলৈকে দাখিল কৰা ৯৯%তকৈ অধিক অভিযোগ নিষ্পত্তি কৰা হৈছে।

স্বাগত অনলাইন কাৰ্যসূচীৰ চাৰিটা উপাদান আছে-ৰাজ্যিক স্বাগত, জিলা স্বাগত, তালুকা স্বাগত আৰু গ্ৰাম স্বাগত। ৰাজ্যিক স্বাগতৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিজেই ৰাজহুৱা শুনানিত অংশ লয়। জিলা উপায়ুক্তগৰাকীয়ে জিলা স্বাগতৰ দায়িত্বত থকাৰ বিপৰীতে মামলাতদাৰ আৰু এজন প্ৰথম শ্ৰেণীৰ বিষয়াই তালুকা স্বাগতৰ নেতৃত্ব দিয়ে। গ্ৰাম স্বাগতত প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ নাগৰিকে তালাতি/মন্ত্ৰীলৈ আবেদন দাখিল কৰে। এইবোৰ প্ৰতিকাৰৰ বাবে তালুকা স্বাগত কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও নাগৰিকৰ বাবে লোক ফৰিয়াদ কাৰ্যসূচীও কাৰ্যকৰী হৈ আছে য’ত তেওঁলোকে স্বাগত ইউনিটত অভিযোগ দাখিল কৰে।

স্বাগত অনলাইন কাৰ্যসূচীক বছৰ বছৰ ধৰি বিভিন্ন বঁটা প্ৰদান কৰি অহা হৈছে, য’ত ২০১০ চনত জনসেৱাত স্বচ্ছতা, জবাবদিহিতা আৰু সঁহাৰিৰ উন্নতিৰ বাবে ৰাষ্ট্ৰসংঘৰ লোকসেৱা বঁটাও প্ৰদান কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India

Media Coverage

Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Meets Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani
December 10, 2025

Prime Minister Shri Narendra Modi today met Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani.

During the meeting, the Prime Minister conveyed appreciation for the proactive steps being taken by both sides towards the implementation of the Italy-India Joint Strategic Action Plan 2025-2029. The discussions covered a wide range of priority sectors including trade, investment, research, innovation, defence, space, connectivity, counter-terrorism, education, and people-to-people ties.

In a post on X, Shri Modi wrote:

“Delighted to meet Italy’s Deputy Prime Minister & Minister of Foreign Affairs and International Cooperation, Antonio Tajani, today. Conveyed appreciation for the proactive steps being taken by both sides towards implementation of the Italy-India Joint Strategic Action Plan 2025-2029 across key sectors such as trade, investment, research, innovation, defence, space, connectivity, counter-terrorism, education and people-to-people ties.

India-Italy friendship continues to get stronger, greatly benefiting our people and the global community.

@GiorgiaMeloni

@Antonio_Tajani”

Lieto di aver incontrato oggi il Vice Primo Ministro e Ministro degli Affari Esteri e della Cooperazione Internazionale dell’Italia, Antonio Tajani. Ho espresso apprezzamento per le misure proattive adottate da entrambe le parti per l'attuazione del Piano d'Azione Strategico Congiunto Italia-India 2025-2029 in settori chiave come commercio, investimenti, ricerca, innovazione, difesa, spazio, connettività, antiterrorismo, istruzione e relazioni interpersonali. L'amicizia tra India e Italia continua a rafforzarsi, con grandi benefici per i nostri popoli e per la comunità globale.

@GiorgiaMeloni

@Antonio_Tajani