চলিত বৰ্ষত এই গ্ৰেণ্ড চুফী সংগীত উৎসৱৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে
আমিৰ খুছৰুউৰ উত্তৰাধিকাৰ উদযাপনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক একত্ৰিত কৰিছে এই ফেষ্টিভেলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭:৩০ বজাত নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত হ’বলগীয়া বৃহৎ চুফী সংগীত উৎসৱ জাহান-ই-খুছৰাউ ২০২৫ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বৈচিত্ৰময় কলা-সংস্কৃতিক প্ৰচাৰৰ প্ৰবল সমৰ্থক হিচাপে কাম কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি তেওঁ জাহান-ই-খুছৰাউত অংশগ্ৰহণ কৰিব যিটো চুফী সংগীত, কবিতা, আৰু নৃত্যৰ প্ৰতি উৎসৰ্গিত এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক একত্ৰিত কৰি আমিৰ খুছৰাউৰ উত্তৰাধিকাৰ উদযাপন কৰিব। ৰুমী ফাউণ্ডেচনৰ উদ্যোগত ২০০১ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী মুজাফ্ফৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱ চলিত বৰ্ষত ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব আৰু ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে টি ই এইচ বজাৰ (টি ই এইচ- দ্য এক্সপ্ল’ৰেশ্যন অৱ দ্য হেণ্ডমেড)ও পৰিদৰ্শন কৰিব য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৱান ডিষ্ট্ৰিক্ট-ৱান প্ৰডাক্টৰ শিল্পকৰ্ম আৰু অন্যান্য বিভিন্ন সুন্দৰ শিল্পকৰ্ম, হস্তশিল্প আৰু হাতৰ তাঁতশালৰ ওপৰত চুটি ছবি আদিৰ লগতে আন বহুতো সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi