এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে 'পালখী'ৰ বাবে সমৰ্পিত পদপথ নিৰ্মাণ কৰা হ'ব
প্ৰধানমন্ত্ৰীয়ে পণ্ঢৰপুৰলৈকে যাতায়াত সুগম কৰাৰ উদ্দেশ্যে একাধিক পথ পৰিকল্পনা ৰাষ্ট্ৰক সমৰ্পিত কৰিব

ভক্তসকলৰ পণ্ঢৰপুৰলৈ যাতায়াত সুগম কৰি তোলাৰ প্ৰয়াসৰ জৰিয়তে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰ, ২০২১ত দিনৰ ৩-৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে শ্ৰী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গ (এনএইচ-৯৬৫)ৰ পাঁচটা খণ্ড আৰু শ্ৰী সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গ (এনএইচ-৯৬৫জি)ৰ তিনিটা খণ্ডক চাৰি লেন বনোৱা কামৰ আধাৰশিলা স্থাপন কৰিব। এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে 'পালখী'ৰ বাবে সমৰ্পিত পদপথ নিৰ্মাণ কৰা হ'ব, যাৰ ফলত ভক্তসকলে সুচল আৰু সুৰক্ষিত পথ লাভ কৰিব।

 

সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মাৰ্গৰ দিৱেঘাটৰ পৰা মোহোললৈকে প্ৰায় ২২১ কিলোমিটাৰ দীঘল খণ্ড আৰু সন্ত তুকাৰাম মহাৰাজ পালখী মাৰ্গৰ পতসৰ পৰা টোন্দলে-বোন্দলেলৈকে প্ৰায় ১৩০ কিলোমিটাৰ দীঘল খণ্ডক চাৰি লেনৰ বনোৱা হ'ব। চাৰি লেনযুক্ত এই খণ্ডসমূহৰ দুয়োফালে 'পালখী'ৰ বাবে সমৰ্পিত পদপথ বনোৱা হ'ব। এই চাৰি লেন আৰু সমৰ্পিত পদপথৰ আনুমানিক ব্যয় ক্ৰমে ৬৬৯০ কোটি টকা আৰু প্ৰায় ৪৪০০ কোটি টকাতকৈ অধিক হ'ব।

 

এই কাৰ্যক্ৰমৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে পণ্ঢৰপুৰলৈকে যাতায়াত সুগম কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ২২৩ কিলোমিটাৰতকৈ অধিক দীঘল পূৰ্ণ নিৰ্মিত তথা উন্নত পথ পৰিকল্পনাও ৰাষ্ট্ৰক সমৰ্পিত কৰিব। এই পথ পৰিকল্পনাসমূহৰ আনুমানিক ব্যয় ১১৮০ কোটি টকাতকৈ অধিক। এই পৰিকল্পনাসমূহৰ ভিতৰত মহেশ্বৰ-পিলীৱ-পণ্ঢৰপুৰ (এনএইচ-৫৪৮ই), কুৰ্দুৱাড়ী-পণ্ঢৰপুৰ (এনএইচ-৯৬৫চি), পণ্ঢৰপুৰ-সংগোলা (এনএইচ-৯৬৫চি) এনএইচ ৫৬১এৰ তেম্ভুৰনী-পণ্ঢৰপুৰ খণ্ড আৰু এনএইচ-৫৬১এৰ পণ্ঢৰপুৰ-মংগলৱেঢা-উমাডী খণ্ড অন্তৰ্ভুক্ত আছে।

 

এই উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥