ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিব দবা অলিম্পিয়াড
দবা অলিম্পিয়াডত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন অলিম্পিকৰ দৰে শিখা দৌৰ
ভাৰতৰ পৰা আৰম্ভ হ’ব দবা অলিম্পিয়াডৰ ভৱিষ্যতৰ সকলো শিখা দৌৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব।

এই বছৰ প্ৰথমবাৰৰ বাবে অলিম্পিক পৰম্পৰাৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় দবা সংস্থা ফিডেই দবা অলিম্পিয়াডৰ শিখা দৌৰ আৰম্ভ কৰিছে, যিটো দবা অলিম্পিয়াডত পূৰ্বতে কেতিয়াও কৰা হোৱা নাছিল। দবা অলিম্পিয়াড শিখা দৌৰ উলিওৱা ভাৰত হৈছে প্ৰথমখন দেশ। উল্লেখযোগ্য যে দবাৰ ভাৰতীয় শিপাক অধিক উচ্চতালৈ লৈ গৈ দবা অলিম্পিয়াডৰ বাবে শিখা দৌৰৰ এই পৰম্পৰা এতিয়াৰে পৰা সদায় ভাৰতত আৰম্ভ হ’ব আৰু আয়োজক দেশত উপনীত হোৱাৰ আগতে সকলো মহাদেশ ভ্ৰমণ কৰিব।

ফিডেৰ সভাপতি আৰ্কাডি ভ’ৰকোভিচে প্ৰধানমন্ত্ৰীক শিখা অৰ্পণ কৰিব, ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ হাতত শিখা তুলি দিব। ইয়াৰ পিছত চেন্নাইৰ সমীপৰ মহাৱলীপুৰমত উপনীত হোৱাৰ পূৰ্বে ৪০ দিনৰ ভিতৰত এই শিখা ৭৫খন চহৰলৈ লৈ যোৱা হ’ব। প্ৰতিটো স্থানতে ৰাজ্যৰ দবা গ্ৰেণ্ডমাষ্টাৰসকলে শিখা লাভ কৰিব৷

৪৪সংখ্যক দবা অলিম্পিয়াড ২৮ জুলাইৰ পৰা ১০ আগষ্ট, ২০২২লৈ চেন্নাইত অনুষ্ঠিত হ’ব৷ ১৯২৭ চনৰ পৰা অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাখনি ভাৰতত প্ৰথমবাৰলৈ আৰু ৩০ বছৰৰ পাছত এছিয়াত অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাত ১৮৯খন দেশে অংশগ্ৰহণ কৰিছে, যিটো পূৰ্বতে অনুষ্ঠিত সকলো দবা অলিম্পিয়াডৰ ভিতৰতে সৰ্বাধিক৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy