প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টয়কাথন-২০২১ ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

২০২১ ৰ ৫ জানুৱাৰীত শিক্ষা মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ (WCD) মন্ত্ৰালয়, এমএছএমই মন্ত্ৰালয়, ডিপিআইআইটি, বস্ত্ৰ মন্ত্ৰালয়, তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয় আৰু এআইচিটিই এ যুটীয়াভাৱে উদ্ভাৱনী খেলনা আৰু খেলৰ ধাৰণাসমূহৰ অৰ্থে টয়কাথন-২০২১ ৰ শুভাৰম্ভ কৰিছিল। সমগ্ৰ ভাৰতৰ প্ৰায় ১.২ লাখ অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছিল আৰু টয়কাথন-২০২১ ৰ অৰ্থে ১৭০০০ ৰোধিক ধাৰণা আগবঢ়াইছিল, ইয়াৰ ভিতৰত ২২ জুনৰপৰা ২৪ জুনলৈ অনুষ্ঠিত হোৱা ১৫৬৭ টা ধাৰণাক তিনি দিনীয়া অনলাইন টয়কাথন গ্ৰেণ্ড ফিনালেৰ অৰ্থে সংক্ষিপ্ত তালিকাভুক্ত কৰা যায়। ক’ভিড-১৯ ৰ বাধ্যবাধকতাসমূহৰ বাবে, এই গ্ৰেণ্ড ফিনালেত ডিজিটেল টয় আইডিয়াৰ বাবে টীম থাকিব, ইয়াৰ বিপৰীতে নন-ডিজিটেল টয় ধাৰণাৰ বাবে পৃথক বাস্তৱিক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব।

ভাৰতৰ ঘৰুৱা বজাৰ তথা বৈশ্বিক খেলনা বজাৰখনে আমাৰ মেনুফেক্সাৰিং খণ্ডটোলৈ বৃহৎ সুযোগ আগবঢ়াইছে। টয়কাথন-২০২১ ৰ লক্ষ্য হৈছে খেলনা বজাৰখনৰ বিস্তৃত শ্বেয়াৰ অধিগ্ৰহণৰ অৰ্থে ভাৰতৰ খেলনা উদ্যোগটোক উদ্দীপনা যোগোৱা।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়েও ভাগ ল’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi