প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰৰ পুৱা ১০.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ ষ্ট্ৰীট ভেণ্ড’ৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনিৰ উপভোক্তাৰ সৈতে মতবিনিময় কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকিব।

মহামাৰী কৰ’না ভাইৰাছত ক্ষতিগ্ৰস্ত দৰিদ্ৰ পদপথৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ড’ৰ্ছ আত্মনিৰ্ভৰ নিধি (পিএম এছভিএনিধি)আঁচনি মুকলি কৰা হৈছিল ১জুন,২০২০ত। এইপৰ্যন্ত আঁচনিৰ অধীনত প্ৰায় ২৪ লাখ আবেদন গ্ৰহণ কৰা হৈছে। ইয়াৰে ১২লাখৰো অধিক আবেদনত অনুমোদন জনোৱা হৈছে আৰু প্ৰায় ৫.৩৫লাখ ঋণ বিতৰণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৬লাখৰো অধিক পদপথৰ ব্যৱসায়ীয়ে ঋণৰ বাবে আবেদন জনাইছে আৰু ইয়াৰে প্ৰায় ৩.২৭ লাখ আবেদনত অনুমোদন জনোৱাৰ লগতে ১.৮৭ লাখ ঋণ বিতৰণ কৰা হৈছে।

এই মতবিনিময় উত্তৰ প্ৰদেশ ৰাজ্যৰ পিএম এছভিএনিধি আঁচনিৰ উপভোক্তাই প্ৰত্যক্ষ কৰিব পাৰিব। অনুষ্ঠানটো ডিডি নিউজতো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi