দেশত এক ধ্বজাবাহী বিশ্ব সাংস্কৃতিক পদক্ষেপ গঢ়ি তোলা আৰু প্ৰতিষ্ঠানিকৰণৰ
বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আইএএডিবিৰ আয়োজন কৰা হৈছে
আইএএডিবিৰ সময়ত সপ্তাহৰ প্ৰতিটো দিনতে প্ৰদৰ্শিত হ’ব বিভিন্ন বিষয়ভিত্তিক প্ৰদৰ্শনী
লালকিল্লাত আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন (এবিচিডি) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
‘ভোকেল ফৰ লোকেল’ৰ দৃষ্টিভংগী শক্তিশালী কৰি, এবিচিডিয়ে নতুন ডিজাইন আৰু উদ্ভাৱনৰ দ্বাৰা শিল্পী সম্প্ৰদায়সমূহক সবলীকৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে উদ্বোধন কৰিব সমুন্নতি–শিক্ষাৰ্থী বাইনেলো উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৮ ডিচেম্বৰ, বিয়লি প্ৰায় ৪ বজাত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন বাইনেল (আইএএডিবি)-২০২৩ উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন আৰু শিক্ষাৰ্থী বাইনেল-সমুন্নতিও উদ্বোধন কৰিব।

ভেনিচ, চাও পাউলো, ছিংগাপুৰ, ছিডনী আৰু শ্বাৰজাহ আদি দেশত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাইনেলৰ দৰে দেশখনত এক ধ্বজাবাহী বিশ্ব সাংস্কৃতিক পদক্ষেপ গঢ়ি তোলা আৰু প্ৰতিষ্ঠানিকৰণ কৰাটো প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আছিল। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সংগ্ৰহালয়সমূহ পুনৰ উদ্ভাৱন, পুনৰ ব্ৰেণ্ডিং, সংস্কাৰ আৰু পুনৰ স্থাপনৰ বাবে দেশজোৰা অভিযান আৰম্ভ কৰা হৈছিল। ইয়াৰ উপৰিও ভাৰতৰ পাঁচখন চহৰ ক্ৰমে কলকাতা, দিল্লী, মুম্বাই, আহমেদাবাদ আৰু বাৰাণসীত সাংস্কৃতিক স্থানৰ উন্নয়নৰ কথাও ঘোষণা কৰা হয়। ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন বাইনেল (আইএএডিবি) দিল্লীৰ সাংস্কৃতিক স্থানৰ পৰিচয় হিচাপে কাম কৰিব।

নতুন দিল্লীৰ লালকিল্লাত ৯ৰ পৰা ১৫ ডিচেম্বৰলৈ আইএএডিবিৰ আয়োজন কৰা হৈছে। তদুপৰি, শেহতীয়াকৈ আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপ’ (মে’, ২০২৩) আৰু গ্ৰন্থাগাৰ মহোৎসৱ (আগষ্ট, ২০২৩)ৰ দৰে মূল পদক্ষেপসমূহো অনুসৰণ কৰা হৈছে। সাংস্কৃতিক আলোচনাক শক্তিশালী কৰিবলৈ শিল্পী, স্থপতিবিদ, ডিজাইনাৰ, ফটোগ্ৰাফাৰ, সংগ্ৰাহক, পেছাদাৰী শিল্প আৰু জনসাধাৰণৰ মাজত এক সামগ্ৰিক বাৰ্তালাপ আৰম্ভ কৰিবলৈ আইএএডিবিৰ ডিজাইন কৰা হৈছে। তদুপৰি, ই বিকশিত অৰ্থনীতিৰ অংশ হিচাপে শিল্প, স্থাপত্য আৰু ডিজাইন প্ৰস্তুতকৰ্তাসকলৰ সৈতে সম্প্ৰসাৰণ আৰু সহযোগিতা কৰাৰ পথ আৰু সুযোগ প্ৰদান কৰিব।

আইএএডিবিয়ে সপ্তাহৰ প্ৰতিটো দিনতে বিভিন্ন বিষয়ভিত্তিক প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবঃ

• প্ৰথম দিন: প্ৰৱেশ—ৰীতি: ভাৰতৰ দুৱাৰ

• দ্বিতীয় দিন: বাঘ ই বাহাৰ: বিশ্বব্ৰহ্মাণ্ড হিচাপে বাগিচা: ভাৰতৰ বাগিচা

• তৃতীয় দিন: সম্প্ৰবাহঃ সম্প্ৰদায়ৰ সংগম: ভাৰতৰ বাওলি

• চতুৰ্থ দিন: স্থাপত্য: এণ্টি ফ্ৰেজিল এলগৰিদম: ভাৰতৰ মন্দিৰ

• পঞ্চম দিন: বিস্ময়: সৃষ্টিশীল ক্ৰছঅভাৰ: স্বাধীন ভাৰতৰ আশ্চৰ্য্যকৰ স্থাপত্য

• ষষ্ঠ দিন: দেশজ ভাৰত ডিজাইন: থলুৱা ডিজাইন

• সপ্তম দিন: সমত্ব: নিৰ্মাণক আকৃতি প্ৰদানঃ স্থাপত্যত মহিলাক উদযাপন কৰা

আইএএডিবিত ওপৰৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পেভিলিয়ন, পেনেল আলোচনা, কলা কৰ্মশালা, কলা বজাৰ, ঐতিহ্য ভ্ৰমণ আৰু সমান্তৰালভাৱে শিক্ষাৰ্থীৰ বাইনেল অন্তৰ্ভুক্ত কৰা হ’ব। ললিত কলা একাডেমীৰ শিক্ষাৰ্থী বাইনেল (সমুন্নতি)-এ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ কাম প্ৰদৰ্শন কৰাৰ, সমনীয়া আৰু পেছাদাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ আৰু ডিজাইন প্ৰতিযোগিতা, ঐতিহ্য প্ৰদৰ্শন, ইনষ্টলেচন ডিজাইন, কৰ্মশালা আদিৰ জৰিয়তে স্থাপত্য সম্প্ৰদায়ৰ ভিতৰত মূল্যৱান পৰিচয় লাভ কৰাৰ সুযোগ প্ৰদান কৰিব। আইএএডিবি ২৩ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হ’ব, কাৰণ ই ভাৰতক বাইনেলৰ পৰিৱেশত প্ৰৱেশৰ পুৰ্বানুমান প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীৰ ‘ভোকেল ফৰ লোকেল’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি লালকিল্লাত ‘আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন’ স্থাপন কৰা হৈছে। ইয়াত ভাৰতৰ অনন্য আৰু থলুৱা শিল্পকৰ্মসমূহ প্ৰদৰ্শন কৰা হ’ব আৰু কাৰিকৰ আৰু ডিজাইনাৰসকলৰ মাজত সহযোগিতামূলক স্থান প্ৰদান কৰা হ’ব। বহনক্ষম সাংস্কৃতিক অৰ্থনীতিৰ পথ প্ৰশস্ত কৰি ই শিল্পী সম্প্ৰদায়সমূহক নতুন ডিজাইন আৰু উদ্ভাৱনৰ দ্বাৰা সবলীকৰণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Film Awards 2026 To Move Out Of Delhi For First Time In 72 Years, Gujarat To Host Ceremony

Media Coverage

National Film Awards 2026 To Move Out Of Delhi For First Time In 72 Years, Gujarat To Host Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Dr. Bhupen Hazarika on his 100th birth anniversary
September 08, 2026

The Prime Minister, Shri Narendra Modi, paid tribute to legendary Dr. Bhupen Hazarika on his 100th birth anniversary.

The Prime Minister said that Dr. Bhupen Hazarika’s voice carried the soul of Assam and the spirit of the Northeast to the entire nation. He noted that through his music, Dr. Hazarika beautifully gave expression to the thoughts and spirit of countless people and brought people closer.

Shri Modi warmly recalled attending the beginning of Dr. Hazarika’s birth centenary celebrations in Guwahati last year.

The Prime Minister said that Bhupen Da’s life and work will continue to inspire generations.

The Prime Minister wrote on X;

“On his 100th birth anniversary, remembering the legendary Dr. Bhupen Hazarika Ji.

His voice carried the soul of Assam and the spirit of the Northeast to the entire nation.

Through his music he beautifully gave expression to the thoughts and spirit of countless people. His songs brought people closer.

I warmly recall attending the start of his birth centenary celebrations in Guwahati last year. Bhupen Da’s life and work will continue to inspire generations.”