সন্মিলনৰ বিষয়বস্তু: বহনক্ষম কৃষি-খাদ্য প্ৰণালীৰ দিশত পৰিৱৰ্তন
ই ডিজিটেল কৃষি আৰু বহনক্ষম কৃষি-খাদ্য প্ৰণালীৰ অগ্ৰগতিকে ধৰি ভাৰতৰ কৃষি প্ৰগতি প্ৰদৰ্শন কৰিব
সন্মিলনত প্ৰায় ৭৫ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৩ আগষ্টত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰ (এনএএছচি) ভৱনত পুৱা প্ৰায় ৯.৩০ বজাত কৃষি অৰ্থনীতিবিদসকলৰ ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

আন্তৰ্জাতিক কৃষি অৰ্থনীতিবিদ সংস্থাৰ দ্বাৰা আয়োজিত ত্ৰিবাৰ্ষিক সন্মিলনখন ০২ ৰ পৰা ০৭ আগষ্ট ২০২৪ লৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কৃষি অৰ্থনীতিবিদসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন ৬৫ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব।

এই বছৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে, "বহনক্ষম কৃষি-খাদ্য প্ৰণালীৰ দিশত পৰিৱৰ্তন।" ইয়াৰ উদ্দেশ্য হৈছে জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, বৰ্ধিত উৎপাদন ব্যয় আৰু সংঘাতৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বহনক্ষম কৃষিৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ মোকাবিলা কৰা। এই সন্মিলনত গোলকীয় কৃষি প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ সক্ৰিয় দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হ'ব আৰু কৃষি গৱেষণা আৰু নীতিৰ ক্ষেত্ৰত দেশৰ উন্নতি প্ৰদৰ্শন কৰা হ'ব।

কৃষি অৰ্থনীতিবিদসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন ২০২৪য়ে যুৱ গৱেষক আৰু আগশাৰীৰ পেছাদাৰীসকলৰ বাবে তেওঁলোকৰ কাৰ্যাৱলী আৰু নেটৱৰ্ক গোলকীয় সহকৰ্মীসকলৰ সৈতে উপস্থাপন কৰাৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব। ইয়াৰ উদ্দেশ্য হৈছে গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ মাজত অংশীদাৰীত্ব শক্তিশালী কৰা, ৰাষ্ট্ৰীয় তথা গোলকীয় দুয়োটা স্তৰতে নীতি নিৰ্ধাৰণ প্ৰভাৱিত কৰা, লগতে ডিজিটেল কৃষি আৰু বহনক্ষম কৃষি-খাদ্য প্ৰণালীৰ অগ্ৰগতিকে ধৰি ভাৰতৰ কৃষি প্ৰগতি প্ৰদৰ্শন কৰা। সন্মিলনখনত ৭৫ খন দেশৰ প্ৰায় ১,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2026
March 30, 2026

Mann Ki Baat to Mission Mode: How PM Modi's Initiatives Spark Hope in Health, Innovation, Security & Nature