কৰ্তব্য ভৱনে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক একত্ৰিত কৰি দক্ষতা, উদ্ভাৱন তথা সহযোগিতাক সম্প্ৰসাৰিত কৰিব
নতুন ভৱনটোৱে আধুনিক প্ৰশাসনিক আন্তঃগাঁথনিৰ অনন্য উদাহৰণ দাঙি ধৰিব
ই শূন্য নিৰ্গমন আৱৰ্জনা ব্যৱস্থাপনা, ঘৰৰ ভিতৰতে কঠিন আৱৰ্জনাৰ প্ৰক্ৰিয়াকৰণ আৰু পুনঃব্যৱহৃত নিৰ্মাণ সামগ্ৰীৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সচেতনতাক প্ৰসাৰিত কৰিব
শক্তিৰ কাৰ্যক্ষমতা আৰু জল ব্যৱস্থাপনাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্টৰ দিনা দিনৰ ১২:১৫ বজাত দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন পৰিদৰ্শন কৰিব আৰু ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কৰ্তব্য পথৰ  ৰাজহুৱা কাৰ্যসূচীত ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উদ্বোধন কৰিবলগীয়া কৰ্তব্য ভৱন

প্ৰধানমন্ত্ৰীৰ আধুনিক, দক্ষ আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ দৃষ্টিভংগীৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। উদ্বোধন কৰিবলগীয়া কৰ্তব্য ভৱন - ০৩ কেন্দ্ৰীয় ভিষ্টাৰ বিস্তৃত সম্প্ৰসাৰণৰে এক অংশ। প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিবলৈ আৰু সক্ৰিয়  শাসন ব্যৱস্থাক সক্ষম কৰি তোলাৰ  লক্ষ্যৰে আগন্তুক দিনত স্থাপন কৰিবলগীয়া কেইবাটাও   সাধাৰণ কেন্দ্ৰীয় সচিবালয়ৰ ভৱনৰ ভিতৰত এয়া হ'ব  প্ৰথমো ভৱন।

এই প্ৰকল্পটোৱে চৰকাৰৰ বহল প্ৰশাসনিক সংস্কাৰৰ কাৰ্যসূচীক সামৰি লৈছে। মন্ত্ৰালয়সমূহক সহযোগীভাৱে স্থাপন কৰি আৰু অত্যাধুনিক আন্তঃগাঁথনি গ্ৰহণ কৰি সাধাৰণ কেন্দ্ৰীয় সচিবালয়ে আন্তঃমন্ত্ৰালয়ৰ সমন্বয় উন্নত কৰিব, নীতি নিষ্পাদন প্ৰক্ৰিয়াক  ত্বৰান্বিত কৰিব আৰু কাৰ্যক্ষেত্ৰত সঁহাৰি জনোৱা প্ৰশাসনিক পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তুলিব। 

বৰ্তমান বহু   গুৰুত্বপপূৰ্ণ  মন্ত্ৰালয়ে ১৯৫০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত নিৰ্মিত শাস্ত্ৰী ভৱন, কৃষি ভৱন, উদ্যোগ ভৱন  আৰু নিৰ্মাণ ভৱনৰ দৰে পুৰণি  ভৱনৰ  পৰা কাম কৰি আহিছে।   যিবোৰ ভৱন এতিয়া পুৰণি হৈ পৰিছে। নতুন কৰ্তব্য ভৱন  পুৰণি ভৱনসমূহৰ মেৰামতি তথা ৰক্ষণাবেক্ষণৰ খৰচ হ্ৰাস কৰিব, উৎপাদনশীলতা বৃদ্ধি কৰিব, কৰ্মচাৰীৰ কল্যাণ সাধন কৰিব আৰু সামগ্ৰিকভাবে  সেৱা প্ৰদান প্ৰক্ৰিয়াক অধিক গতিশীল কৰি তুলিব।

 

কৰ্তব্য ভৱন - ০৩-এ বৰ্তমান সমগ্ৰ দিল্লীত সিঁচৰতি হৈ থকা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহক একত্ৰিত কৰি দক্ষতা, উদ্ভাৱন আৰু সহযোগিতাক সম্প্ৰসাৰিত কৰিব । ই দুটা বেছমেণ্ট আৰু সাতটা মহলা (গ্ৰাউণ্ড + ৬ মহলা)ত নিৰ্মিত  প্ৰায় ১.৫ লাখ বৰ্গমিটাৰ এলেকাত বিস্তৃত এক অত্যাধুনিক কাৰ্যালয় প্ৰকল্প। ইয়াত গৃহ পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন, এমএছএমই, ডিঅ’পিটি, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা  প্ৰধান বৈজ্ঞানিক উপদেষ্টা (পিএছএ)ৰ মন্ত্ৰালয়/বিভাগৰ কাৰ্যালয় থাকিব।

নতুন ভৱনটোৱে আধুনিক তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ হব আৰু সুৰক্ষিত কৰ্মক্ষেত্ৰ, আইডি কাৰ্ড ভিত্তিক প্ৰৱেশ নিয়ন্ত্ৰণ, সংহত ইলেক্ট্ৰনিক তদাৰকী  আৰু কেন্দ্ৰীভূত কমাণ্ড চিষ্টেমৰ বৈশিষ্ট্যযুক্ত আধুনিক শাসন আন্তঃগাঁথনিক  সামৰি ল'ব। ইয়াৰ উপৰি  ই বহনক্ষমতাৰ ক্ষেত্ৰতো নেতৃত্ব দিব, ডাবল-গ্লেজযুক্ত ফেচেডছ,  ছাদৰ ওপৰৰ সৌৰশক্তি, সৌৰশক্তিৰে  পানী গৰম কৰাৰ ব্যৱস্থা, উন্নত এইচভিএচি (হিটিং, ভেন্টিলেচন, আৰু এয়াৰ কণ্ডিচনাৰ) ব্যৱস্থা  আৰু বৰষুণৰ পানী সংগ্ৰহৰ সৈতে গৃহ-৪ ৰেটিং ইয়াত অন্তৰ্ভুক্ত থাকিব। এই সুবিধাই শূন্য নিৰ্গমন আৱৰ্জনা ব্যৱস্থাপনা, ঘৰৰ ভিতৰতে কঠিন আৱৰ্জনাৰ প্ৰক্ৰিয়াকৰণ, ই-বাহন চাৰ্জিং ষ্টেচন   আৰু পুনঃব্যৱহৃত নিৰ্মাণ সামগ্ৰীৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সচেতনতাক প্ৰসাৰিত কৰিব।

 

শূন্য নিৰ্গমন চৌহদ  হিচাপে কৰ্তব্য ভৱনত পানীৰ প্ৰয়োজনীয়তাৰ এটা ডাঙৰ অংশ পূৰণৰ বাবে বর্জ্য পানী পৰিশোধন আৰু পুনৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা ৰখা হৈছে। এই ভৱনটোত পকীকৰণৰ কাম আৰু পকীকৰণৰৰ সময়ত  ব্লকত পুনঃব্যৱহৃত আৱৰ্জনা,   ব্যৱহাৰ কৰা মাটি আৰু গাঁথনিগত আৱৰ্জনাৰ বোজা হ্ৰাস কৰিবলৈ ঘৰুৱা কঠিন আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা আছে।

 

৩০% কম শক্তি ব্যৱহাৰ কৰিব পৰাকৈ এই অট্টালিকাটোৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ইয়াত বিশেষভাবে নিৰ্মিত   কাঁচৰ খিৰিকী আছে,   যাতে অট্টালিকাটো শীতল হৈ থাকে আৰু বাহিৰৰ শব্দ কমকৈ প্ৰৱেশ কৰে।  শক্তি ৰাহি কৰা এল ই ডি লাইট, প্ৰয়োজন নহ’লে লাইট বন্ধ কৰা চেন্সৰ, শক্তি ৰাহি কৰা স্মাৰ্ট লিফ্ট   আৰু বিদ্যুতৰ ব্যৱহাৰ পৰিচালনাৰ বাবে থকা এটা উন্নত ব্যৱস্থাই শক্তি ৰাহি কৰাত সহায় কৰিব। কৰ্তব্য ভৱন - ০৩ৰ চাদত ছ’লাৰ পেনেলৰ দ্বাৰা প্ৰতি বছৰে ৫.৩৪ লাখ ইউনিটতকৈ অধিক বিদ্যুৎ উৎপাদন কৰা  হ’ব। সৌৰশক্তিৰে পানী গৰম কৰা যন্ত্ৰই দৈনিক গৰম পানীৰ প্ৰয়োজনীয়তাৰ এক চতুৰ্থাংশতকৈও অধিক পূৰণ কৰিব। ইয়াত বৈদ্যুতিক বাহনৰ বাবে চাৰ্জিং ষ্টেচনৰো ব্যৱস্থা ৰখা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
States benefit from GST reform

Media Coverage

States benefit from GST reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”