প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত খণ্ড-নেতৃত্বাধীন গৱেষণা আৰু উন্নয়ন (R&D) বাতাবৰণক সুদৃঢ়কৰণৰ বাবে ১ লাখ কোটি টকাৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ শুভাৰম্ভ কৰিব
এই কনক্লেভত শৈক্ষিক মহল, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ ৩,০০০-ৰো অধিক অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব
আলোচনাৰ বাবে এআই, জৈৱ-উৎপাদন, ইলেক্ট্ৰনিক্স আৰু অৰ্ধপৰিবাহী উৎপাদন, উদীয়মান কৃষি প্ৰযুক্তি, কোৱান্টাম বিজ্ঞান আদিকে প্ৰমুখ্য কৰি ১১ টা মূল বিষয়ভিত্তিক ক্ষেত্ৰ ধাৰ্য্য কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।

দেশৰ গৱেষণা আৰু উন্নয়ন (R&D) বাতাবৰণক ব্যাপক উদ্দীপনা যোগাই প্ৰধানমন্ত্ৰীয়ে ১ লাখ কোটি টকাৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনি পুঁজিৰ শুভাৰম্ভ কৰিব। এই আঁচনিৰ লক্ষ্য হৈছে দেশৰ ব্যক্তিগত খণ্ড–চালিত গৱেষণা আৰু উন্নয়ন বাতাবৰণক প্ৰসাৰিত কৰা।

৩–৫ নৱেম্বৰত এই সন্মিলন অনুষ্ঠিত হ’ব। ইয়াত নোবেল বঁটা বিজয়ী, বিশিষ্ট বিজ্ঞানী, উদ্ভাৱক আৰু নীতি-নিৰ্ধাৰকসকলকে প্ৰমুখ্য কৰি শৈক্ষিক মহল, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ ৩,০০০-ৰো অধিক অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব। উন্নত সামগ্ৰী আৰু উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ-উৎপাদন, সুনীল অৰ্থনীতি, ডিজিটেল যোগাযোগ, ইলেক্ট্ৰনিক্স আৰু অৰ্ধপৰিবাহী উৎপাদন, উদীয়মান কৃষি প্ৰযুক্তি, শক্তি, পৰিবেশ আৰু জলবায়ু, স্বাস্থ্য আৰু চিকিৎসা প্ৰযুক্তি, কোৱান্টাম বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ প্ৰযুক্তিকে প্ৰমুখ্য কৰি ১১ টা মূল বিষয়ভিত্তিক ক্ষেত্ৰত আলোচনা কৰা হ’ব।

এই সন্মিলনত আগশাৰীৰ বিজ্ঞানীসকলৰ আলোচনা, পেনেল আলোচনা, প্ৰেজেনটেচন আৰু প্ৰযুক্তি প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বাতাবৰণক সুদৃঢ়কৰণৰ অৰ্থে গৱেষক, উদ্যোগ আৰু যুৱ উদ্ভাৱকসকলৰ মাজত সহযোগিতাৰ এখনি মঞ্চ প্ৰশস্ত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi