প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ দিনৰ প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ আধ্যাত্মিক আৰু নীতিবান ব্যক্তিত্ব নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব। তেখেতে লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

১৯২৫-ৰ ১২ মাৰ্চত মহাত্মা গান্ধীৰ ভ্ৰমণৰ সময়ত শিৱগিৰি মঠত সম্পন্ন হোৱা এই ঐতিহাসিক কথোপকথনত ভাইকম সত্যাগ্ৰহ, ধৰ্মান্তৰকৰণ, অহিংসা, অস্পৃশ্যতা বৰ্জন, মোক্ষ লাভ, নিপীড়িত লোকৰ উত্থান আদিত আলোকপাত কৰা হৈছিল।

শ্ৰী নাৰায়ণ ধৰ্ম সংঘম ট্ৰাষ্টৰ উদ্যোগত আয়োজিত এই উদযাপন কাৰ্য্যসূচীত আধ্যাত্মিক নেতা আৰু আন-আন সদস্যসকলক একত্ৰিতকৰণেৰে ভাৰতৰ সামাজিক আৰু নৈতিক কাঠামো গঢ়া উক্ত দূৰদৰ্শী আলোচনা সন্দৰ্ভত চিন্তা-চৰ্চা আৰু ইয়াক স্মৰণ কৰা হ’ব। এই পদক্ষেপ গ্ৰহণেৰে নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধী উভয়েই পোষকতা কৰা সামাজিক ন্যায়, ঐক্য আৰু আধ্যাত্মিক সম্প্ৰীতিৰ সহভাজিত দৃষ্টিভংগীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদনৰ প্ৰয়াস কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India brought the lion back from the brink: In Union minister Bhupender Yadav's words

Media Coverage

How India brought the lion back from the brink: In Union minister Bhupender Yadav's words
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat