বিথিকাত স্বাধীনতা সংগ্ৰামত বিপ্লৱীসকলে আগবঢ়োৱা অৱদানৰ স্বাক্ষৰ প্ৰদৰ্শিত হ’ব
এয়া হ’ব ১৯৪৭ চন পৰ্যন্ত সংঘটিত ঘটনাক্ৰমৰ সম্যক ৰূপৰেখা প্ৰদৰ্শনৰ প্ৰয়াস

অহা ২৩ মাৰ্চত অনুষ্ঠিতব্য ‘শ্বহীদ দিৱসৰ দিনা’ আবেলি ৬ বাজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উক্ত অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণো প্ৰদান কৰিব।

বিথিকাত বিপ্লৱীসকলে স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অস্ত্ৰৰে আগবঢ়োৱা প্ৰতিৰোধৰ স্মাৰকো প্ৰদৰ্শিত কৰা হ’ব। স্বাধীনতা সংগ্ৰামৰ মূলসুঁতিৰ অভিধাত সংগ্ৰামৰ এই দিশটোক প্ৰায়েই যথাযোগ্য স্থান দিয়াৰ পৰা বিৰত থকা হৈছিল। নতুন বিথিকাত ১৯৪৭ চন পৰ্যন্ত সংঘটিত ঘটনাৱলীৰ সম্যক ৰূপৰেখা প্ৰদৰ্শনৰ লগতে বিপ্লৱীসকলে গ্ৰহণ কৰা ভূমিকাৰ স্মাৰক প্ৰদৰ্শনৰ প্ৰয়াস কৰা হৈছে।

‘বিপ্লৱী ভাৰত বিথিকা’ত সংগ্ৰামৰ বিপ্লৱী ধাৰাটোক উত্সাহিত কৰা ৰাজনৈতিক আৰু বৌদ্ধিক প্ৰেক্ষাপটটোক দাঙি ধৰিব খোজা হৈছে। বিপ্লৱী আন্দোলনৰ জন্মকথা, বিদ্ৰোহী নেতৃবৃন্দই গঠন কৰা উল্লেখনীয় সংগঠনসমূহৰ গঠন প্ৰক্ৰিয়া, আন্দোলনৰ বিস্তাৰ, ‘ইণ্ডিয়ান নেশ্যনেল আৰ্মী’ৰ গঠন, নৌ-বিদ্ৰোহৰ অৱদান আদিৰ বিভিন্ন তথ্য-পাতি ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥