প্ৰকল্পসমূহৰ মূল কেন্দ্ৰবিন্দু: আঞ্চলিক সংযোগ বৃদ্ধি আৰু ভ্ৰমণৰ সহজতা নিশ্চিত কৰা
সাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজত নমো ভাৰত কৰিডৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
দিল্লীয়ে লাভ কৰিব প্ৰথম নমো ভাৰত সংযোগ
দিল্লী মেট্ৰ' চতুৰ্থ পৰ্যায়ৰ জনকপুৰী-কৃষ্ণ পাৰ্ক অংশ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ ৰিথালা-কুণ্ডলী অংশৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ বাবে অত্যাধুনিক সুবিধাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১:১৫ বজাত সাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে’লতো যাত্ৰা গ্ৰহণ কৰিব।

আঞ্চলিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৬০০ কোটি টকাৰ সাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত কৰিডৰ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানৰ সমান্তৰালভাৱে দিল্লীয়ে লাভ কৰিব প্ৰথম নমো ভাৰত সংযোগ। ইয়াৰ দ্বাৰা দিল্লী-মীৰাটৰ মাজত যাতায়ত যথেষ্ট সুগম হ’ব আৰু অতুলনীয় সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ লগতে দ্ৰুতবেগী আৰু আৰামদায়ক ভ্ৰমণৰ জৰিয়তে লাখ লাখ লোক উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১২০০ কোটি টকাৰ দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ উদ্বোধন কৰিব। এইটোৱেই হ’ব দিল্লী মেট্ৰ’ৰ-চতুৰ্থ পৰ্যায়ৰ প্ৰথমটো অংশৰ উদ্বোধন। পশ্চিম দিল্লীৰ কৃষ্ণ উদ্যান, বিকাশপুৰী, জনকপুৰী আদিৰ কিছু অংশ উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ ২৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিথালা-কুণ্ডলী অংশৰ আধাৰশিলা স্থাপন কৰিব, যাৰ মূল্য প্ৰায় ৬,২৩০ কোটি টকা। এই কৰিড’ৰে দিল্লীৰ ৰিথালাক হাৰিয়ানাৰ নাথুপুৰ (কুণ্ডলী)ৰ সৈতে সংযোগ কৰি দিল্লী আৰু হাৰিয়ানাৰ উত্তৰ-পশ্চিম অংশৰ সংযোগ যথেষ্ট উন্নত কৰিব। ইয়াৰ দ্বাৰা উপকৃত হ’বলগীয়া মূল ক্ষেত্ৰসমূহৰ ভিতৰত ৰোহিনী, বাৱানা, নাৰেলা আৰু কুণ্ডলী, আৱাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক অঞ্চল উল্লেখযোগ্য। এই লাইন কাৰ্যক্ষম হ’লে ইয়াৰ দ্বাৰা বৰ্ধিত ৰেড লাইনৰ জৰিয়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ লোকসকলে সহজে যাতায়াত কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন কৰিব, যিটো প্ৰায় ১৮৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব। এই কেম্পাছত অত্যাধুনিক স্বাস্থ্যসেৱা আৰু চিকিৎসা বিজ্ঞানৰ আন্তঃগাঁথনি প্ৰদান কৰা হ’ব। নতুন ভৱনটোত প্ৰশাসনিক ব্লক, অ’পিডি ব্লক, আইপিডি ব্লক আৰু এটা নিৰ্দিষ্ট চিকিৎসা ব্লক থাকিব, যাৰ ফলত ৰোগী আৰু গৱেষকসকলৰ বাবে একেদৰেই এক সংহত আৰু নিৰৱচ্ছিন্ন স্বাস্থ্যসেৱাৰ অভিজ্ঞতা নিশ্চিত কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Vidyalaxmi emerges as key education loan gateway with 50 per cent approval rate in one year

Media Coverage

PM Vidyalaxmi emerges as key education loan gateway with 50 per cent approval rate in one year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the divine and benevolent grace of Goddess Brahmacharini
March 20, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit subhashitam today, highlighting the divine and benevolent grace of Goddess Brahmacharini.

The Prime Minister wrote on X:

"मां ब्रह्मचारिणी के चरणों में कोटि-कोटि नमन! देवी मां सभी भक्तों पर अपनी कृपा बनाए रखें।

दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥"

The Goddess who holds a rosary and a water pot in her lotus-like hands—may that supremely exalted Goddess Brahmacharini be gracious to me.