আইএমচি ২০২৫: ৮–১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ টেলিকম আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান
বিষয়বস্তু: “ৰূপান্তৰ ঘটাবলৈ উদ্ভাৱন” — ডিজিটেল ৰূপান্তৰত ভাৰতৰ নেতৃত্বৰ প্ৰদৰ্শন
গুৰুত্ব দিবলগীয়া ক্ষেত্ৰ : ৬ জি, কোৱাণ্টাম যোগাযোগ, অৰ্ধপৰিবাহী, অপটিকেল নেটৱৰ্ক আৰু চাইবাৰ জালিয়াতি প্ৰতিৰোধ
আইএমচি ২০২৫ত ৪০০ৰো অধিক কোম্পানী, প্ৰায় ৭,০০০ গ্ল’বেল প্ৰতিনিধি আৰু ১৫০ খনতকৈও অধিক দেশৰ পৰা প্ৰায় ১.৫ লাখ দৰ্শকে অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত  নতুন দিল্লীৰ যশোভূমিত  এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।

টেলি কমিউনিকেচন বিভাগ (ডিঅ’টি) আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন (চিঅ’এআই)ৰ যৌথ উদ্যোগত আয়োজিত আইএমচি ২০২৫ অক্টোবৰ মাহৰ  ৮ৰ পৰা ১১ তাৰিখলৈ “ৰূপান্তৰ ঘটাবলৈ  উদ্ভাৱন” শীৰ্ষক বিষয়বস্তুৰ আধাৰত  অনুষ্ঠিত হ’ব, য’ত ডিজিটেল ৰূপান্তৰ আৰু সমাজৰ প্ৰগতিৰ বাবে উদ্ভাৱনৰ লাভ উঠাবলৈ ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তোলা হ’ব।

 

আইএমচি ২০২৫ত টেলিকম আৰু উদীয়মান প্ৰযুক্তিৰ শেহতীয়া উন্নতি প্ৰদৰ্শন কৰা হ’ব, য’ত বিশ্বৰ নেতা, নীতি নিৰ্ধাৰক, উদ্যোগৰ বিশেষজ্ঞ  আৰু উদ্ভাৱকসকলক একত্ৰিত কৰা হ’ব। এই অনুষ্ঠানত অপটিকেল কমিউনিকেচন, টেলিকমত অৰ্ধপৰিবাহী, কোৱাণ্টাম কমিউনিকেচন, ৬জি, আৰু ফ্ৰড ৰিস্ক ইনডিকেটৰকে ধৰি মূল বিষয়বস্তুৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হ’ব, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ সংযোগ, ডিজিটেল সাৰ্বভৌমত্ব, চাইবাৰ জালিয়াতি প্ৰতিৰোধ আৰু বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত অগ্ৰাধিকাৰক প্ৰতিফলিত কৰিব।

 

ইয়াত ১৫০ খনতকৈও অধিক দেশৰ পৰা ১.৫ লাখতকৈ অধিক দৰ্শকে, ৭,০০০+ বিশ্ব প্ৰতিনিধি  আৰু ৪০০+ কোম্পানীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৫ জি/৬জি , এআই,  স্মাৰ্ট মবিলিটি, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং আৰু সেউজ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত ১,৬০০ টাতকৈও অধিক নতুন ইউজ কেছ- ১০০ + অধিৱেশন আৰু ৮০০+ স্পীকাৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।

 

আইএমচি ২০২৫-এ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়তো গুৰুত্ব আৰোপ কৰিব।  জাপান, কানাডা, যুক্তৰাজ্য, ৰাছিয়া, আয়াৰলেণ্ড, আৰু অষ্ট্ৰিয়াৰ প্ৰতিনিধি দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress