প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।
টেলি কমিউনিকেচন বিভাগ (ডিঅ’টি) আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন (চিঅ’এআই)ৰ যৌথ উদ্যোগত আয়োজিত আইএমচি ২০২৫ অক্টোবৰ মাহৰ ৮ৰ পৰা ১১ তাৰিখলৈ “ৰূপান্তৰ ঘটাবলৈ উদ্ভাৱন” শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’ব, য’ত ডিজিটেল ৰূপান্তৰ আৰু সমাজৰ প্ৰগতিৰ বাবে উদ্ভাৱনৰ লাভ উঠাবলৈ ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তোলা হ’ব।
আইএমচি ২০২৫ত টেলিকম আৰু উদীয়মান প্ৰযুক্তিৰ শেহতীয়া উন্নতি প্ৰদৰ্শন কৰা হ’ব, য’ত বিশ্বৰ নেতা, নীতি নিৰ্ধাৰক, উদ্যোগৰ বিশেষজ্ঞ আৰু উদ্ভাৱকসকলক একত্ৰিত কৰা হ’ব। এই অনুষ্ঠানত অপটিকেল কমিউনিকেচন, টেলিকমত অৰ্ধপৰিবাহী, কোৱাণ্টাম কমিউনিকেচন, ৬জি, আৰু ফ্ৰড ৰিস্ক ইনডিকেটৰকে ধৰি মূল বিষয়বস্তুৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ সংযোগ, ডিজিটেল সাৰ্বভৌমত্ব, চাইবাৰ জালিয়াতি প্ৰতিৰোধ আৰু বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত অগ্ৰাধিকাৰক প্ৰতিফলিত কৰিব।
ইয়াত ১৫০ খনতকৈও অধিক দেশৰ পৰা ১.৫ লাখতকৈ অধিক দৰ্শকে, ৭,০০০+ বিশ্ব প্ৰতিনিধি আৰু ৪০০+ কোম্পানীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৫ জি/৬জি , এআই, স্মাৰ্ট মবিলিটি, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং আৰু সেউজ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত ১,৬০০ টাতকৈও অধিক নতুন ইউজ কেছ- ১০০ + অধিৱেশন আৰু ৮০০+ স্পীকাৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।
আইএমচি ২০২৫-এ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়তো গুৰুত্ব আৰোপ কৰিব। জাপান, কানাডা, যুক্তৰাজ্য, ৰাছিয়া, আয়াৰলেণ্ড, আৰু অষ্ট্ৰিয়াৰ প্ৰতিনিধি দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।


