সমসাময়িক বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যুৱ সম্প্ৰদায়ক জড়িত কৰা আৰু যুৱ সম্প্ৰদায়ৰ নেতৃত্বত উন্নয়নমূলক কাম আৰু প্ৰত্যাহ্বান সমাধান সন্দৰ্ভত মহোৎসৱত আলোচনা কৰা হ’ব
অলিম্পিয়ান আৰু পেৰালিম্পিয়ানসকলৰ সৈতে মুকলি আলোচনাও অনুষ্ঠিত হ’ব
প্ৰধানমন্ত্ৰীয়ে ‘মেৰে ছপ্নো কা ভাৰত’ আৰু ‘আনচাং হিৰ’ছ অৱ ইণ্ডিয়ান ফ্ৰিডম মুভমেণ্ট’ শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্বাচিত ৰচনা উন্মোচন কৰিব
প্ৰধানমন্ত্ৰীয়ে এটা এমএছএমই প্ৰযুক্তি কেন্দ্ৰ আৰু পেৰুন্থালাইভাৰ কামৰাজাৰ মনিমান্দপাম প্ৰেক্ষাগৃহ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুডুচেৰীত ১২ জানুৱাৰী, ২০২২ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব।  স্বামী বিবেকানন্দৰ জন্ম দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।

ভাৰতৰ যুৱসম্প্ৰদায়ক মানসিকভাৱে শক্তিশালী কৰা আৰু ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেওঁলোকক জড়িত কৰাটোৱেই হৈছে এই মহোৎসৱৰ লক্ষ্য। এয়া সামাজিক, আধ্যাত্মিক আৰু সাংস্কৃতিক একত্ৰীকৰণৰ এক বৃহত্তম প্ৰয়াস। ভাৰতৰ বিভিন্ন সংস্কৃতিক ঐক্যবদ্ধ কৰি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাক সঞ্চাৰিত কৰাটোৱেই হৈছে এই মহোৎসৱৰ অন্যতম লক্ষ্য।

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ উৎসৱটো ১২-১৩ জানুৱাৰীত অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানৰ পিছত ৰাষ্ট্ৰীয় যুৱ সন্মিলন অনুষ্ঠিত হ’ব য’ত চাৰিটা বিষয়ৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হ’ব। যুৱ সম্প্ৰদায়ৰ নেতৃত্বত উন্নয়ন আৰু সমসাময়িক বিভিন্ন সমস্যাৰ সমাধানত তেওঁলোকক জড়িত কৰাৰ উপৰি জলবায়ু পৰিৱৰ্তন, পৰিৱেশ, স্থিতিশীল উন্নয়ন, প্ৰযুক্তি, উদ্যোগ, উদ্ভাৱন, দেশীয় ঐতিহ্য, ৰাষ্ট্ৰীয় চৰিত্ৰ, দেশ গঠন আৰু তৃণমূল পৰ্যায়ৰ পৰা উন্নয়ন-এই বিষয়সমূহ সন্মিলনত আলোচনা কৰা হ’ব। ইয়াৰোপৰি মহোৎসৱৰ সময়ত অংশগ্ৰহণকাৰীসকলক পুডুচেৰীৰ অৰোভিলত দেশীয় ক্ৰীড়া, লোক নৃত্যসহ বিভিন্ন বিষয়ৰ ওপৰত নিৰ্মিত ভিডিঅ’ কেপচুল প্ৰদৰ্শন কৰা হ’ব। অলিম্পিয়ান আৰু পেৰালিম্পিয়ানসকলৰ সৈতে সন্ধিয়া মুকলি আলোচনা অনুষ্ঠিত হ’ব আৰু লাইভ প্ৰদৰ্শন কৰা হ’ব। ৰাতিপুৱা ভাৰ্চুৱেল যোগ অধিৱেশনৰ আয়োজন কৰা হ’ব।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে ‘মেৰে ছপ্নো কা ভাৰত’ আৰু ‘আনচাং হিৰ’ছ অৱ ইণ্ডিয়ান ফ্ৰিডম মুভমেণ্ট’ সন্দৰ্ভত নিৰ্বাচিত ৰচনা উন্মোচন কৰিব। দুয়োটা বিষয়ৰ ওপৰত এই প্ৰবন্ধবোৰ ১ লাখতকৈ অধিক যুৱক-যুৱতীয়ে ৰচনা কৰিছিল আৰু তাৰ মাজৰ পৰা বাছনি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১২২ কোটি টকা বিনিয়োগেৰে পুডুচেৰীত স্থাপিত এমএছএমই মন্ত্ৰালয়ৰ এটা প্ৰযুক্তি কেন্দ্ৰও উদ্বোধন কৰিব। ইলেক্ট্ৰনিক চিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং (ইএছডিএম) খণ্ডৰ ওপৰত গুৰুত্ব দি নিৰ্মাণ কৰা এই প্ৰযুক্তি কেন্দ্ৰটো শেহতীয়া প্ৰযুক্তিৰে সজ্জিত হ’ব। ই যুৱক-যুৱতীসকলক দক্ষ কৰাত সহায় কৰিব আৰু প্ৰতি বছৰে প্ৰায় ৬৪০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰী চৰকাৰে প্ৰায় ২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অপেন এয়াৰ থিয়েটাৰসহ এটা প্ৰেক্ষাগৃহ-পেৰুন্থালাইভাৰ কামৰাজাৰ মনিমান্দপামো উদ্বোধন কৰিব। ইয়াক মুখ্যতঃ শৈক্ষিক কাম-কাজত ব্যৱহাৰ কৰা হ’ব আৰু এই প্ৰেক্ষাগৃহত ১০০০ ৰো অধিক লোকে বহিব পাৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers