প্রধানমন্ত্রীয়ে ৩৫খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত মুঠ ৩৫টা অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
পিএছএ অক্সিজেন প্লাণ্ট এতিয়া দেশৰ সকলো জিলাযত অনুমোদিত হৈছে

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ পিএম কেয়াৰ্ছ তহবিলৰ পৰা নির্মিত ৩৫টা প্রেছাৰ ছুইং এডছর্পশন (পিএসএ) অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। দেশৰ ৩৫খন জিলা আৰু কেন্দ্রশাসিত অঞ্চলত এইবিলাক বহুওৱা হৈছে। কাইলৈ, ৭ অক্টোবৰত পুৱা ১১ টাযত উত্তৰাখণ্ডৰ অল ইণ্ডিয়া ইনস্টিটিউট অফ মেডিকেল ছাইন্সেস, ঋষিকেশৰ পৰা ইয়াৰ উদ্বোধন হ'ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে ভাষণ দিব। ইয়াৰ মাধ্যমত দেশৰ প্রতিখন জিলাযত পিএছএ অক্সিজেন প্লাণ্ট স্থাপন অনুমোদিত হৈছে।

 

এই পর্যন্ত পিএম কেয়াৰ্ছ তহবিলৰ পৰা সমগ্ৰ দেশত মুঠ ১২২৪টা পিএছএ অক্সিজেন প্লাণ্ট প্ৰস্তুত কৰাৰ বাবে অর্থ যোগান ধৰা হৈছে। ইয়াৰ ভিতৰত ১১০০টাৰো অধিক প্লাণ্ট অনুমোদিত হৈছে। এই প্লাণ্ট স্থাপনৰ ফলত প্রতিদিনে ১৭৫০ মেট্রিক টন অক্সিজেন পোৱা যাব। এই ব্যৱস্থা হৈছে কোভিড-১৯ অতিমাৰি সূচনাৰ পিছত চিকিৎসা ব্যৱস্থাত অক্সিজেন সৰবৰাহ বৃদ্ধিৰ লক্ষ্যত চৰকাৰৰ এটা গৃহীত পদক্ষেপ।

 

এইসমূহ পি এছ এই অক্সিজেন প্লাণ্টবিলাক পচৰিালনা কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে ৭ হাজাৰৰো অধিক কর্মীক প্রশিক্ষণ দিয়া হৈছে। এই কর্মীসকলে এটা সংহত ওৱেব পোর্টেলৰ মাধ্যমত তেওঁলোকৰ কাম-কাজ আৰু কর্মক্ষমতা পর্যবেক্ষণৰ বাবে এটা এমবেডেড ইণ্টার্নেট অফ থিংছ ডিভাইছ আনিছে।

 

কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু কেন্দ্রীয় স্বাস্থ্যমন্ত্রী সহ অন্যান্যসকল উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth