প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰী, ২০২১ ৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তামিল নাডুত তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শিলান্যাস কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰমন্থাপুৰম- তুতিকোৰিন প্ৰাকৃতিক গেছ পাইপলাইন আৰু মনালিস্থিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডত গেছ’লিন ডিচালফাৰাইজেশ্যন ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে তদুপৰি নাগপত্তনমত কাবেৰী বেছিন ৰিফাইনেৰীৰ শিলান্যাস কৰিব। এই প্ৰকল্পসমূহৰ ফলশ্ৰুতিত আৰ্থ-সামাজিকভাৱে যথেষ্ট পৰিমাণে উপকৃত কৰিব আৰু শক্তি আত্মনিৰ্ভৰতাৰ অভিমুখে দেশখনৰ যাত্ৰাক উদ্দীপনা যোগাব। এই কাৰ্যসূচীত তামিল নাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

প্ৰকল্পসমূহৰ সম্পৰ্কে

ইন্নোৰ- থৰুবাল্লুৰ- বেংগালুৰু- পুডুচেৰী- নাগপত্তনম- মাদুৰাই- তুতিকোৰিন প্ৰাকৃতিক গেছ পাইপলাইনৰ ৰমন্থাপুৰম- তুতিকোৰিন শাখা (১৪৩ কিঃমিঃ) টো প্ৰায় ৭০০ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰা হৈছে। ই অ’এনজিচি গেছ ক্ষেত্ৰৰপৰা গেছ ব্যৱহাৰ আৰু উদ্যোগ আৰু আন বাণিজ্যিক গ্ৰাহকসকললৈ ফীডষ্টক হিচাপে প্ৰাকৃতিক গেছ যোগানত সহায় আগবঢ়াব।

মনালিস্থিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (CPCL) ত গেছ’লিন ডিচালফাৰাইজেশ্যন ইউনিটটো প্ৰায় ৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। ই ল’ চালফাৰ (৮ পিপিএমতকৈ কম) পৰিবেশ-অনুকূল গেছ’লিন উৎপন্ন কৰিব তথা নিৰ্গমন হ্ৰাসত সহায় আগবঢ়াব আৰু এটা স্বচ্ছ পৰিবেশ গঢ়ি তোলাত বৰঙণি যোগাব।

নাগপত্তনমত স্থাপন কৰিবলগীয়া কাবেৰী বেছিন ৰিফাইনেৰীৰ বছৰি ক্ষমতা হ’ব ৯ নিযুত মেট্ৰিক টন। আনুমানিক ৩১,৫০০ কোটি টকা প্ৰকল্প ব্যয়সাপেক্ষে আইঅ’চিএল আৰু চিপিচিএলৰদ্বাৰা যুটীয়াভাৱে ইয়াক স্থাপন কৰা হ’ব। ই বিএছ- VI বিশেষীকৰণ সন্তুলিত কৰা মটৰ স্পিৰিট আৰু ডিজেল আৰু মূল্য-সংযোজিত পণ্য হিচাপে পলিপ্ৰফেলিন উৎপন্ন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”