প্রধানমন্ত্রীয়ে ২০২০ৰ জাতীয় শিক্ষা নীতিৰ প্রথম বর্ষপূর্তি উপলক্ষে এলানি প্রকল্পৰ সূচনা কৰিব
২০২০ৰ জাতীয় শিক্ষা নীতিৰ লক্ষ্য অর্জনত গুৰুত্বপূর্ণ পদক্ষেপ

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৯ জুলাইত ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত শিক্ষা আৰু দক্ষতা বিকাশৰ নীতি প্রণেতা, ছাত্রছাত্রী তথা শিক্ষক-শিক্ষিকাসকলক উদ্দেশ্যি ভাষণ দিব। ২০২০ৰ জাতীয় শিক্ষা নীতিৰ মাধ্যমত যি সংস্কাৰসমূহ বাস্তবায়িত কৰা হৈছে, তাৰ বর্ষপূর্তি উপলক্ষে এই আয়োজন। শ্রী মোদীয়ে শিক্ষা জগতৰ সৈতে যুক্ত বিভিন্ন প্রকল্পৰো সূচনা কৰিব।

প্রধানমন্ত্রীয়ে একাডেমিক বেঙ্ক অফ ক্রেডিটৰ সূচনা কৰিব। ইয়াৰ ফলত, উচ্চ শিক্ষাত অধ্যয়নৰত ছাত্রছাত্রীসকলে বিভিন্ন পাঠ্যক্রমত অন্তর্ভুক্ত আৰু বাহিৰ হোৱাৰ সুযোগ পাব। তদুপৰি, আঞ্চলিক ভাষাত ইঞ্জিনিয়াৰিং পাঠ্যক্রমৰ প্রথম বর্ষৰ পঢ়াশুনাৰ সুযোগ কৰি দিয়াৰ বাবে আন এটা প্রকল্পৰো সূচনা কৰা হ'ব। অনুষ্ঠানত আন্তর্জাতিক মানৰ উচ্চ শিক্ষাৰ বাবে নীতি-নির্দেশিকাও প্রকাশ কৰা হ'ব।

এই অনুষ্ঠানত ‘বিদ্যা প্রৱেশ’ কর্মসূচীৰ সূচনা হ'ব। প্রথম শ্রেণীৰ ছাত্রছাত্রীসকলে তিনি মাহ ধৰি বিদ্যালয়ত ভর্তিৰ সম্পর্কে খেলাধূলাৰ মাধ্যমত ধাৰণা পাব। মাধ্যমিক স্তৰত ইণ্ডিয়ান ছাইন লেঙ্গুৱেজক এটা বিষয় হিচাবে অন্তর্ভুক্ত কৰা, এনচিইআৰটিৰ শিক্ষক প্রশিক্ষণৰ বাবে সুসংহত কর্মসূচী নিষ্ঠা-২, চিবিএছই পাঠ্যক্রমৰ তৃতীয়, পঞ্চম আৰু অষ্টম শ্রেণীৰ ছাত্রছাত্রীসকলৰ মূল্যায়নৰ বাবে ‘সফল’ কর্মসূচী আৰু কৃত্রিম মেধাৰ বিষয়ে এটা ৱেবছাইটৰো সূচনা কৰা হ'ব।

এই অনুষ্ঠানত নেচনেল ডিজিটেল এডুকেচন আর্কিটেকচাৰ (এনডিইএআৰ) আৰু নেচনেল এডুকেচন টেকনোলজি ফোৰাম (এনিটিএফ)ৰ সূচনা কৰা হ'ব।

এই উদ্যোগসমূহৰ মাধ্যমত ২০২০ৰ জাতীয় শিক্ষা নীতিৰ লক্ষ্য অর্জনত গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইয়াৰ মাধ্যমত শিক্ষা জগৎ অধিক প্রাণবন্ত হ'ব আৰু যি কোনো শিক্ষা ব্যৱস্থাত যুক্ত হ'ব পাৰিবে।

২০২০ৰ জাতীয় শিক্ষা নীতিয়ে শিক্ষাদানৰ পদ্ধতিৰ পৰিবর্তন আনিব। শিক্ষাক অধিক সর্বাঙ্গীণ কৰি তুলিব আৰু আত্মনির্ভৰ ভাৰতৰ বাবে দৃঢ় ভেটি তৈয়াৰ কৰিব।

একবিংশ শতাব্দীত এইটোৱেই প্রথম শিক্ষা নীতি, যি ৩৪ বছৰৰ পুৰণি ১৯৮৬ চনৰ শিক্ষা সংক্রান্তীয় জাতীয় নীতিটোৰ পৰিবর্তে গৃহীত হ’ল। শিক্ষা জগতত প্রৱেশাধিকাৰ, সাম্য, গুণমান, সহজলভ্যতা আৰু দায়বদ্ধতা – এই স্তম্ভসমূহৰ ওপৰত ভিত্তি কৰি শিক্ষা নীতি প্ৰস্তুত কৰা হৈছে। ইয়াৰ সহায়ত ২০৩০ৰ স্থিতিশীল উন্নয়নৰ যি লক্ষ্য ধার্য কৰা হৈছে, সেয়া পূৰণ হ'ব আৰু ভাৰত প্রাণবন্ত এক জ্ঞান ভান্ডাৰ হৈ উঠিব। এই শিক্ষা নীতিৰ মাধ্যমত বিদ্যালয় শিক্ষা আৰু কলেজ শিক্ষা অধিক সর্বাঙ্গীণ আৰু নমনীয় হ'ব আৰু একবিংশ শতাব্দীৰ চাহিদা পূৰণৰ বাবে বহু বিষয় লৈ ছাত্রছাত্রীসকলে যাতে পঢ়াশুনা কৰিব পাৰে, সেই সুযোগ কৰি দিব। ইয়াৰ মাধ্যমত প্রতিগৰাকী ছাত্রছাত্রীৰ নিজস্ব ক্ষমতা বিকশিত হ'ব আৰু দেশ আন্তর্জাতিক স্তৰত জ্ঞানৰ দিশত মহাশক্তিধৰ হৈ উঠিব।

অনুষ্ঠানত কেন্দ্রীয় শিক্ষা মন্ত্রীও উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two-wheeler exports seen rising up to 20% as Africa demand recovers: Ind-Ra

Media Coverage

Two-wheeler exports seen rising up to 20% as Africa demand recovers: Ind-Ra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister Shri Rajiv Gandhi
August 20, 2026

The Prime Minister, Shri Narendra Modi has paid homage to former Prime Minister, Shri Rajiv Gandhi, on the occasion of his birth anniversary.

In a post on X, Shri Modi said;

“On the occasion of his birth anniversary, paying homage to former Prime Minister of India, Shri Rajiv Gandhi.”