প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ মাৰ্চৰ পুৱা ১০:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “সবকা সাথ সবকা বিকাশ-জনতাৰ আকাংক্ষা পূৰণ” শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰিব।

এই বিষয়বস্তুৰ অধীনত শিক্ষা আৰু দক্ষতা, স্বাস্থ্য আৰু আয়ুষ, পৰ্যটন আৰু আতিথ্য আদিকে প্ৰমুখ্য কৰি ভিন্ন খণ্ডত একাধিক অধিবেশন অনুষ্ঠিত হ’ব। এই আলোচনাত শিক্ষাৰ পৰা নিয়োগৰ পথক সম্প্ৰসাৰণ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক্স (AVGC) কন্টেন্ট ক্ৰিয়েটৰ লেবৰ বিকাশ, সংযোগী স্বাস্থ্য পেছাদাৰী আৰু যত্ন প্ৰদানকাৰীৰ প্ৰশিক্ষণক সম্প্ৰসাৰণ, আঞ্চলিক চিকিৎসা কেন্দ্ৰ আৰু নতুন আয়ুষ প্ৰতিষ্ঠান স্থাপনৰ লগতে পৰ্যটন পদক্ষেপ যেনেঃ আতিথ্য দক্ষতা বিকাশ, বহনক্ষম পৰ্যটন ট্ৰেইল, উত্তৰ-পূৰ্বাঞ্চলত বৌদ্ধ চাৰ্কিট আৰু ঐতিহ্য পৰ্যটনৰ প্ৰচাৰৰ দৰে পদক্ষেপক সামৰি লোৱা হ’ব।

উক্ত বাজেট-পৰৱৰ্তী ৱেবিনাৰে বাজেটত উল্লেখ কৰা নীতিগত দৃষ্টিভংগীক কাৰ্য্যকৰী কৌশললৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰ, উদ্যোগ আৰু ডমেইন বিশেষজ্ঞসকলৰ মাজত সহযোগিতা স্থাপন কৰিব। আলোচনাসমূহৰ ব্যৱহাৰিক পৰামৰ্শই ফলপ্ৰসূ ৰূপায়ণৰ সুবিধা প্ৰশস্ত কৰিব আৰু সৰ্বাংগীন বিকাশ তথা উন্নয়নৰ দিশত অগ্ৰগতিক ত্বৰান্বিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo

Media Coverage

‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi