প্ৰধানমন্ত্ৰীয়ে ‘স্প্ৰিন্ট চেলেঞ্জ’ উদ্বোধন কৰিব - ভাৰতীয় নৌসেনাত থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰক উদ্দীপনা যোগোৱাটোৱেই ইয়াৰ লক্ষ্য

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ১৮ জুলাই, ২০২২ ৰ বিয়লি ৪:৩০ বজাত এনআইআইঅ’ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংগঠন) ৰ ‘স্বাৱলম্বন’ শীৰ্ষক আলোচনা চক্ৰখনি সম্বোধন কৰিব।

প্ৰতিৰক্ষা খণ্ডটোত আত্মনিৰ্ভৰশীলতা লাভ কৰাটো আত্মনিৰ্ভৰ ভাৰতৰ এটি মূল স্তম্ভ। এই প্ৰচেষ্টাক আগুৱাই নিবলৈ উক্ত কাৰ্য্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে ‘স্প্ৰিন্ট চেলেঞ্জ’ ৰ উদ্বোধন কৰিব, যাৰ লক্ষ্য হৈছে ভাৰতীয় নৌসেনাত থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰক উদ্দীপনা যোগোৱা। ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ অংশ হিচাপে এনআইআইঅ’য়ে প্ৰতিৰক্ষা উদ্ভাৱন সংস্থা (DIO) ৰ সহযোগত ভাৰতীয় নৌসেনাত অতি কমেও ৭৫ টা নতুন থলুৱা প্ৰযুক্তি / সামগ্ৰী অন্তৰ্ভুক্তকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই সহযোগিতামূলক প্ৰকল্পটোৰ নামেই হৈছে ‘স্প্ৰিন্ট’ (SPRINT) [iDEX, এনআইআইঅ’ (NIIO) আৰু টিডিএচি (TDAC) ৰ জৰিয়তে গৱেষণা ও উন্নয়ন (R&D) ত প’ল-ভল্টিং (Pole-Vaulting) লৈ সমৰ্থন জনোৱা]।

এই আলোচনা চক্ৰৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা খণ্ডটোত আত্মনিৰ্ভৰশীলতা লাভ কৰিবলৈ ভাৰতীয় উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহক জড়িত কৰা। দুদিনীয়া (১৮-১৯ জুলাই) আলোচনা চক্ৰখনিয়ে উদ্যোগ, শৈক্ষিক মহল, সেৱা আৰু চৰকাৰৰ নেতৃত্ববৃন্দক এক উমৈহতীয়া মঞ্চত একত্ৰিত হৈ প্ৰতিৰক্ষা খণ্ডটোক লৈ চিন্তা আৰু পৰামৰ্শৰাজি আগবঢ়াবলৈ এখনি মঞ্চ প্ৰশস্ত কৰিব। ইয়াত উদ্ভাৱন, স্বদেশীকৰণ, অস্ত্ৰ-শস্ত্ৰ আৰু বিমান পৰিবহণৰ বাবে সমৰ্পিত অধিবেশন অনুষ্ঠিত হ’ব। আলোচনা চক্ৰখনিৰ দ্বিতীয় দিনা চৰকাৰখনৰ ‘সাগৰ’ SAGAR (চিকিউৰিটি আৰু গ্ৰউথ ফৰ অল ইন দ্য ৰিজন) দৃষ্টিৰে সংগতি ৰাখি ভাৰত মহাসাগৰীয় অঞ্চলৰ আউটৰীচ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net

Media Coverage

The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ডিচেম্বৰ 2025
December 22, 2025

Aatmanirbhar Triumphs: PM Modi's Initiatives Driving India's Global Ascent