প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ অক্টোবৰৰ পুৱা ১০.৩০বজাত অনুষ্ঠিতব্য ‘নিখিল ভাৰত আইন মন্ত্ৰী আৰু আইন সচিব সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰিব।

গুজৰাটৰ একতা নগৰত আয়োজিত এই দুদিনীয়া সন্মিলনখন আয়োজন কৰিছে ‘আইন আৰু ন্যায় মন্ত্ৰালয়ে’। নীতি-নিৰ্দ্ধাৰকসকলক ভাৰতীয় আইনী আৰু ন্যায়িক ব্যৱস্থা সম্পৰ্কীয় প্ৰসংগসমূহ আলোচনা কৰাৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদানৰ উদ্দেশ্যেই এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিখনৰ মাধ্যমেৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ উত্তম অনুশীলনসমূহৰ লগতে নতুন নতুন চিন্তাসমূহৰ বিনিময় কৰাৰ উপৰি তেওঁলোকৰ পাৰস্পৰিক সহযোগিতামূলক সম্পৰ্কও উন্নত কৰিব পাৰিব।

সন্মিলনখনে ওজৰ-আপত্তি, মত-বিৰোধ আঁতৰোৱাৰ বাবে বিকল্প সমাধান পদ্ধতি যেনে তাত্ক্ষণিক আৰু ব্যয়সাধ্য ন্যায়ৰ বাবে পৰামৰ্শ আৰু মধ্যস্থতা; সামগ্ৰিক আইনী পৰিকাঠামোৰ উত্তৰণ; আইনত থকা বাধা আঁতৰোৱা; ন্যায় লাভৰ পথ প্ৰশস্তকৰণ; গোচৰ নিষ্পত্তিৰ বিলম্বিতকৰণৰ হাৰ হ্ৰাস কৰা আৰু দ্ৰুত মীমাংসাৰ নিশ্চয়তা প্ৰদান কৰা, কেন্দ্ৰ-ৰাজ্যৰ মাজৰ সম্পৰ্ক উন্নতকৰণ সম্পৰ্কীয় প্ৰস্তাৱসমূহৰ মাজত সামঞ্জস্য স্থাপন কৰা আদি প্ৰসংগত হ’বলগীয়া আলোচনাৰ সাক্ষ্য বহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival