মুম্বাই ১ ম’বাইল এপ আৰু নেচনেল কমন মবিলিটি কাৰ্ড মুকলি

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ গুন্দাবলী মেট্ৰ’ ষ্টেচনৰপৰা মগৰালৈ মেট্ৰ’ত উঠি যাত্ৰা কৰে। ইয়াৰোপৰি, তেখেতে মুম্বাই ১ ম’বাইল এপ (MUMBAI 1) আৰু নেচনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১) মুকলিৰ সমান্তৰালকৈ এই উপলক্ষে মেট্ৰ’ ফটো প্ৰদৰ্শনী আৰু থ্ৰীডি মডেল দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মেট্ৰ’ যাত্ৰাৰ সময়ত মেট্ৰ’ নিৰ্মাণৰে জড়িত শ্ৰমিকসকল তথা ছাত্ৰ-ছাত্ৰী, দৈনিক যাতায়াত কৰা লোকসকলৰ সৈতেও মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কুছিয়াৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শ্বাইনে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডণবীছ উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ

“মুম্বাইত মেট্ৰ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে মুম্বাই মেট্ৰ’ ৰে’ল লাইন ২এ আৰু ৭ ৰাষ্ট্ৰলৈ উৎসৰ্গা, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ উন্নয়ন আৰু সাতটা নলা পৰিশোধন প্ৰকল্পৰ কামৰ আধাৰশিলা স্থাপন, ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দোৱাখানা উদ্বোধন আৰু মুম্বাইৰ প্ৰায় ৪০০ কিলোমিটাৰ পথৰ বাবে পথ কংক্ৰিটাইজেচন প্ৰকল্পৰ শুভাৰম্ভ কৰে।

পৃষ্ঠপট

প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই ১ ম’বাইল এপ আৰু নেচনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১)  মুকলি কৰে। এই এপটোৱে ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব, মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশদ্বাৰত দেখুৱাব পাৰি আৰু ইউপিআইৰ জৰিয়তে টিকট ক্ৰয়ৰ ক্ষেত্ৰত ডিজিটেল পেমেন্টক প্ৰশস্ত কৰে। নেশ্যনেল কমন মবিলিটি কাৰ্ড (মুম্বাই ১) প্ৰথম অৱস্থাত মেট্ৰ’ কৰিডৰত ব্যৱহাৰ কৰা হ’ব আৰু ইয়াক স্থানীয় ৰেল তথা বাছকে প্ৰমুখ্য কৰি অন্যান্য গণ ৰাজহুৱা পৰিবহণ ব্যৱস্থালৈয়ো সম্প্ৰসাৰিত কৰিবপৰা যাব। যাতায়াত কৰা লোকসকলে একাধিক কাৰ্ড বা নগদ ধন লগত ৰখাৰ প্ৰয়োজন নহ’ব; এনচিএমচি কাৰ্ডে দ্ৰুত, সংস্পৰ্শবিহীন, ডিজিটেল লেনদেনক প্ৰশস্ত কৰিব, যাৰ ফলশ্ৰুতিত প্ৰক্ৰিয়াটো এক নিৰৱচ্ছিন্ন অভিজ্ঞতাৰ সৈতে সহজ হ'ব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya

Media Coverage

Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the true resolve of a representative
April 29, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting the true resolve of a representative.

The Prime Minister remarked that as vigilant citizens of the country, it is our duty to ensure record voting to make democracy even stronger.

The Prime Minister wrote on X:

"देश के एक सजग नागरिक के रूप में हमारा कर्तव्य है कि हम लोकतंत्र को और अधिक सशक्त बनाने के लिए रिकॉर्ड मतदान सुनिश्चित करें। इस तरह हम न केवल भारतवर्ष के नवनिर्माण में अपनी सक्रिय भागीदारी निभा सकते हैं, बल्कि एक समर्थ और समृद्ध राष्ट्र की नींव को और मजबूत कर सकते हैं।

राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम्।

दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम्॥"

From the perspective of the welfare of the people, continuously uplifting them, faithfully performing duties as a sacred responsibility, ensuring fair judgment, giving generously, treating everyone with equality, and keeping oneself pure, disciplined and dedicated with a consecrated spirit, this is the true resolve of a representative.