আন্তঃগাঁথনি, বিনিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ ৪ টা স্তম্ভই বিভিন্ন ক্ষেত্ৰত সুশাসন বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা আগুৱাই নিব
অৰ্থনীতিৰ প্ৰতিটো ক্ষেত্ৰতে মানদণ্ড অপৰিহাৰ্য
অনাৱশ্যক অনুপালন আৰু পুৰণি নিয়মবোৰ সমাপ্ত কৰক
প্ৰধানমন্ত্ৰী গতিশক্তিৰ দৃষ্টিভংগী সাকাৰ কৰাৰ বাবে সমন্বয় গঢ়ি তোলক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত সমাপ্ত হোৱা ৰাজ্যৰ মুখ্য সচিবসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰে।

এক টুইট থ্ৰেডত প্ৰধানমন্ত্ৰীয়ে মুখ্য সচিবসকলৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ গুৰুত্ব আৰোপ কৰা বিষয়টোৰ বিস্তৃত পৰিসৰৰ বিষয়ে বৰ্ণনা কৰে।

তেওঁ টুইট কৰেঃ

"যোৱা দুদিন আমি দিল্লীত মুখ্য সচিব সন্মিলনত হোৱা ব্যাপক আলোচনা দেখি আহিছোঁ। আজি মোৰ মন্তব্যৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ যিয়ে জনসাধাৰণৰ জীৱন অধিক উন্নত কৰিব পাৰে আৰু ভাৰতৰ উন্নয়নৰ গতিপথ শক্তিশালী কৰিব পাৰে।

বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ থকাৰ সৈতে, আমাৰ যুৱপ্ৰজন্মৰ সমৃদ্ধ প্ৰতিভা ভাণ্ডাৰৰ সৈতে সহায়ত অনাগত বছৰবোৰ আমাৰ দেশৰ হব। এনে সময়ত, আন্তঃগাঁথনি, বিনিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ ৪টা স্তম্ভই বিভিন্ন ক্ষেত্ৰত সুশাসন বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা আগুৱাই নিব।

মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ এমএছএমই খণ্ডক শক্তিশালী কৰাটো অব্যাহত ৰাখিব লাগিব। আত্মনিৰ্ভৰ হ'বলৈ আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিবলৈ এইয়া গুৰুত্বপূৰ্ণ। স্থানীয় সামগ্ৰীবোৰ জনপ্ৰিয় কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। অৰ্থনীতিৰ প্ৰতিটো ক্ষেত্ৰত মানদণ্ড কিয় অত্যাৱশ্যকীয় সেই সন্দৰ্ভতো তেওঁ আলোকপাত কৰোঁ।

মুখ্য সচিবসকলক অনাৱশ্যক অনুপালন আৰু সেই আইনসমূহৰ লগতে পুৰণি নিয়মবোৰ সমাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাও। যি সময়ত ভাৰতে অতুলনীয় সংস্কাৰ আৰম্ভ কৰিছে, সেই সময়ত অত্যাধিক নিয়ন্ত্ৰণ আৰু অনাৱশ্যক প্ৰতিবন্ধকতাৰ কোনো সুযোগ নাই।

মই আলোচনা কৰা আন কিছুমান বিষয়ৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী গতি শক্তি আৰু এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেনেদৰে সমন্বয় গঢ়ি তুলিব পাৰি। মুখ্য সচিবসকলক মিছন লাইফৰ প্ৰতি উত্সাহিত কৰিবলৈ আৰু ব্যাপক পৰিমাণৰ সামূহিক অংশগ্ৰহণেৰে আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনায়।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।