প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা (PPC), ২০২৬-ৰ ৯ম সংস্কৰণত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথোপকথনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে। পিপিচি, ২০২৬-ৰ দ্বিতীয় খণ্ডৰ সময়ত প্ৰধানমন্ত্ৰী কইম্বাটুৰ, ছত্তীশগড়, গুজৰাট আৰু অসমৰ পৰীক্ষা যোদ্ধাসকলৰ (Exam Warriors) সৈতে এক অনানুষ্ঠানিক মত-বিনিময়ত মিলিত হয়। ‘পৰীক্ষা পে চৰ্চা’ৰ এই বিশেষ সংস্কৰণলৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ দেশৰ ভিন্ন প্ৰান্তত উক্ত কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।

শ্ৰী মোদীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ

 

"তামিলনাডুৰ কইম্বাটুৰত #ParikshaPeCharcha26-ৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি অসাধাৰণ অভিজ্ঞতা লাভ কৰো। ষ্টাৰ্টআপ আৰু এআই-ৰ পৰা আৰম্ভ কৰি আত্ম-অনুশাসন আৰু এখনি বিকশিত ভাৰত গঢ়াৰ সপোনলৈকে আজিৰ যুৱ মনৰ কৌতূহল আৰু স্পষ্টতা অসামান্য।"

"#ParikshaPeCharcha26-ৰ সময়ত ছত্তীশগড়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথা-বতৰাত এটি কৌতূহলী, চিন্তাশীল আৰু সচেতন প্ৰজন্ম উদ্ভাসিত হৈ উঠে। অধ্যয়ন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষাৰ পৰা আৰম্ভ কৰি পৰিবেশৰ যত্ন লোৱা আৰু নেতৃত্ব প্ৰদানৰ গুণ বিকাশলৈকে তেওঁলোকৰ প্ৰশ্নসমূহত চিন্তাৰ স্পষ্টতা প্ৰতিফলিত হয়।"

 

 

"গুজৰাটৰ #ParikshaPeCharcha26 কেৱল পৰীক্ষাৰ প্ৰস্তুতিতে সীমাবদ্ধ হৈ নাথাকিল। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসমূহে আত্মবিশ্বাসেৰে শিকিবলৈ আৰু ডাঙৰ হোৱাৰ গভীৰ ইচ্ছাকে প্ৰতিফলিত কৰে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে জটিল পৰিস্থিতিত চাপৰে মোকাবিলা কৰা, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা একাধিক বিষয়ত নিঃসংকোচে কথা পাতিছিল। আনকি তেওঁলোকে আশ্চৰ্য্যকৰ ৱাৰলী, পিথোৰা আৰু লিপ্পান শিল্প প্ৰদৰ্শনো কৰিছিল।"

 

 

"অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে #ParikshaPeCharcha26-ত চাপ আৰু তুলনাৰে মোকাবিলা কৰাৰ পৰা আৰম্ভ কৰি আত্মবিশ্বাস আৰু সুস্থ ৰুটিন গঢ়ি তোলালৈকে এই সকলোবোৰ বিষয় সামৰি লোৱা হয়। এই কাৰ্য্যই তেওঁলোকৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ, ডাঙৰ হোৱাৰ সমান্তৰালকৈ নিজৰ শিপা আৰু সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থকাৰ আকাংক্ষাকে প্ৰতিফলিত কৰে।"

 

 

 

"From managing stress and comparisons to building self-confidence and healthy routines, #ParikshaPeCharcha26 with students in Assam covered it all. It reflected their aspirations to do well in exams, grow while at the same time staying connected to their roots and culture."

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Housing sales rises 19% to 1.12L units in Q2, Southern cities lead momentum: PropEquity

Media Coverage

Housing sales rises 19% to 1.12L units in Q2, Southern cities lead momentum: PropEquity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।