The friendship between India and Russia has stood the test of time: PM Modi
The pandemic has highlighted the importance of the health and pharma sectors in our bilateral cooperation: PM at Eastern Economic Forum in Vladivostok
India - Russia energy partnership can help bring stability to the global energy market: PM Modi

ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ দৃষ্টিভংগীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ‘এক্ট ইষ্ট পলিচী’ৰ অংশ হিচাপে ৰাছিয়াৰ এই অঞ্চলৰ উন্নয়নৰ বাবে এক বিশ্বস্ত সহযোগী হিচাপে কাম কৰাৰ ক্ষেত্ৰত ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে। তেওঁ ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ বিকাশত ভাৰত আৰু ৰাছিয়াৰ প্ৰাকৃতিক পৰিপূৰকতাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘বিশেষ আৰু কৌশলগত অংশীদাৰীত্ব’ৰ সৈতে সংগতি ৰাখি দুয়োপক্ষৰ মাজত আৰু অধিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে স্বাস্থ্য আৰু ঔষধ খণ্ডৰ কথা বিশেষভাৱে উল্লেখ কৰে। মহামাৰীৰ সময়ত এই দুয়োটা ক্ষেত্ৰ অতি কাৰ্যকৰী প্ৰমাণিত হোৱা বুলিও শ্ৰী মোদীয়ে অভিমত ব্যক্ত কৰে। তেওঁ হীৰা, কোকিং কয়লা, তীখা, কাঠ আদিকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অন্যান্য সম্ভাব্য ক্ষেত্ৰসমূহৰ কথাও উল্লেখ কৰে।

 

২০১৯ত অনুষ্ঠিত পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সুদূৰ পূব প্ৰান্তৰ ১১ টা অঞ্চলৰ ৰাজ্যপালসকলক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

কোভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বান সত্বেও, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ নেতৃত্বত ভাৰতীয় তেল আৰু গেছ কোম্পানীসমূহৰ নেতৃত্বত এটা ভাৰতীয় প্ৰতিনিধি দলে ইইএফৰ পৰিকাঠামোৰ ভিতৰত ভাৰত-ৰাছিয়া ব্যৱসায়িক আলোচনাত অংশগ্ৰহণ কৰিছে। আনহাতে পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ এক পাৰ্শ্ব অনুষ্ঠানত ২ ছেপ্টেম্বৰত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰুপানি আৰু ৰাছিয়াৰ চাখা-য়াকুটিয়া প্ৰদেশৰ ৰাজ্যপালৰ মাজত এখন অনলাইন বৈঠক অনুষ্ঠিত হয়। পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম(ইইএফ)ৰ কাৰ্যসূচীত বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠিত ভাৰতীয় কোম্পানীৰ ৫০ জনতকৈও অধিক প্ৰতিনিধিয়েও অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰিব।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi