২২ ছেপ্টেম্বৰৰ পৰা, নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা নতুন জি এছ টি হাৰ কাৰ্যকৰী হ’বলৈ গৈ আছে, ই আমাৰ দেশৰ বাবে সমৰ্থন আৰু বৃদ্ধিৰ দ্বিগুণ শক্তি হিচাপে কাম কৰিব: প্ৰধানমন্ত্ৰী
ইয়াৰ ফলত প্ৰতিটো পৰিয়ালৰ বাবে সঞ্চয় বৃদ্ধি হোৱাই নহয় আমাৰ অৰ্থনীতিয়েও নতুন শক্তি লাভ কৰিব: প্ৰধানমন্ত্ৰী
আহক আমি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত কাম কৰোঁ! এই লক্ষ্যৰ দিশত আগুৱাই যাবলৈ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাত আমাৰ শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী
আমি আমাৰ যুৱক-যুৱতীসকলৰ মংগলৰ প্ৰতি গুৰুত্ব দিওঁ। সেইবাবেই, আমি অনলাইন মানি গেম বন্ধ কৰাৰ দৰে এটা ডাঙৰ পদক্ষেপ লৈছো: প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱ প্ৰজন্মই বিজ্ঞানী আৰু উদ্ভাৱক হোৱাৰ ক্ষেত্ৰত সুযোগৰ অভাৱত ভোগা উচিত নহয়; আমাৰ শিক্ষকসকলৰ অংশগ্ৰহণো ইয়াত গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী
গৌৰৱেৰে কওক, এয়া স্বদেশী,আজি এই আৱেগে দেশৰ প্ৰতিজন শিশুক অনুপ্ৰাণিত কৰিব লাগে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি  নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়,  বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁলোকৰ এই নিৰ্বাচন তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তথা  অটল নিষ্ঠাৰ স্বীকৃতি। প্ৰধানমন্ত্ৰীয়ে লগতে  আলোকপাত কৰে যে শিক্ষকসকলে কেৱল বৰ্তমানক গঢ় দিয়াই নহয়, তেওঁলোকে  ৰাষ্ট্ৰীয় সেৱাৰ অন্যতম   ৰূপত অৱতীৰ্ণ হৈ  দেশৰ ভৱিষ্যতকো গঢ় দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে এইবাৰৰ বঁটা বিজয়ীসকলৰ দৰেই সমগ্ৰ দেশৰ লাখ লাখ শিক্ষকেও আন্তৰিকতা, দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে শিক্ষাৰ প্ৰতি নিষ্ঠাৱান সেৱা আগবঢ়াই আছে। এই উপলক্ষে তেওঁ  দেশ নিৰ্মাণৰ লগত জড়িত এনে সকলো শিক্ষাবিদৰ অৱদানৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষকৰ চিৰস্থায়ী ভূমিকাক প্ৰশংসা কৰি কয় যে দেশ খনে  সদায় গুৰু-শিষ্য পৰম্পৰাক শ্ৰদ্ধা কৰি আহিছে। ভাৰতত এজন গুৰু কেৱল জ্ঞান প্ৰদানকাৰীয়েই  নহয়,  বৰঞ্চ জীৱনৰো পথ প্ৰদৰ্শক। শ্ৰী মোদীয়ে কয়, ‘যেতিয়া আমি উন্নত ভাৰত গঢ়াৰ দৃষ্টিভংগীৰে আগবাঢ়িছো, এই পৰম্পৰা আমাৰ শক্তি হৈয়েই আছে।আপোনালোকৰ দৰে শিক্ষকসকল এই ঐতিহ্যৰ জীৱন্ত মূৰ্তি।আপোনালোকে  কেৱল সাক্ষৰতা প্ৰদান কৰাই নহয়, নৱ প্ৰজন্মৰ মাজত  দেশৰ বাবে জীয়াই থকাৰ মনোভাৱো জগাই তুলিছে।’- শ্ৰী মোদীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকল হৈছে এখন শক্তিশালী দেশ আৰু এখন সবল সমাজৰ ভেটি। তেওঁ উল্লেখ কৰে যে শিক্ষকসকলেও পাঠ্যক্ৰম তথা  পাঠ্যক্ৰমত সময়মতে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল,এনেবোৰ কথাই  শিক্ষাক সময়ৰ বিকশিত দাবীৰ সৈতে সংযুক্ত কৰে। তেওঁ লগতে কয়, ‘দেশৰ  বাবে গ্ৰহণ কৰা সংস্কাৰতো এই একে মনোভাৱেই  প্ৰতিফলিত হৈছে।সংস্কাৰ নিৰন্তৰ আৰু সময়ৰ লগত সেয়া  প্ৰাসংগিক হ’ব লাগিব, এয়া আমাৰ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি।’

গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে লালকিল্লাৰ পৰা দিয়া প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মই প্ৰতিশ্ৰুতি দিছিলোঁ যে দীপাৱলী আৰু ষঠ পূজাৰ পূৰ্বে ৰাইজৰ বাবে দুগুণ উদযাপন হ’ব। সেই মনোভাৱৰ লগত সংগতি ৰাখি জি এছ টি পৰিষদে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জি এছ টি এতিয়া আৰু সহজ হৈ পৰিছে। বৰ্তমান মূলতঃ ৫% আৰু ১৮% জি এছ টি স্লেব দুটা আছে । এই নতুন হাৰ ২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিন , সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব।” প্ৰধানমন্ত্ৰীয়ে কয় যে নৱৰাত্ৰীৰ আৰম্ভণিৰে পৰা কোটি কোটি পৰিয়ালৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী অধিক সুলভ হৈ পৰিব।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে জি এছ টি স্বাধীন ভাৰতৰ অন্যতম বৃহৎ অৰ্থনৈতিক সংস্কাৰ। ই দেশখনক একাধিক কৰৰ জটিল জালৰ পৰা মুক্ত কৰিছে । এতিয়া ভাৰতে একবিংশ শতিকালৈ আগবাঢ়ি যোৱাৰ লগে লগে সংবাদ মাধ্যমত একাংশই জি এছ টিৰ সংস্কাৰৰ এই নতুন পৰ্যায়টোক ‘জি এছ টি ২.০’ বুলি উল্লেখ কৰাটো সঁচাকৈয়ে সমৰ্থন আৰু বৃদ্ধিৰেই প্ৰতিফলন । এই সংস্কাৰে সাধাৰণ পৰিয়ালৰ বাবে সঞ্চয় বৃদ্ধি কৰিব আৰু অৰ্থনীতিৰ  গতি শক্তিশালী কৰাৰ দৰে দ্বৈত সুবিধা প্ৰদান কৰিব। “এই পদক্ষেপে দৰিদ্ৰ, নৱ্য মধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণী, কৃষক, মহিলা, ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক যথেষ্ট সকাহ দিব বুলিও আশা কৰা হৈছে।নতুনকৈ  চাকৰি আৰম্ভ কৰা যুৱ পেছাদাৰীসকলে যান-বাহনৰ কৰ হ্ৰাস পোৱাৰ ফলত বিশেষভাৱে লাভাৱান্বিত  হ’ব।এই সিদ্ধান্তৰ জৰিয়তে পৰিয়ালসমূহে ঘৰুৱা বাজেট পৰিচালনা কৰাত আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাত সহজ হ’ব,” শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তনশীল কৰ সংস্কাৰৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি কয় যে জি এছ টিৰ ব্যাপক হ্ৰাসে ভাৰতীয় পৰিয়ালসমূহৰ ওপৰত আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস কৰিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ২০১৪ চনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী আৰু দৈনিক ব্যৱহাৰৰ সামগ্ৰীৰ ক্ষেত্ৰত  যথেষ্ট কৰ আৰোপ কৰা হৈছিল। টুথপেষ্ট, চাবোন, বাচন-বৰ্তন, চাইকেল, আনকি শিশুৰ চকলেটৰ  দৰে সামগ্ৰীয়ে ১৭%ৰ পৰা ২৮%লৈকে কৰৰ হাৰ আকৰ্ষণ কৰিছিল। হোটেলত থকাৰ দৰে মৌলিক সেৱাসমূহতো ৰাজ্যিক পৰ্যায়ৰ অতিৰিক্ত কৰকে  ধৰি তীব্ৰ কৰ আৰোপ কৰা হৈছিল। "যদি একেটা কৰ ব্যৱস্থা চলি থাকিলহেঁতেন, তেতিয়াও মানুহে প্ৰতি ১০০ টকা  খৰচৰ বিপৰীতে ২০–২৫ টকা কৰ দি থাকিলহেঁতেন। ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অধীনত এনে সামগ্ৰী আৰু সেৱাৰ জি এছ টি মাত্ৰ ৫%লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বাবে প্ৰত্যক্ষ সকাহ নিশ্চিত হৈছে।"

 

প্ৰধানমন্ত্ৰীয়ে লগতে  কয় যে এই সংস্কাৰসমূহে বিশেষকৈ মধ্যবিত্ত শ্ৰেণী, কৃষক, মহিলা, আৰু যুৱ পেছাদাৰীসকলৰ বাবে ঘৰুৱা সঞ্চয় বৃদ্ধি আৰু জীৱন-যাপনৰ খৰচ হ্ৰাস  কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিকেই  প্ৰতিফলিত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে চিকিৎসা বহুতৰে বাবে হাতেৰে ঢুকি পোৱাৰ  বাহিৰত আছিল, কংগ্ৰেছ চৰকাৰে ডায়েগনষ্টিক কিটৰ ওপৰত ১৬% কৰ আৰোপ কৰিছিল। এই পৰিমাণ এতিয়া মাত্ৰ ৫% লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে মৌলিক স্বাস্থ্যসেৱা অধিক সুলভ হৈ পৰিছে। "পূৰ্বৰ শাসন ব্যৱস্থাত ঘৰ নিৰ্মাণ কৰাটো এটা ব্যয়বহুল কাম আছিল। চিমেণ্টৰ ওপৰত ২৯% কৰ আৰোপ কৰা হৈছিল, আৰু এচি তথা টিভিৰ দৰে সঁজুলিৰ ওপৰত ৩১% কৰ আৰোপ কৰা হৈছিল। আমাৰ চৰকাৰে এই হাৰ ১৮% লৈ হ্ৰাস কৰিছে, যাৰ ফলত লাখ লাখ লোকৰ জীৱন-যাপনৰ খৰচ কম হৈছে", শ্ৰী মোদীয়ে কয়।

 

পূৰ্বৰ কৰ ব্যৱস্থাৰ অধীনত কৃষকৰ দুৰ্দশাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ  কৰে।  য’ত ট্ৰেক্টৰ, জলসিঞ্চনৰ সঁজুলি, পাম্পিং চেটৰ দৰে অত্যাৱশ্যকীয় সঁজুলিয়ে ১২%–১৪% কৰ আকৰ্ষণ কৰিছিল। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে আজি এই সামগ্ৰীসমূহৰ অধিকাংশতে ০% বা ৫% কৰ আৰোপ কৰা হৈছে, যাৰ ফলত কৃষি ব্যয় বহু পৰিমাণে হ্ৰাস পাব আৰু গ্ৰাম্য জীৱিকাতো সহায়ক হ'ব । এই সংস্কাৰসমূহ সমগ্ৰ দেশতে ঘৰুৱা বাজেট উন্নত কৰা, কৃষকসকলক সবলীকৰণ কৰা, জীৱনৰ মান বৃদ্ধিৰ বাবে চৰকাৰৰ বহল প্ৰতিশ্ৰুতিৰ অংশ হিচাবে পুনৰবাৰ  প্ৰতিফলিত হৈছে ।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বস্ত্ৰশিল্প, হস্তশিল্প, চামৰাৰ দৰে বৃহৎ কৰ্মশক্তিক নিয়োগ কৰা খণ্ডসমূহক জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ জৰিয়তে যথেষ্ট সকাহ দিয়া হৈছে। এই সংস্কাৰসমূহে এই উদ্যোগসমূহৰ শ্ৰমিক আৰু উদ্যোগীসকলক উপকৃত কৰাই নহয়, কাপোৰ-কানি, জোতাৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও কম হ’ব। “ষ্টাৰ্টআপ, এমএছএমই আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে চৰকাৰে কৰ হ্ৰাসৰ সৈতে সুশৃংখলিত পদ্ধতিৰ সংমিশ্ৰণ ঘটাইছে, ব্যৱসায়ৰ সহজতা নিশ্চিত কৰিছে আৰু কাৰ্য্যকৰী নমনীয়তা বৃদ্ধি কৰিছে”, শ্ৰী মোদীয়ে লগতে কয়। সুস্থতাৰ বিষয়ত  ক্ৰমবৰ্ধমান গুৰুত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰীয়ে জিম, চেলুন, যোগাসনৰ দৰে সেৱাৰ ক্ষেত্ৰত  কম জিএছটি ঘোষণা কৰি যুৱক-যুৱতীসকলৰ মাজত ফিটনেছক উৎসাহিত কৰে। শ্ৰী মোদীয়ে  কয় যে এই সংস্কাৰসমূহ এখন  বিকশিত  ভাৰত গঢ়ি তোলাৰ বিস্তৃত কাৰ্যসূচীৰ অংশ, য’ত যুৱক-যুৱতী, উদ্যোগ আৰু স্বাস্থ্যক মূল ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাবে গণ্য কৰা হৈছে ।

 

শেহতীয়া জি এছ টি সংস্কাৰক ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংস্কাৰে দেশৰ সমৃদ্ধিশালী অৰ্থনীতিত “পাঁচটা মূল ৰত্ন” যোগ কৰিছে। ‘প্ৰথমে কৰ ব্যৱস্থাটো যথেষ্ট সহজ হৈ পৰিছে।দ্বিতীয়তে ভাৰতীয় নাগৰিকৰ জীৱনৰ মান আৰু উন্নত হ’ব।তৃতীয়তে, খৰচ তথা  অৰ্থনৈতিক বিকাশে নতুন গতি  লাভ কৰিব।

চতুৰ্থতে, ব্যৱসায় কৰাত সহজতা শক্তিশালী হ’ব, যাৰ ফলত অধিক বিনিয়োগ আৰু চাকৰি সৃষ্টি হ’ব। পঞ্চমতে সমবায় ফেডাৰেলিজমৰ মনোভাৱ, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা হ’ব, যিটো উন্নত ভাৰতৰ বাবে অতি প্ৰয়োজনীয়”, শ্ৰী মোদীয়ে  কয়।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক ভাৰতীয়ৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি চৰকাৰৰ পথ প্ৰদৰ্শক নীতি “নাগৰিক দেৱো ভৱ” (নাগৰিক ঈশ্বৰ)ৰ কথা  পুনৰবাৰ উল্লেখ কৰে। তেওঁ আলোকপাত কৰে যে এইবাৰ কেৱল জি এছ টি হ্ৰাসৰ জৰিয়তে নহয়, আয়কৰ যথেষ্ট কৰ্তনৰ জৰিয়তেও কৰ ৰেহাইৰ সুবিধা আহিছে। ১২ লাখ টকা  পৰ্যন্ত আয় এতিয়া কৰমুক্ত, যাৰ ফলত কৰদাতাসকলক যথেষ্ট সকাহ দিব পৰা যাব।

 

শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতত মুদ্ৰাস্ফীতি বৰ্তমান অতি নিম্ন আৰু নিয়ন্ত্ৰিত স্তৰত আছে, যিয়ে প্ৰকৃত গণমুখী  শাসন ব্যৱস্থাক প্ৰতিফলিত কৰিছে। ফলত ভাৰতৰ বৃদ্ধিৰ হাৰ প্ৰায় আঠ শতাংশত উপনীত হৈছে, যাৰ ফলত ই বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এই উল্লেখযোগ্য কৃতিত্ব ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু দৃঢ়তাৰ প্ৰমাণ।

 

ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে সংস্কাৰৰ যাত্ৰা অব্যাহত ৰখাৰ অৰ্থে  চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰে প্ৰধানমন্ত্ৰীয়ে। “ আত্মনিৰ্ভৰ ভাৰত কেৱল শ্লোগান নহয় বৰঞ্চ এক দায়বদ্ধ আন্দোলন”, শ্ৰী মোদীয়ে কয়। তেওঁ সমগ্ৰ দেশৰ সকলো শিক্ষককে প্ৰতিগৰাকী  ছাত্ৰ-ছাত্ৰীৰ মাজত নিৰন্তৰ আত্মনিৰ্ভৰশীলতাৰ বীজ সিঁচিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে স্বাৱলম্বী ভাৰতৰ গুৰুত্ব সহজ ভাষা আৰু স্থানীয় উপভাষাৰে ব্যাখ্যা কৰাত শিক্ষাবিদসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত আলোকপাত কৰে। তেওঁ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক এই কথা বুজিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায় যে আনৰ ওপৰত নিৰ্ভৰশীল দেশ এখনে কেতিয়াও ইয়াৰ প্ৰকৃত সম্ভাৱনাৰ বিকাশ সাধন কৰি দ্ৰুতগতিত আগবাঢ়িব নোৱাৰে। দৈনন্দিন জীৱনত আমদানিকৃত সামগ্ৰীৰ উপস্থিতিৰ বিষয়ত  আলোকপাত কৰা আৰু থলুৱা বিকল্পৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ অনুশীলনত ছাত্ৰ-ছাত্ৰীক জড়িত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক উৎসাহিত কৰে। তেওঁ ভাৰতে খোৱাতেল আমদানিৰ বাবে বছৰি ১ লাখ কোটি টকাতকৈ অধিক ব্যয় কৰাৰ উদাহৰণ দি এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয় বুলি কয়।

 

মহাত্মা গান্ধীৰ স্বদেশীক প্ৰচাৰৰ উত্তৰাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই অভিযান সম্পূৰ্ণ কৰাটো এতিয়া এই প্ৰজন্মৰ কৰ্তব্য। শ্ৰী মোদীয়ে জোৰ দি কয় যে প্ৰতিগৰাকী  শিক্ষাৰ্থীয়ে  নিজকে প্ৰশ্ন কৰা উচিত, "মোৰ দেশৰ যিকোনো প্ৰয়োজন পূৰণৰ বাবে মই কি কৰিব পাৰো? জাতিৰ প্ৰয়োজনীয়তাৰ সৈতে নিজকে সংযোগ কৰাটো অতি প্ৰয়োজনীয়। এইখন দেশেই আমাক জীৱনত আগুৱাই লৈ গৈছে, আমাক ইমানখিনি দিছে আৰু সেইবাবেই প্ৰতিজন ছাত্ৰই সদায় এই চিন্তাটো হৃদয়ত কঢ়িয়াই লৈ ফুৰিব লাগিব: মই মোৰ দেশক কি দিব পাৰো, আৰু দেশখনৰ  কোনটো প্ৰয়োজন পূৰণ কৰাত সহায় কৰিব পাৰো?", শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বৰ্ধিত আগ্ৰহৰ শলাগ লৈ চন্দ্ৰযান অভিযানৰ সফলতাই লাখ লাখ লোকক বিজ্ঞানী আৰু উদ্ভাৱক হ’বলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই অভিযানক  কৃতিত্ব দিয়ে। তেওঁ স্মৰণ কৰে যে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ পৰা উভতি অহাৰ কথাই কেনেকৈ  বিদ্যালয় সমাজখনক অনুপ্ৰাণিত কৰিছিল , শৈক্ষিক দিশৰ বাহিৰেও যুৱক-যুৱতীসকলক গঢ় দিয়া আৰু পথ প্ৰদৰ্শন কৰাত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে অটল ইনোভেচন মিছন আৰু অটল টিংকাৰিং লেবৰ জৰিয়তে এতিয়া উপলব্ধ সমৰ্থনৰ বিষয়তো আলোকপাত কৰে, ইতিমধ্যে দেশজুৰি ১০ হাজাৰৰো অধিক লেব স্থাপন কৰা হৈছে। সমগ্ৰ ভাৰতৰ যুৱ উদ্ভাৱকসকলক উদ্ভাৱনৰ অধিক সুযোগ প্ৰদানৰ বাবে চৰকাৰে অতিৰিক্ত ৫০,০০০ লেব সৃষ্টিৰ বাবে অনুমোদন জনাইছে। “এই পদক্ষেপসমূহৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকক লালন-পালন কৰা শিক্ষকসকলৰ নিষ্ঠাবান প্ৰচেষ্টাৰ ওপৰত” শ্ৰী মোদীয়ে কয়।

 

শ্ৰী মোদীয়ে ডিজিটেল জগতৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা যুৱক-যুৱতীসকলক সুৰক্ষিত কৰাৰ লগতে ডিজিটেলভাৱে সবলীকৰণৰ বিষয়ত চৰকাৰৰ দ্বৈত মনোনিৱেশ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ শেহতীয়াকৈ সংসদত গৃহীত হোৱা অনলাইন গেমিং নিয়ন্ত্ৰণ কৰা আইনখনৰ কথা উল্লেখ কৰে, যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালক নিচাযুক্ত, আৰ্থিকভাৱে শোষণকাৰী আৰু হিংসাত্মক বিষয়বস্তুৰ পৰা ৰক্ষা কৰা।

প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক এই বিপদসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেওঁ বিশেষকৈ পৰম্পৰাগত ভাৰতীয় খেলসমূহৰ লাভ অৰ্জন কৰিবলৈ  আৰু উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহক সহায় কৰি বিশ্বব্যাপী গেমিং খণ্ডত ভাৰতৰ উপস্থিতি প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত  আলোকপাত  কৰে। শ্ৰী মোদীয়ে লগতে কয়, “ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল গেমিং আৰু ডিজিটেল সুযোগৰ বিষয়ে জ্ঞান দি চৰকাৰে এই সম্প্ৰসাৰিত উদ্যোগত যুৱক-যুৱতীসকলৰ বাবে আশাব্যঞ্জক কেৰিয়াৰৰ বিকল্প সৃষ্টি কৰাৰ কল্পনা কৰিছে।”

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাবিদসকলক ভাৰতৰ গৌৰৱ আৰু আত্মসন্মানৰ প্ৰতীক হিচাপে থলুৱা সামগ্ৰীক আঁকোৱালি লোৱাক উৎসাহিত কৰা ভোকেল ফল লোকেল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ বিদ্যালয়ৰ প্ৰকল্প আৰু ‘মেড ইন ইণ্ডিয়া’ বস্তু চিনাক্তকৰণ  তথা উদযাপন কৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক জড়িত কৰোৱাত  গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এনে কাম কৰিবলৈ দিয়াৰ পৰামৰ্শ আগবঢ়ায় যিয়ে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক ঘৰতে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ চিনাক্ত কৰাত সহায় কৰে, কম বয়সৰ পৰাই সজাগতা বৃদ্ধি কৰে। ভাৰতত নিৰ্মিত সামগ্ৰীৰ প্ৰতি আজীৱন গৌৰৱবোধ কৰিব পৰাকৈ শিল্পকলাৰ শ্ৰেণীত আৰু  বিদ্যালয়ৰ বিভিন্ন  উদযাপনত থলুৱা সামগ্ৰীৰ ব্যৱহাৰক  তেওঁ উৎসাহিত কৰে।

 

শ্ৰী মোদীয়ে বিদ্যালয়সমূহক ‘স্বদেশী সপ্তাহ’ আৰু ‘স্থানীয় সামগ্ৰী দিৱস’ৰ দৰে পদক্ষেপৰ আয়োজন কৰিবলৈ আহ্বান জনায়।  য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰিয়ালৰ পৰা স্থানীয় সামগ্ৰী আনি সেই বিষয়ে মত-বিনিময় কৰিব পাৰিব।  তেওঁ এইক্ষেত্ৰত   সজাগতা গঢ়ি তুলিবলৈ এই সামগ্ৰীসমূহৰ উৎপত্তি, নিৰ্মাতা  আৰু সেইবোৰৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়ত  আলোচনা কৰা সন্দৰ্ভত গুৰুত্ব  আৰোপ কৰে। "ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীৰ মাজত পাৰস্পৰিক মত-বিনিময় হ'ব লাগে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা থলুৱা শিল্পকৰ্ম আৰু উৎপাদনৰ মূল্যক উজ্জ্বল কৰি তুলিব লাগে। জন্মদিনৰ দৰে অনুষ্ঠানৰ বাবে মেড ইন ইণ্ডিয়া উপহাৰক উৎসাহিত কৰি স্থানীয় সামগ্ৰীৰ প্ৰতি গৌৰৱৰ ভাব  জগাই তুলিব পাৰি। এনে প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেম, আত্মবিশ্বাস, আৰু শ্ৰমিকৰ প্ৰতি সন্মানক প্ৰতিফলিত কৰিব, তেওঁলোকৰ ব্যক্তিগত সফলতাক জাতীয় প্ৰগতিৰ সৈতে সংযোগ কৰিব", শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে শিক্ষকসকলে দেশ নিৰ্মাণৰ এই অভিযানক নিষ্ঠাৰে আগুৱাই লৈ যাব। শ্ৰী মোদীয়ে সকলো বঁটা বিজয়ী শিক্ষকক তেওঁলোকৰ দৃষ্টান্তমূলক অৱদানৰ বাবে অভিনন্দন জনাই ভাষণৰ সামৰণি মাৰে  ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of protecting nature
July 28, 2026

The Prime Minister, Shri Narendra Modi, said that the welfare of humanity lies in the protection and respect of nature. He noted that India’s timeless traditions also inspire us to uphold this righteous way of life and live in harmony with the natural world.

The Prime Minister shared a Sanskrit Subhashitam-

“लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”

The Subhashitam conveys that alife lived in harmony with nature and righteousness is the foundation of happiness, security, and well-being. Therefore, may the guardians of the directions, the principal deities led by Indra, the six seasons, all months, years, nights, days, and auspicious moments always bring blessings and prosperity. May the Vedas, sacred traditions, and righteousness also protect everyone in every way and at all times.

The Prime Minister wrote on X;

“प्रकृति के संरक्षण और सम्मान में ही मानवता का कल्याण निहित है। हमारी परंपरा भी हमें इसी धर्मसम्मत आचरण की प्रेरणा देती है।

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”