২২ ছেপ্টেম্বৰৰ পৰা, নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা নতুন জি এছ টি হাৰ কাৰ্যকৰী হ’বলৈ গৈ আছে, ই আমাৰ দেশৰ বাবে সমৰ্থন আৰু বৃদ্ধিৰ দ্বিগুণ শক্তি হিচাপে কাম কৰিব: প্ৰধানমন্ত্ৰী
ইয়াৰ ফলত প্ৰতিটো পৰিয়ালৰ বাবে সঞ্চয় বৃদ্ধি হোৱাই নহয় আমাৰ অৰ্থনীতিয়েও নতুন শক্তি লাভ কৰিব: প্ৰধানমন্ত্ৰী
আহক আমি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত কাম কৰোঁ! এই লক্ষ্যৰ দিশত আগুৱাই যাবলৈ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাত আমাৰ শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী
আমি আমাৰ যুৱক-যুৱতীসকলৰ মংগলৰ প্ৰতি গুৰুত্ব দিওঁ। সেইবাবেই, আমি অনলাইন মানি গেম বন্ধ কৰাৰ দৰে এটা ডাঙৰ পদক্ষেপ লৈছো: প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱ প্ৰজন্মই বিজ্ঞানী আৰু উদ্ভাৱক হোৱাৰ ক্ষেত্ৰত সুযোগৰ অভাৱত ভোগা উচিত নহয়; আমাৰ শিক্ষকসকলৰ অংশগ্ৰহণো ইয়াত গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী
গৌৰৱেৰে কওক, এয়া স্বদেশী,আজি এই আৱেগে দেশৰ প্ৰতিজন শিশুক অনুপ্ৰাণিত কৰিব লাগে: প্ৰধানমন্ত্ৰী

আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই  সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ  বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ  ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে  এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি  শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক  আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো।  ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ  পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ  প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে  বিশাল হৈ পৰিল।  । মোৰ বিশ্বাস এয়াই  আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ  কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা  কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব  বাঢ়িব আৰু সেই দিশত আপোনালোকে  চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া  সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ  ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে  আৰু মই বিশ্বাস কৰোঁ যে এয়া  আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ  সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা  নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ  অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।

 

বন্ধুসকল,

 

আমাৰ দেশে সদায় গুৰু–শিষ্যৰ পৰম্পৰাক শ্ৰদ্ধা কৰি আহিছে। ভাৰতত এজন শিক্ষকক কেৱল জ্ঞান প্ৰদান কৰা ব্যক্তি হিচাপে চোৱা নহয়, বৰঞ্চ জীৱনৰ পথ প্ৰদৰ্শক লক্ষ্য কৰা যায়। মই প্ৰায়ে কওঁ, মাকে সন্তান জন্ম দিয়ে, কিন্তু শিক্ষকে প্ৰাণ দিয়ে। আজি আমি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সময়তে এই গুৰু–শিষ্য পৰম্পৰাও আমাৰ অন্যতম ডাঙৰ শক্তি হৈ আছে৷ আপোনালোকৰ দৰে শিক্ষকসকল এই উদাৰ পৰম্পৰাৰ প্ৰতীক। আপোনালোকে  কেৱল নৱ প্ৰজন্মক সাক্ষৰতা প্ৰদান কৰাই নহয়, দেশৰ  বাবে জীয়াই থাকিবলৈও শিকাইছে। হৃদয়ৰ ক’ৰবাত আপোনালোকে  এই চিন্তা কঢ়িয়াই লৈ ফুৰিছে যে যি শিশুৰ বাবে আপোনালোকে  সময় উচৰ্গা কৰি আছে, তেওঁ হয়তো এদিন এই দেশৰ  সেৱা কৰিব। এনে সকলো নিষ্ঠাৱান প্ৰচেষ্টাৰ বাবে আপোনালোকে  অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

শিক্ষকসকল হৈছে এখন  শক্তিশালী দেশ  আৰু এক শক্তিশালী সমাজৰ ভেটি। সময় অনুসৰি বিষয়বস্তু পাঠ্যক্ৰমৰ লগত খাপ খুৱাই লোৱাৰ গুৰুত্ব শিক্ষকসকলে বুজি পায়। তেওঁলোকে আওপুৰণি প্ৰথাৰ পৰা মুক্ত হ’ব বিচাৰে আৰু এই একে মনোভাৱ দেশ খনৰ বাবে চলি থকা সংস্কাৰতো প্ৰতিফলিত হৈছে। এইমাত্ৰ ধৰ্মেন্দ্ৰ জীয়ে এই কথাটো উল্লেখ কৰিলে, গতিকে মই ইয়াক আগুৱাই নিব বিচাৰিছো। সংস্কাৰ অবিৰত প্ৰচেষ্টা  হ’ব লাগিব। বৰ্তমান সময়ৰ লগত সেয়া  খাপ খোৱা হ’লেও দীৰ্ঘম্যাদী দৃষ্টিভংগীও থাকিব লাগিব। তেওঁলোকে বুজিব লাগিব, গ্ৰহণ কৰিব লাগিব আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত হ’ব লাগিব। চৰকাৰৰ এনে লক্ষ্যৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ, কাৰণ আমি বিশ্বাস কৰোঁ যে সময়োপযোগী সংস্কাৰ অবিহনে ভাৰতে আজিৰ বিশ্বব্যাপী পৰিস্থিতিত প্ৰাপ্য স্থান দাবী কৰিব নোৱাৰে।

 

 বন্ধুসকল,

 

মই ১৫ আগষ্টত লালকিল্লাৰ পৰা এই কথা কৈছিলো যে ভাৰতক স্বাৱলম্বী কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন অতি প্ৰয়োজনীয়। লগতে এই দেশৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো  যে দীপাৱলী আৰু ষঠ পূজাৰ আগত আনন্দ দুগুণে উদযাপন কৰা  হ’ব। এতিয়া যিহেতু আপোনালোক সকলোৱে ইয়াত দুদিন ধৰি ব্যস্ত  হৈ আছে, সেয়ে হয়তো আপোনালোকে   বাতৰি কাকত চাবলৈ বা টেলিভিছন চোৱাৰ সুযোগ পোৱা নাই, বা হয়তো ঘৰত কোনোবাই আপোনালোকে  ক’লে, “অ’, আপোনাৰ ফটো প্ৰকাশ হৈছে!” যি নহওক, আমি যি মনোভাৱেৰে আগবাঢ়িছো আৰু একে মনোভাৱেৰে কালি ভাৰত চৰকাৰে ৰাজ্যসমূহৰ সহযোগত এক অতি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত: জি এছ টি এতিয়া সহজ আৰু সৰল  হৈ পৰিছে। এতিয়া জি এছ টিৰ প্ৰধান হাৰ দুটাহে। ই ৫ শতাংশ আৰু ১৮ শতাংশ। ২২ ছেপ্টেম্বৰ, সোমবাৰ, নৱৰাত্ৰিৰ প্ৰথম দিন আৰু নৱৰাত্ৰি ‘মাত্ৰুশক্তি’ (মাতৃত্বৰ শক্তি)ৰ সৈতে গভীৰভাৱে জড়িত, এই শুভ দিনটোতে আৰম্ভ হ'ব  জি এছ টিৰ এই সংস্কাৰিত সংস্কৰণ, ইয়াক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে  কাৰ্যকৰী কৰা হ’ব। নৱৰাত্ৰিৰ পৰাই দেশৰ কোটি কোটি পৰিয়ালৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয় সামগ্ৰী  কম দামত উপলব্ধ হ’বলৈ আৰম্ভ কৰিব। এইবাৰ ধনতেৰাছৰ উৎসৱমুখৰ উল্লাসো অধিক হ’ব, কাৰণ ডজন ডজন সামগ্ৰীৰ ওপৰত এতিয়া কৰ যথেষ্ট হ্ৰাস কৰা হৈছে।

 

বন্ধুসকল,

 

আঠ বছৰ আগতে যেতিয়া জি এছ টি কাৰ্যকৰী হৈছিল তেতিয়া দশক দশক পুৰণি এটা সপোন পূৰণ হৈছিল। এয়া  মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰম্ভ হোৱা কথা নাছিল। তাৰ বহু আগতেই আলোচনা চলি আছিল। সমস্যাটো আছিল যে কেৱল কথা-বতৰাহে চলিছিল , কোনো কাম হোৱা নাছিল। স্বতন্ত্ৰ ভাৰতৰ অন্যতম বৃহৎ অৰ্থনৈতিক সংস্কাৰ আছিল জি এছ টি। সেই সময়ত দেশখন একাধিক কৰৰ জালৰ পৰা মুক্ত হৈছিল, যিটো আছিল এক বৃহৎ সাফল্য। এতিয়া একবিংশ শতিকাত ভাৰতে আগবাঢ়ি যোৱাৰ লগে লগে জি এছ টিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ প্ৰয়োজন আছিল আৰু সেয়া সম্পন্ন হৈছে। সংবাদ মাধ্যমৰ একাংশ বন্ধুৱে ইয়াক জি এছ টি ২.০ বুলি অভিহিত কৰিছে যদিও বাস্তৱত ই জাতিটোৰ বাবে সমৰ্থন আৰু বৃদ্ধিৰ দ্বিগুণ মাত্ৰাহে। দ্বিগুণ মাত্ৰাৰ অৰ্থ হ’ল এফালে সাধাৰণ পৰিয়ালৰ বাবে সঞ্চয়  আৰু আনফালে দেশৰ অৰ্থনীতিৰ বাবে নতুন শক্তি। এই নতুন জি এছ টি সংস্কাৰৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালে প্ৰচুৰ পৰিমাণে  লাভাৱান্বিত হ’ব। দৰিদ্ৰ, নৱ্য  মধ্যবিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, কৃষক, মহিলা, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীকে ধৰি সকলোৱে এই কৰ হ্ৰাসৰ পৰা লাভাৱান্বিত  হ’ব। পনীৰ(কটেজ চীজ)ৰ পৰা আৰম্ভ কৰি চেম্পু আৰু চাবোনলৈকে সকলো এতিয়া আগৰ তুলনাত সস্তা হ’ব। ইয়াৰ ফলত আপোনাৰ মাহিলী ঘৰুৱা খৰচ তথা  পাকঘৰৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব। আনকি স্কুটাৰ আৰু গাড়ীৰ কৰ হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা বিশেষকৈ কেৰিয়াৰ আৰম্ভ কৰা যুৱক-যুৱতীসকলৰ সহায়ক হ’ব। জি এছ টি হ্ৰাস কৰি  ঘৰৰ বাজেট পৰিচালনা কৰা আৰু নিজৰ জীৱনশৈলী উন্নত কৰাটোও সহজ হৈ পৰিব।

 

বন্ধুসকল,

 

কালি লোৱা সিদ্ধান্ত সঁচাকৈয়ে সন্তোষজনক। জি এছ টিৰ আগৰ কৰৰ হাৰ মনত পেলালেহে ইয়াৰ প্ৰকৃত প্ৰভাৱ বুজিব পাৰিব। কেতিয়াবা আমি গম নাপাওঁ যে কথাবোৰ কিমান সলনি হৈছে৷ উদাহৰণস্বৰূপে, আপোনাৰ নিজৰ পৰিয়ালত যদি কোনো শিশুৱে ৭০ নম্বৰ লাভ কৰে আৰু তাৰ পিছত ৭১, ৭২ বা ৭৫ নম্বৰলৈ উন্নতি কৰে, তেন্তে কোনেও বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু সেই একেটা শিশুৱে যদি ৯৯ নম্বৰ পায়, হঠাতে সকলোৱে লক্ষ্য কৰে আৰু মোৰ কথাও ঠিক সেইটোৱেই৷

বন্ধুসকল,

 

২০১৪ চনৰ আগতে, পূৰ্বৰ চৰকাৰৰ অধীনত ... আৰু মই ইয়াত কোনো চৰকাৰক সমালোচনা কৰিবলৈ অহা নাই, কিন্তু , যিহেতু আপোনালোক শিক্ষক, গতিকে আপোনালোকে এই তুলনাটো সহজেই কৰিব পাৰে,  আনকি আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলকো বুজাব পাৰে। প্ৰায় প্ৰতিটো বস্তুতে গধুৰ কৰৰ বোজা আছিল। ঘৰুৱা সামগ্ৰীয়েই  হওক, কৃষিজাত  সামগ্ৰীয়েই  হওক, ঔষধেই  হওক, আনকি জীৱন বীমাই  হওক। কংগ্ৰেছ চৰকাৰে সেইবোৰৰ  ওপৰত সুকীয়া কৰ আৰোপ কৰিছিল। যদি সেই ব্যৱস্থা চলি থাকিলহেঁতেন, আজিও যদি আমি ২০১৪ চনৰ কৰ ব্যৱস্থাৰ অধীনত থাকিলোহেঁতেন, তেন্তে ১০০ টকাৰ প্ৰতিটো ক্ৰয়ৰ বিপৰীতে আপুনি ২০–২৫ টকা কৰ দি থাকিলহেঁতেন। কিন্তু এতিয়া আপোনালোকে মোক সেৱা কৰাৰ সুযোগ দিয়াৰ পৰাই বিজেপি-এনডিএ চৰকাৰৰ অধীনত আমাৰ মনোযোগ সঞ্চয় বৃদ্ধি আৰু পৰিয়ালৰ খৰচ হ্ৰাস কৰাটোতেই নিবদ্ধ  হৈছে। সেইবাবেই এতিয়া জি এছ টিত ইমান হ্ৰাস কৰা হৈছে।

 

বন্ধুসকল,

 

কংগ্ৰেছ চৰকাৰে আপোনালোকৰ  মাহিলী ঘৰুৱা বাজেট কেনেকৈ বৃদ্ধি কৰিছিল কোনেও পাহৰিব নোৱাৰে। টুথপেষ্ট, চাবোন, চুলিৰ তেল, এই সকলোবোৰতে ২৭ শতাংশ কৰ আছিল। আজি হয়তো আপোনালোকৰ মনত নাই, কিন্তু আগতে আপোনালোকে  তাৰ মূল্য ভৰিছিল। দৈনন্দিন ব্যৱহৃত সামগ্ৰী যেনে প্লেট, কাপ, চামুচ আদি সকলোতে ১৮ৰ পৰা ২৮ শতাংশলৈকে কৰ আছিল। টুথ পাউদাৰৰ ওপৰত ১৭ শতাংশ কৰ আছিল। অৰ্থাৎ কংগ্ৰেছৰ দিনত দৈনন্দিন ব্যৱহাৰৰ প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় বস্তুৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হৈছিল। পৰিস্থিতি এনেকুৱা আছিল যে কংগ্ৰেছে আনকি শিশুৰ টফিৰ ওপৰতো ২১ শতাংশ কৰ আৰোপ কৰিছিল। হয়তো আপোনালোকে তেতিয়াৰ বাতৰি কাকতত কথাবোৰ লক্ষ্য কৰিছিল, নতুবা হয়তো কৰা নাছিল । কিন্তু মোদীয়ে কৰা হ’লে মানুহে ক্ষোভত জ্বলি উঠিলহেঁতেন। আনকি এই দেশৰ কোটি কোটি মানুহৰ বাবে দৈনন্দিন প্রয়োজনীয় চাইকেলতো ১৭ শতাংশ কৰ আছিল৷ লাখ লাখ মাতৃ-ভগ্নীৰ স্বাভিমান আৰু স্বনিয়োজনৰ উৎস হিচাপে পৰিগণিত হোৱা চিলাই মেচিনত ১৬ শতাংশ কৰ আছিল। মধ্যবিত্ত শ্ৰেণীৰ বাবেও অৱসৰ আৰু ভ্ৰমণো কঠিন কৰি তুলিছিল। কংগ্ৰেছৰ শাসনকালত হোটেলৰ কোঠা বুকিঙৰ ওপৰত ১৪ শতাংশ কৰ আৰোপ কৰা হৈছিল আৰু তাৰ ওপৰত বহু ৰাজ্যই বিলাসী কৰো আৰোপ কৰিছিল। এতিয়া এনে সামগ্ৰী আৰু সেৱাৰ ওপৰত মাত্ৰ ৫ শতাংশ কৰ থাকিব। অৱশ্যেই কিছুমান সমালোচকে এতিয়াও লিখিব “মোদীয়ে এতিয়াও ৫ শতাংশ ধন লয়।” কিন্তু পৰিৱৰ্তনটো চাওক: ৭৫০০ টকা পৰ্যন্ত মূল্যৰ হোটেলৰ কোঠাতো মাত্ৰ ৫ শতাংশ জি এছ টিহে প্ৰযোজ্য হ’ব। এয়া  সম্ভৱ হৈছে,  কাৰণ আপোনালোকে  কাম কৰা চৰকাৰ বাছি লৈছিল আৰু সেয়াই হৈছে বিজেপি-এনডিএ চৰকাৰ।

 

বন্ধুসকল,

 

পূর্বে ভাৰতত চিকিৎসা অতি ব্যয়বহুল বুলি প্ৰায়ে অভিযোগ উত্থাপন হৈছিল। আনকি মৌলিক পৰীক্ষাবোৰো দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ হাতেৰে ঢকি পোৱাৰ  বাহিৰত আছিল। কাৰণ আছিল কংগ্ৰেছ চৰকাৰে ডায়েগনষ্টিক কিটৰ ওপৰত ১৬ শতাংশ কৰ আৰোপ কৰিছিল। আমাৰ চৰকাৰে এনে বস্তুৰ কৰ মাত্ৰ ৫ শতাংশলৈ হ্ৰাস কৰিছে।

 

বন্ধুসকল,

 

কংগ্ৰেছৰ শাসনকালত ঘৰ নিৰ্মাণ কৰাটো আছিল অত্যন্ত ব্যয়বহুল কাম। কিয়? কাৰণ কংগ্ৰেছ চৰকাৰে চিমেণ্টৰ ওপৰত ২৯ শতাংশ কৰ আৰোপ কৰিছিল। কেনেবাকৈ ঘৰ সাজিলেও এচি, টিভি, ফেন আদি ঘৰুৱা মৌলিক সা-সঁজুলি অনাটো বৰ ব্যয়বহুল আছিল, কাৰণ কংগ্ৰেছ চৰকাৰে এনে সামগ্ৰীৰ ওপৰত ৩১ শতাংশ কৰ আৰোপ কৰিছিল। একত্ৰিশ শতাংশ! এতিয়া আমাৰ চৰকাৰে এনে বস্তুৰ ওপৰত কৰ ১৮ শতাংশলৈ হ্ৰাস কৰিছে, যিটো প্ৰায় আধা।

 

বন্ধুসকল,

 

কংগ্ৰেছৰ শাসনকালত কৃষকসকলো গভীৰভাৱে অশান্তিৰ সন্মুখীন হৈছিল। ২০১৪ চনৰ আগতে কৃষিৰ  ব্যয় অতি বেছি হোৱাৰ বিপৰীতে লাভ অতি কম আছিল। কাৰণ আছিল কৃষি সঁজুলিৰ ওপৰতো কংগ্ৰেছ চৰকাৰে গধুৰ কৰ আৰোপ কৰিছিল। ট্ৰেক্টৰেই  হওক, জলসিঞ্চনৰ সঁজুলিয়েই   হওক, হাতৰ সঁজুলি হওক বা পাম্পিং চেটেই  হওক, এনে বস্তুৰ ওপৰত ১২ৰ পৰা ১৪ শতাংশ হাৰত কৰ আৰোপ কৰা হৈছিল। এতিয়া এনে বহু বস্তুৰ ওপৰত জি এছ টি হয় শূন্য বা মাত্ৰ পাঁচ শতাংশলৈ হ্ৰাস কৰা হৈছে।

 

বন্ধুসকল,

 

‘বিকশিত ভাৰত’ৰ আন এটা স্তম্ভ হ’ল আমাৰ ‘যুৱ শক্তি’’ । আমাৰ যুৱক-যুৱতীসকলে যাতে অধিক কৰ্মসংস্থাপনৰ সুযোগ পায় আৰু ক্ষুদ্ৰ ব্যৱসায়ত জড়িতসকলে কম অসুবিধাৰ সন্মুখীন হয়, সেয়া নিশ্চিত কৰা হৈছে। সৰ্বোচ্চ শ্ৰমিক শক্তিক নিয়োগ কৰা খণ্ডসমূহে জি এছ টিৰ হাৰ কম কৰাৰ বাবে  বিপুল সকাহ লাভ কৰিছে। বস্ত্ৰশিল্পই হওক, হস্তশিল্পই হওক, চামৰাই  হওক, এই খণ্ডসমূহৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলে যথেষ্ট লাভাৱান্বিত  হৈছে। ইয়াৰ সমান্তৰালকৈ কাপোৰ-কানি আৰু জোতাৰ দামো যথেষ্ট হ্ৰাস পোৱাৰ কথা। আমাৰ ষ্টাৰ্ট-আপ, এম এছ এম ই আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে কেৱল কৰ হ্ৰাস কৰাই নহয়, কিছুমান পদ্ধতিও সৰল কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকৰ ব্যৱসায় কৰাত সহজতা আৰু অধিক বৃদ্ধি পাব।

 

বন্ধুসকল,

 

যুৱক-যুৱতীসকলে আন এটা ক্ষেত্ৰতো উপকৃত হ’ব যিটো হ’ল ফিটনেছ খণ্ড। জিম, চেলুন, যোগাসনৰ দৰে সেৱাৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। অৰ্থাৎ আমাৰ যুৱক-যুৱতীসকল ফিট আৰু হিট দুয়োটা হ’ব। আৰু মই আপোনালোকক সোঁৱৰাই দিওঁ যে যেতিয়া চৰকাৰে আপোনালোকৰ ফিটনেছৰ বাবে ইমানখিনি কৰি আছে, তেতিয়া মই এটা কথা আওৰাই থাকোঁ: আপোনালোক  এনে  মানুহ যিয়ে প্ৰতিদিনে আন ২০০ জনৰ সৈতে মত বিনিময় কৰে, গতিকে অনুগ্ৰহ কৰি মোৰ বাৰ্তা তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক যে মেদবহুলতা আমাৰ দেশৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়। সেইবাবেই মই কওঁ, আৰম্ভণিতে আপোনালোকৰ তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰক। মহম্মদ জী, আপুনি ইয়াৰ বাবে মোৰ ৰাষ্ট্ৰদূত হওক। মেদবহুলতাৰ বিৰুদ্ধে যুঁজখন  দুৰ্বল হ’ব নালাগিব।

 

বন্ধুসকল,

 

জি এছ টিত কৰা সংস্কাৰৰ সাৰাংশ যদি মই কওঁ তেন্তে  ক’ম যে ভাৰতৰ সজীৱ অৰ্থনীতিত পাঁচটা ৰত্ন  সংযোজন কৰিছে। প্ৰথমতে, কৰ ব্যৱস্থাটো বহুত সহজ হৈ পৰিছে। দ্বিতীয়তে, ভাৰতীয় নাগৰিকৰ জীৱনৰ মান আৰু অধিক উন্নত হ’ব। তৃতীয়তে, খৰচ আৰু বৃদ্ধি দুয়োটাই নতুনকৈ লাভ কৰিব। চতুৰ্থতে, ব্যৱসায়ত  সহজে বিনিয়োগ আৰু চাকৰিৰ সৃষ্টি শক্তিশালী কৰিব।  পঞ্চমতে, সমবায় ফেডাৰেলিজম অৰ্থাৎ ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ অংশীদাৰিত্ব এখন  ‘বিকশিত  ভাৰত’ৰ বাবে অধিক শক্তিশালী হ’ব।

 

বন্ধুসকল,

 

“আমাৰ নাগৰিকসকল দেৱতাৰ দৰে”,  আমাৰ পথ প্ৰদৰ্শনৰ  মন্ত্ৰ। এইবাৰ কেৱল জি এছ টি হ্ৰাস কৰাই নহয়, আয়কৰো যথেষ্ট হ্ৰাস কৰা হৈছে। ১২ লাখ টকা পৰ্যন্ত আয় সম্পূৰ্ণ কৰমুক্ত কৰা হৈছে। আজিকালি যেতিয়া আপুনি আপোনাৰ আই টি আৰ দাখিল কৰে তেতিয়া এই সিদ্ধান্তৰ সুখদায়ক প্ৰভাৱ আৰু বেছি অনুভৱ কৰিব,  নহয়নে? অৰ্থাৎ আয়ৰ লগতে ব্যয়ৰ ক্ষেত্ৰতো সঞ্চয়। যদি এয়া  “ডাবল লাভ ” নহয়, তেন্তে কি!

 

বন্ধুসকল,

 

এতিয়া মুদ্ৰাস্ফীতিৰ হাৰো অতি নিম্ন স্তৰত, নিয়ন্ত্ৰণত আছে আৰু ইয়াক আমি জনসমৰ্থক শাসন বুলি কওঁ। যেতিয়া জনস্বাৰ্থ আৰু জাতীয় স্বাৰ্থত সিদ্ধান্ত লোৱা হয় তেতিয়া দেশ আগবাঢ়ি যায়। সেইবাবেই আজি ভাৰতৰ বৃদ্ধি প্ৰায় ৮ শতাংশ। আমি পৃথিৱীৰ আটাইতকৈ দ্ৰুত গতিত বৃদ্ধি পাইছো। এয়া ১৪০ কোটি ভাৰতীয়ৰ শক্তি, ১৪০ কোটি ভাৰতীয়ৰ দৃঢ়তা। আৰু মই মোৰ দেশৰ নাগৰিকসকলক পুনৰ ক’ব বিচাৰিছো- ভাৰতক স্বাৱলম্বী কৰি তুলিবলৈ সংস্কাৰৰ যাত্ৰা অব্যাহত থাকিব আৰু ই বন্ধ হ’ব নোৱাৰে।

 

বন্ধুসকল,

 

আত্মনিৰ্ভৰশীলতা কেৱল ভাৰতৰ শ্লোগান নহয়। এই দিশত সুনিৰ্দিষ্ট প্ৰচেষ্টা চলোৱা হৈছে। লগতে আশা কৰোঁ আপোনালোক সকলোৰে আৰু দেশৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে এই ধাৰণাটোৰ বীজ, ‘আত্মনিৰ্ভৰ ভাৰত’ (এখন  স্বাৱলম্বী ভাৰত)ৰ গুৰুত্ব প্ৰতিগৰাকী  ছাত্ৰ-ছাত্ৰীৰ মাজত সিঁচি থাকিব। আপোনালোকে ল’ৰা-ছোৱালীক, নিজৰ সহজ ভাষা আৰু উপভাষাৰে বুজাব পাৰে যে ভাৰতৰ বাবে আত্মনিৰ্ভৰশীলতা কিয় ইমান গুৰুত্বপূৰ্ণ। তেওঁলোকে আপোনাক বিশ্বাস কৰে। আপুনি তেওঁলোকক ক’ব পাৰে যে আনৰ ওপৰত নিৰ্ভৰশীল দেশ এখনে কেতিয়াও নিজৰ প্ৰকৃত সম্ভাৱনাৰ বিকাশ ঘটাই  দ্ৰুতগতিত আগবাঢ়িব নোৱাৰে।

 

বন্ধুসকল,

 

আজিৰ ছাত্ৰ-ছাত্ৰী আৰু ভাৰতৰ আগন্তুক প্ৰজন্মৰ মাজত এটা প্ৰশ্ন ধাৰাবাহিকভাৱে  প্ৰচাৰ কৰিব লাগিব আৰু সেয়া আমাৰ কৰ্তব্য। স্কুলৰ সভাতো ইয়াৰ বিষয়ে আলোচনা হোৱাটো মই বিচাৰো। কেতিয়াবা, মাত্ৰ এই পৰীক্ষাটো চেষ্টা কৰক। আপোনাৰ ঘৰত কিমান বিদেশত নিৰ্মিত বস্তু সোমাইছে সেয়াও গম নাপাব৷ ইচ্ছাকৃতভাৱে যে বিদেশী সামগ্ৰী বিচাৰে এনে নহয়, কিন্তু লক্ষ্য নকৰাকৈয়ে ইতিমধ্যে সেইবোৰ আছে৷ ল’ৰা-ছোৱালীয়ে, পৰিয়ালৰ সৈতে বহি, ৰাতিপুৱাৰ পৰা পিছদিনা পুৱালৈকে ব্যৱহাৰ কৰা সকলো বস্তুৰ তালিকা এখন তৈয়াৰ কৰিব লাগে। তেওঁলোকে আচৰিত হ’ব যে চুলিত মৰা  পিন এটাও বিদেশী, কম্বল এখনো  বিদেশী! তেওঁলোকে গম পোৱা নাই৷ সজাগতা আহিলেই শিশুটিয়ে ক’ব: “অ’, ইয়াৰ পৰা মোৰ দেশে কি লাভ কৰিছে?” আৰু সেইবাবেই মই বিশ্বাস কৰোঁ যে আপুনি সমগ্ৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰে। মহাত্মা গান্ধীয়ে এসময়ত আমাৰ বাবে  সম্পূর্ণ কৰিবলৈ এৰি থৈ যোৱা কামখিনি কৰাৰ  আজি আমাৰ সৌভাগ্য হৈছে৷ মই বিচাৰো আমি সকলোৱে ইয়াক আগুৱাই লৈ যাওঁ। আৰু মই সদায় শিশুসকলক উৎসাহিত কৰি কওঁ: মই কি কৰিব পাৰো তাৰে  যাতে মই মোৰ দেশৰ অন্ততঃ এটা প্ৰয়োজন পূৰণ কৰিব পাৰো? যদি মোৰ দেশত কিবা এটা উপলব্ধ নহয়, তেতিয়া মই সেয়া প্ৰস্তুত কৰিম । চেষ্টা কৰিম। মই ইয়ালৈ সেয়া আনিম।

 

এতিয়া কল্পনা কৰকচোন, আজিও আমাৰ দেশে এক লাখ কোটি টকাৰ খোৱাতেল আমদানি কৰিবলগীয়া হৈছে। খোৱাতেল! আমি কৃষিচালিত দেশ। আমাৰ জীৱনশৈলীয়েই  হওক, আমাৰ প্ৰয়োজনেই  হওক, আমাৰ বাধ্যবাধকতাই হওক, এনে বহুত কথা আছে। কিন্তু দেশ স্বাৱলম্বী হ’ব লাগিব। এই মুহূৰ্তত এক লাখ কোটি টকা ওলাই গৈছে। সেই ধন ইয়াত থাকিলে ইমানবোৰ স্কুল নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন, ইমানবোৰ শিশুৰ জীৱন গঢ় দিব পৰা গ’লহেঁতেন৷ সেইবাবেই আমি আত্মনিৰ্ভৰ ভাৰতক আমাৰ জীৱনৰ মন্ত্ৰ কৰি তুলিব লাগিব। ইয়াৰ বাবে আমি নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব লাগিব আৰু দেশৰ প্ৰয়োজনীয়তাৰ সৈতে নিজকে সংযোগ কৰিব লাগিব। এয়া  অতি গুৰুত্বপূৰ্ণ কথা। দেশ খনে আমাক য’ত আছো তাৰ পৰা য’লৈ যাব পাৰো তালৈ লৈ যায়। দেশ খনেই আমাক ইমানখিনি দিছে। গতিকে আমি সদায় ভাবিব লাগিব: আমি দেশ খনক কি দিব পাৰো, দেশৰ কি কি প্ৰয়োজন পূৰণ কৰিব পাৰো? এই কথাই প্ৰতিগৰাকী  ছাত্ৰ-ছাত্ৰী, নতুন প্ৰজন্মৰ প্ৰতিগৰাকী সদস্যৰ হৃদয়ত সজীৱ কৰি তুলিব লাগিব।

 

বন্ধুসকল,

 

আজি ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱনৰ প্ৰতি, বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি এক নতুন আবেগ জাগ্ৰত হৈছে। চন্দ্ৰযানৰ সফলতাই ইয়াত অতি ডাঙৰ ভূমিকা লৈছে। চন্দ্ৰযানে দেশৰ প্ৰতিজন শিশুকে বিজ্ঞানী হোৱাৰ, উদ্ভাৱক হোৱাৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে। শেহতীয়াকৈ আমি দেখিলোঁ, মহাকাশ অভিযানৰ পৰা উভতি অহা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই যেতিয়া তেওঁৰ বিদ্যালয়  ভ্ৰমণ কৰিছিল, তেতিয়া সমগ্ৰ পৰিৱেশটো ৰূপান্তৰিত হৈছিল। শুভাংশুৰ এই কৃতিত্বৰ আঁৰত তেওঁৰ শিক্ষকসকলৰ নিশ্চয় ভূমিকা আছিল, নহ’লে সেয়া সম্ভৱ নহ’লহেঁতেন৷ ইয়াৰ পৰা দেখা যায় যে শিক্ষকে কেৱল যুৱক-যুৱতীক শিকাই নাথাকে, তেওঁলোকে গঢ়ো দিয়ে, দিশো দিয়ে।

 

বন্ধুসকল,

 

আপোনালোকৰ এই প্ৰচেষ্টাক এতিয়া অটল ইনোভেচন মিছন আৰু অটল টিংকাৰিং লেবেও সহায় কৰিছে। এই পৰ্যন্ত সমগ্ৰ দেশতে ১০ হাজাৰ অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে। দেশখনে আৰু ৫০ হাজাৰ অটল টিংকাৰিং লেব সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে আৰু এই বিষয়ত কাম দ্ৰুতগতিত আগবাঢ়িছে। আপোনালোকৰ দৰে শিক্ষকৰ প্ৰচেষ্টাতেই ভাৰতৰ নৱপ্ৰজন্মই সঁচা অৰ্থত এই লেবসমূহত উদ্ভাৱনৰ প্ৰতিটো সুযোগ লাভ কৰিব।

 

বন্ধুসকল,

 

এফালে আমাৰ চৰকাৰে নতুনত্বৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে আৰু যুৱক-যুৱতীসকলক ডিজিটেলভাৱে সবলীকৰণ কৰিছে। আনহাতে, ডিজিটেল জগতৰ নেতিবাচক প্ৰভাৱৰ পৰা আমাৰ নতুন প্ৰজন্ম, আমাৰ স্কুলীয়া শিক্ষাৰ্থী , আমাৰ ছাত্ৰ-ছাত্ৰী আৰু ঘৰত থকা আমাৰ ল’ৰা-ছোৱালীকো ৰক্ষা কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ স্বাস্থ্য আৰু উৎপাদনশীলতা উন্নত কৰাত মনোনিৱেশ কৰাটো আমাৰ সামূহিক কৰ্তব্য। আপোনালোকে নিশ্চয় দেখিছে যে শেহতীয়াকৈ সংসদৰ অধিৱেশন যেতিয়া  অনুষ্ঠিত হৈছিল, আমি অনলাইন গেমিঙৰ সৈতে জড়িত আইন এখন গৃহীত কৰিছিলো। এই বিষয়ে শিক্ষকসকলে জনা উচিত। গেমিং আৰু জুৱাৰ কথা। দুৰ্ভাগ্যজনকভাৱে গেমিং হিচাপে আৰম্ভ হোৱা কথাবোৰ প্ৰায়ে জুৱালৈ পৰিণত হয়। এই কাৰণেই চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিল। একাংশই এনেধৰণৰ আইন কাৰ্যকৰী হোৱাটো কেতিয়াও নিবিচাৰিছিল, আমাৰ দেশত জুৱা খেল নিষিদ্ধ হোৱাটো কেতিয়াও নিবিচাৰিছিল, ইয়াৰ আঁৰত  শক্তিশালী শক্তি আছিল। কিন্তু আজি আমাৰ হাতত ৰাজনৈতিক ইচ্ছাশক্তি আৰু দেশ আৰু সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি যত্ন লোৱা মৰমৰ  চৰকাৰ আছে। সেইবাবেই কোনো হেঁচাত শিৰণত নকৰাকৈ বা সমালোচনাৰ কথা  চিন্তা নকৰাকৈয়ে আমি অনলাইন গেমিং সম্পৰ্কে আইন এখন আনিলোঁ। এনে বহু অনলাইন গেমে আমাৰ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱান্বিত  কৰি আছিল। ইয়াৰ সৈতে টকাৰ কথা  জড়িত আছিল। মানুহে অধিক উপাৰ্জনৰ উদ্দেশ্যেৰে বিনিয়োগ কৰিব। আনকি কিছুমান ঠাইৰ পৰা  খবৰ  পাইছিলোঁ যে পৰিয়ালত, য’ত মহিলাকে ধৰি ঘৰৰ প্ৰতিজন সদস্যৰ হাতত মোবাইল থাকে, দিনত পৰিয়ালটো কামলৈ যোৱাৰ পিছত  বহুতে এই খেলবোৰ খেলি সময় কটাব। ফলত আত্মহত্যাৰ ঘটনা ঘটাৰ লগতে মানুহ ঋণৰ ফান্দত  পৰিল। পৰিয়ালবোৰ ধ্বংস হৈছিল, আৰ্থিক লোকচান বাঢ়ি আহিছিল। আৰু এই সমস্যাটো আছিল নিচাৰ দৰে, ড্ৰাগছৰ দৰে। এই গেমবোৰে আপোনাক ফান্দত পেলায়, আকৰ্ষণীয় বিষয়বস্তুৰে প্ৰলোভিত কৰে, আৰু যিকোনো ব্যক্তিয়েই ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। পৰিয়ালৰ বাবে ই এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিল। সেইবাবেই মই কওঁ, আইনখন অনা  হৈছে যদিও শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। অভিভাৱকসকলে অভিযোগ কৰিব পাৰে, কিন্তু পৰিস্থিতি সলনি কৰিব নোৱাৰে,  কাৰণ ইয়াৰ ফলত ঘৰত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়। শিক্ষকসকলে অৱশ্যে এইক্ষেত্ৰত অতি ডাঙৰ ভূমিকা ল’ব পাৰে। আমি আইনখন গৃহীত কৰিছো, আৰু প্ৰথমবাৰৰ বাবে আমি নিশ্চিত কৰিছো যে এনে ক্ষতিকাৰক বিষয়বস্তু যাতে শিশুৰ ওচৰলৈ নাযায়। আপোনালোক সকলো শিক্ষক-শিক্ষয়িত্ৰীক এই বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছো। কিন্তু ইয়াত দুটা দিশ আছে: গেমিং নিজেই বেয়া নহয়; জুৱা বেয়া। যেতিয়ালৈকে  পইচা জড়িত নহয় তেতিয়া কথাটো বেলেগ। আপুনি জানে যে আচলতে অলিম্পিকেও কিছুমান বিশেষ ধৰণৰ গেমিঙক খেল হিচাপে স্বীকৃতি দিছে। সেয়া  হৈছে প্ৰতিভা বিকাশ, দক্ষতা বিকাশ আৰু উৎকৃষ্টসকলক প্ৰশিক্ষণ দিয়া ,  সেয়া সম্পূৰ্ণ বেলেগ কথা। কিন্তু যেতিয়া ই নিচালৈ পৰিণত হয়, যেতিয়া ই শিশুৰ জীৱন ধ্বংস কৰে, তেতিয়া সেয়া দেশৰ  বাবে অতি চিন্তনীয় পৰিস্থিতি।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে এনে প্ৰচেষ্টা চলাইছে যাতে আমাৰ যুৱক-যুৱতীসকলে গেমিং খণ্ডত নিজৰ বিশ্বব্যাপী উপস্থিতি সম্প্ৰসাৰণ কৰিব পাৰে। ভাৰততো সৃষ্টিশীল কামত নিয়োজিতসকলে আমাৰ কাহিনী, আখ্যান, পৰম্পৰাৰ জৰিয়তে বহুতো নতুন খেলৰ বিকাশ ঘটাব পাৰে। আমি বিশ্বব্যাপী গেমিং বজাৰখন দখল কৰিব পাৰো। ভাৰতত বহুতো প্ৰাচীন খেল আৰু চহকী সাংস্কৃতিক বিষয়বস্তু আছে,  যিয়ে অনলাইন গেমিঙৰ জগতখনত ঢৌ তুলিব পাৰে। আচলতে  কিছুমানে ইতিমধ্যে তেনেকৈয়ে কৰি আছে, আৰু আমি ইয়াতকৈ বহু বেছি কৰিব পাৰো। কেইবাটাও ষ্টাৰ্ট-আপে এই ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰি আছে। যদি বিদ্যালয়-মহাবিদ্যালয়সমূহেও ছাত্ৰ-ছাত্ৰীসকলক এই সুযোগসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে, তেন্তে ই তেওঁলোকৰ বাবে এক অতি উত্তম কেৰিয়াৰ বিকল্প মুকলি কৰিব পাৰে বুলি মোৰ বিশ্বাস।

 

বন্ধুসকল,

 

লালকিল্লাৰ পৰা মই এটা কথা উত্থাপন কৰিছিলোঁ, যিটো কথা আপোনালোকৰ বহুতেই মোক সুধিছে। “ভ’কেল ফৰ লোকেল” গ্ৰহণ কৰাৰ বাবে, স্বদেশীক আঁকোৱালি লোৱাৰ বাবে মই তীব্ৰ আবেদন জনাইছিলোঁ। স্বদেশী মানে আমাৰ দেশত যি উৎপাদিত হয়, ইয়াত যি প্ৰস্তুত কৰা  হয়, আমাৰ দেশবাসীৰ ঘাম নিহিত হৈ থকা  বস্তু, আমাৰ মাটিৰ সুগন্ধি কঢ়িয়াই নিয়া বস্তু। সেয়াই  মোৰ বাবে স্বদেশী।  ইয়াৰ বাবে আমি গৌৰৱ অনুভৱ কৰিব লাগিব। প্ৰত্যেক ঘৰে নিজৰ ল’ৰা-ছোৱালীক ঘৰত ব’ৰ্ড লগাবলৈ ক’ব লাগে ... আমি যেনেকৈ “হৰ ঘৰ তিৰংগা” বুলি কওঁ, আমিও ক’ব লাগিব “হৰ ঘৰ স্বদেশী।” প্ৰতিজন দোকানীয়ে গৌৰৱেৰে “এইটো স্বদেশী” বুলি বৰ্ড এখন লগাই দিব লাগে। আমি গৌৰৱ  কৰিব লাগিব যে: “এইটো মোৰ দেশৰ আৰু এইটো মোৰ দেশত নিৰ্মিত।” আমি এনে পৰিৱেশ গঢ়ি তুলিব লাগিব, আৰু শিক্ষকসকলে “ভ’কেল ফৰ লোকেল”  হোৱাৰ এই অভিযানত অতি ডাঙৰ ভূমিকা গ্ৰহণ কৰিব  পাৰে।

 

বিদ্যালয়ত শিশুসকলক প্ৰকল্প আৰু কাৰ্য্যসূচীৰ জৰিয়তে “মেক ইন ইণ্ডিয়া” সামগ্ৰী চিনাক্ত কৰিবলৈ শিকাব পাৰি। এয়া  আপুনি খেলিমেলিকৈ শিকাব পাৰে। উদাহৰণস্বৰূপে, এচাইনমেণ্ট হিচাপে ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ ঘৰত কিমান বস্তু স্বদেশী  সেই বিষয়ে এখন তালিকা প্ৰস্তুত কৰিব পাৰে। আগতে কোৱাৰ দৰে পিছদিনা ক্লাছত উপস্থাপন কৰিব পাৰে। তেতিয়া পৰিয়ালসমূহে সিদ্ধান্ত ল’ব পাৰে যে এই মাহত আমি বিদেশী সামগ্ৰী ইমানলৈ  হ্ৰাস কৰিম, অহা মাহত ইমানখিনি হ্ৰাস কৰিম৷ লাহে লাহে গোটেই পৰিয়ালটো স্বদেশীলৈ স্থানান্তৰিত হ’ব। আনকি মই পৰামৰ্শ দিম যে যদি কোনো বিদ্যালয়ত ধৰক দহটা শ্ৰেণী থাকে , তেন্তে প্ৰতিটো শ্ৰেণীয়ে পাল পাতি স্বদেশীৰ বিষয়ে প্ৰচাৰ কৰিবলৈ  প্লেকাৰ্ড লৈ গাঁৱত পুৱাৰ সমাৱেশ কৰিব পাৰে। এদিন ক্লাছ ১, পিছদিনা ক্লাছ ২, তৃতীয় দিন ক্লাছ ৩ ইত্যাদি। এইদৰে স্বদেশী, স্বদেশী, স্বদেশীৰ পৰিবেশ অহৰহ গাঁওখনত সজীৱ হৈ থাকিব। ইয়াৰ দ্বাৰা দেশৰ অৰ্থনৈতিক শক্তি বহু পৰিমাণে শক্তিশালী হ’ব পাৰে বুলি মোৰ বিশ্বাস। যদি প্ৰতিজন ব্যক্তিয়ে ইয়াত  অলপ হ’লেও অৰিহণা যোগায়, তেন্তে আমি কল্পনা কৰা সপোন, যিটো হৈছে ২০৪৭ চনৰ ভিতৰত দেশখনক ‘বিকশিত  ভাৰত’ হিচাপে গঢ়ি তোলা, সেয়া পূৰণ হ’ব পাৰে। আৰু কওকচোন, দেশখনৰ উন্নতি হোৱাটো কোনে নিবিচাৰিব? কোনেও নহয়! কিন্তু তাৰ বাবে আমি ক’ৰবাৰ পৰা আৰম্ভ কৰিব লাগিব। আমি প্ৰচেষ্টা চলাব লাগিব।

 

বন্ধুসকল,

 

আমাৰ বিদ্যালয়ত আমি বিভিন্ন ধৰণৰ উৎসৱ আৰু অনুষ্ঠান উদযাপন কৰো। আমিও এই উদযাপনৰ মাজলৈ স্বদেশীৰ বাৰ্তা কঢ়িয়াই নিব পাৰোঁ। আমি চাব লাগে যে আমি কেনেকৈ ভাৰতীয় সামগ্ৰী সজোৱা কাম আদিৰ  বাবে ব্যৱহাৰ কৰিব পাৰো, বা শিল্পকলাৰ ক্লাছত আমি কেনেকৈ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰো। এনেধৰণৰ প্ৰথাই সৰুৰে পৰা শিশুৰ মাজত স্বদেশীৰ মনোভাৱক লালন-পালন কৰা এক পৰিবেশৰ সৃষ্টি কৰিব।

 

বন্ধুসকল,

 

বিদ্যালয়ত আমি বহু বিশেষ দিন উদযাপন কৰো। তেনেহ’লে “স্বদেশী  দিৱস”, “স্বদেশী  সপ্তাহ”, বা “স্থানীয় সামগ্ৰী দিৱস”ও উদযাপন কৰা নহয় কিয়? যদি আমি এয়া  এক অভিযান হিচাপে চলাওঁ, আপোনালোক শিক্ষকসকলে ইয়াৰ নেতৃত্ব দি, তেন্তে সমাজখনক এক নতুন পৰিচয় আৰু দিশ দিয়াত আপোনালোকে এক বৃহৎ অৱদান আগবঢ়াব পাৰিব। এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰি য’ত শিশুৱে ঘৰৰ পৰা স্থানীয় সামগ্ৰী এটা আনি তাৰ কাহিনী, ক’ত নিৰ্মাণ কৰা হৈছে, কোনে বনাইছে, দেশৰ বাবে ইয়াৰ গুৰুত্ব কিমান আদি কয় । শিশুসকলে স্থানীয় উৎপাদক আৰু শিল্পীৰ সৈতেও সংযোগ স্থাপন কৰিব পাৰে, যিবোৰ পৰিয়ালে প্ৰজন্ম ধৰি হস্তশিল্পৰ অনুশীলন কৰি আহিছে। বিদ্যালয়সমূহে এনে লোকসকলক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিবলৈ, তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে। জন্মদিন উদযাপনৰ সময়তো উপহাৰ দিবলৈ হ’লে শিশুসকলক মেড ইন ইণ্ডিয়াৰ সামগ্ৰী দিবলৈ উৎসাহিত কৰিব পাৰি, গৌৰৱেৰে ক’ব পাৰি যে “চাওক, এইটো মেড ইন ইণ্ডিয়া, মই এইটো বিশেষভাবে  আপোনালোকৰ বাবে লৈ আহিছো।” মুঠতে আমি মেড ইন ইণ্ডিয়াক আমাৰ জীৱনৰ আধাৰ হিচাপে গঢ়ি তুলিব লাগিব। এই কথাটোক আমি আমাৰ দায়িত্ব হিচাপে আগুৱাই নিব লাগিব। তেনে কৰিলে দেশপ্ৰেম, আত্মবিশ্বাস, শ্ৰমৰ মৰ্যাদা আদি মূল্যবোধ স্বাভাৱিকতে আমাৰ সামাজিক জীৱনৰ অংগ হৈ পৰিব। ইয়াৰ দ্বাৰা আমাৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ ব্যক্তিগত সফলতাক দেশৰ প্ৰগতিৰ সৈতে সংযোগ কৰিবলৈ অনুপ্ৰাণিত কৰা হ’ব। আৰু এইটোৱেই, মোৰ বিশ্বাস, ‘বিকশিত  ভাৰত’ গঢ়াৰ আটাইতকৈ ডাঙৰ সূত্ৰ। মোৰ বিশ্বাস, শিক্ষক হিচাপে আপোনালোক সকলোৱে কৰ্তব্যবোধেৰে এই মহান দেশ নিৰ্মাণৰ অভিযানত যোগদান কৰিব। আৰু যেতিয়া আপোনালোকে  আমাৰ দেশক শক্তিশালী কৰাৰ এই দায়িত্ব কান্ধত তুলি ল’ব , তেতিয়া আমি নিশ্চয় আমাৰ ইচ্ছামতে ফল লাভ কৰিম। আকৌ এবাৰ আপোনালোক সকলোকে এই সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে উষ্ম অভিনন্দন জনাইছো।  আজি, আপোনালোকে  সাধাৰণতে কৰৰি থকা কামটোকে কৰিলোঁ— আপোনালোকক  হোমৱৰ্ক দিলোঁ! মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকে  ইয়াক সম্পূৰ্ণ কৰিব। আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring

Media Coverage

IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds designation of Jai Prakash Narayan Bird Sanctuary as India's 100th Ramsar site
June 05, 2026

Prime Minister Shri Narendra Modi today expressed great happiness over India achieving a century of Ramsar sites, following the designation of the Jai Prakash Narayan Bird Sanctuary (Surha Tal) in Ballia, Uttar Pradesh, as the nation's 100th Ramsar site.

The Prime Minister noted that this wetland is exceptionally rich in avifaunal biodiversity, attracting numerous migratory and resident birds.
Shri Modi emphasized that this remarkable milestone clearly reflects India’s unwavering commitment to protecting its natural surroundings, particularly its vital wetlands.

The Prime Minister observed that over the years, efforts to conserve and rejuvenate wetlands have been significantly strengthened through greater community participation, science, innovation, and active awareness initiatives. He affirmed that these collective endeavours are instrumental in preserving biodiversity, securing ecological balance, and creating a greener future for coming generations.

The Prime Minister posted on X:

"A century as far as Ramsar sites are concerned!

Glad that the Jai Prakash Narayan Bird Sanctuary (Surha Tal) in Ballia, Uttar Pradesh has been designated as India’s 100th Ramsar site. This wetland is rich in avifaunal biodiversity, attracting several migratory and resident birds.

India’s unwavering commitment to protecting our natural surroundings and wetlands in particular is clearly reflected in this feat.

Over the years, efforts to conserve and rejuvenate wetlands have been strengthened through greater community participation, science, innovation and awareness initiatives. These endeavours are helping preserve biodiversity, secure ecological balance and create a greener future for coming generations."