+ই এন এছ বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়বদ্ধতাৰ সাক্ষ্য: প্ৰধানমন্ত্ৰী
আই এন এছ বিক্ৰান্ত হৈছে আত্মনিৰ্ভৰ ভাৰতৰ আৰু মেড ইন ইণ্ডিয়াৰ এক শক্তিশালী প্ৰতীক : প্ৰধানমন্ত্ৰী
তিনিটা সেৱাৰ মাজত একেলগে থকা অসাধাৰণ সমন্বয়ে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰিছিল: প্ৰধানমন্ত্ৰী
যোৱা দশকত আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে ক্ৰমাগতভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
আমাৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ অন্যতম প্ৰতিৰক্ষা ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তোলা: প্ৰধানমন্ত্ৰী
ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে থিয় দিছে ভাৰতীয় নৌসেনাঃ প্ৰধানমন্ত্ৰী
আমাৰ নিৰাপত্তা বাহিনীৰ সাহস আৰু দৃঢ়তাক ধন্যবাদ জনাইছো, ইয়াৰ বাবেই দেশ খনে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে, আমি মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূল কৰিছো: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই  বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

বন্ধুসকল,

আই এন এছ বিক্ৰান্তত কটোৱা যোৱানিশাৰ অভিজ্ঞতা শব্দৰে বৰ্ণনা কৰাটো টান। আপোনালোকৰ মন  যি উৎসাহেৰে ভৰি পৰিছিল, সেই উৎসাহ দেখিলোঁ। কালি যেতিয়া আপোনালোকক  নিজৰ গীত গোৱা দেখিলোঁ  আৰু সেই গীতবোৰত আপোনালোকে  যিদৰে অপাৰেচন সিন্দূৰৰ কথা  বৰ্ণনা কৰিছিল, তেতিয়া হয়তো কোনো কবিয়েই যুদ্ধক্ষেত্ৰত থকা এজন সৈনিকে প্ৰকাশ কৰিব পৰা অনুভৱটো প্ৰকাশ কৰিব নোৱাৰিলে। সেই সময়তে মই  সামৰিক শক্তিৰ ফালে চাই আছিলো।

বন্ধুসকল,

এই বিশাল জাহাজ, বতাহতকৈ বেছি বেগেৰে যাত্ৰা কৰা বিমান, এই চাবমেৰিন—এইবোৰ নিজৰ ঠাইতে আছে। কিন্তু আপোনাৰ যি আবেগ আছে, সেই আবেগে সেইবোৰক জীৱন দিয়ে। এই জাহাজবোৰ হয়তো লোহাৰ হ’ব পাৰে, কিন্তু যেতিয়া আপোনালোকে  এই জাহাজত উঠে তেতিয়া এইবোৰ সাহসী, জীৱন্ত সৈন্যবাহিনী হৈ পৰে। কালিৰ পৰা মই তোমালোকৰ মাজত আছো; প্ৰতি মুহূৰ্ততে মই কিবা এটা শিকিছো, মই কিবা এটা জানিছো। যেতিয়া মই দিল্লী এৰি আহিছিলো তেতিয়া মোৰো এই মুহূৰ্তটোৰ মাজত থাকিবলৈ মন গৈছিল।

 

কিন্তু বন্ধুসকল,

আপোনালোকৰ কঠোৰ পৰিশ্ৰম, আপোনালোকৰ তপস্যা, আপোনালোকৰ  ভক্তি, আপোনালোকৰ নিষ্ঠা—ই ইমানেই  উচ্চ, ইমানেই উচ্চ যে মই ইয়াক সঁচাকৈয়ে অনুভৱ কৰিব পৰা নাই। কিন্তু এয়া  মই নিশ্চয় অনুভৱ কৰিবলৈ সক্ষম হৈছো, বুজিবলৈ সক্ষম হৈছো। মই কল্পনা কৰিব পাৰো যে ইয়াত  জীয়াই থকাটো কিমান কঠিন হ’ব লাগিব। কিন্তু আপোনালোকৰ ওচৰত থকাৰ বাবে, আপোনালোকৰ উশাহ-নিশাহ অনুভৱ কৰি, আপোনালোকৰ হৃদস্পন্দন অনুভৱ কৰি, আপোনালোকৰ চকুত সেই জিলিকনিটো দেখি—তাৰ পিছত যোৱা নিশা যেতিয়া শুইছিলো, তেতিয়া মই অলপ সোনকালে শুইছিলো, যদিও কেতিয়াও  সোনকালে নুশুও । হয়তো সোনকালে শোৱাৰ কাৰণটো হ’ল কালি গোটেই দিনটো আপোনালোকক  দেখাৰ সময়ত মোৰ ভিতৰত হোৱা সন্তুষ্টিৰ অনুভৱ—সেই টোপনি মোৰ নহয়, সন্তুষ্টিৰ টোপনিহে।

বন্ধুসকল,

সাগৰৰ গভীৰ নিশা আৰু  পুৱাৰ সূৰ্য্য উদয়ে  মোৰ দীপাৱলীক বহু দিশত বিশেষ কৰি তুলিছে, আৰু সেয়ে আকৌ এবাৰ আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ! আপোনালোকলৈও শুভেচ্ছা, আৰু আই এন এছ বিক্ৰান্তৰ এই সাহসী ভূমিৰ পৰা লাখ লাখ দেশবাসীলৈ, আৰু বিশেষকৈ আপোনালোকৰ পৰিয়াললৈ দীপাৱলীৰ অনেক  শুভেচ্ছা!

বন্ধুসকল,

দীপাৱলী উৎসৱৰ সময়ত সকলোৰে নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ মন যায়। ময়ো  পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰাত অভ্যস্ত হৈ পৰিছো, সেইবাবেই আপোনালোকৰ মাজত, মোৰ পৰিয়ালৰ সদস্যসকলৰ মাজত দীপাৱলী উদযাপন কৰিবলৈ যাওঁ। আপোনালোকৰ  মাজলৈ আহিছো আৰু ময়ো  মোৰ পৰিয়ালৰ সদস্যৰ সৈতে এই দীপাৱলী উদযাপন কৰিছো, সেইবাবেই এই দীপাৱলী মোৰ বাবে বিশেষ।

বন্ধুসকল,

আই এন এছ বিক্ৰান্তক যেতিয়া দেশৰ বাবে সমৰ্পন কৰা হৈছিল তেতিয়া মই কৈছিলো, "বিক্ৰান্ত বিশাল, বিশাল আৰু ভয়ংকৰ। বিক্ৰান্ত অনন্য, বিক্ৰান্ত বিশেষ। বিক্ৰান্ত কেৱল যুদ্ধজাহাজ নহয়; ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ, দায়বদ্ধতাৰ প্ৰমাণ।" আপোনালোক সকলোৰে মনত আছে যে যিদিনা দেশে থলুৱা আই এন এছ বিক্ৰান্ত লাভ কৰিছিল, সেইদিনা ভাৰতীয় নৌসেনাই দাসত্বৰ এটা প্ৰধান প্ৰতীক পৰিত্যাগ কৰিছিল। আমাৰ নৌসেনাই ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ এখন নতুন পতাকা গ্ৰহণ কৰিছিল। জয় ছত্ৰপতি শিৱাজী মহাৰাজ! জয় ছত্ৰপতি শিৱাজী মহাৰাজ! জয় ছত্ৰপতি শিৱাজী মহাৰাজ!

 

বন্ধুসকল,

আমাৰ আজিৰ আই এন এছ বিক্ৰান্ত স্বাৱলম্বী ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ এক মহান প্ৰতীক। মহাসাগৰৰ মাজেৰে ঢৌ ফালি  যোৱা থলুৱা আই এন এছ বিক্ৰান্ত ভাৰতৰ সামৰিক শক্তিৰ প্ৰতিফলন।

মাত্ৰ কেইমাহমানৰ আগতে আমি দেখিছিলো বিক্ৰান্তৰ নামটোৱেই সমগ্ৰ পাকিস্তানৰ টোপনি হৰিছিল। যাৰ নামটোৱেই  শত্ৰুৰ সাহসক ভেঙুচালি কৰিব পাৰে, সেয়া হৈছে আই এন এছ বিক্ৰান্ত  ! সেয়াই  হৈছে আই এন এছ বিক্ৰান্ত! সেয়াই  হৈছে আই এন এছ বিক্ৰান্ত!

বন্ধুসকল,

এই উপলক্ষ্যে  আমাৰ সশস্ত্ৰ বাহিনীক বিশেষভাৱে

কৃতজ্ঞতা জনাব বিচাৰিছো। ভাৰতীয় নৌসেনাই জগাই তোলা ভয়,  ভাৰতীয় বায়ুসেনাই প্রদর্শন কৰা অবিশ্বাস্য দক্ষতা, ভাৰতীয় সেনাবাহিনীৰ বীৰত্ব আৰু তিনিওটা  সেৱাৰ শক্তিশালী সমন্বয়ৰ বাবেই পাকিস্তানে অপাৰেচন সিন্দূৰত ইমান সোনকালে আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল৷  সেইবাবে বন্ধুসকল, আজি আই এন এছ বিক্ৰান্তৰ এই পবিত্ৰ স্থানৰ পৰা, এই বীৰৰ স্থানৰ পৰা তিনিওটা সেৱাৰ বীৰ সৈনিকসকলক পুনৰবাৰ প্ৰণাম জনাইছো।

বন্ধুসকল,

যেতিয়া শত্ৰু উপস্থিত থাকে, যেতিয়া যুদ্ধৰ ভাবুকি থাকে, যেতিয়া নিজাববীয়াকৈ যুঁজিবলৈ শক্তি থকাজনৰ সদায় আত্মবিশ্বাস থাকে। সশস্ত্ৰ বাহিনী শক্তিশালী হ’বলৈ হ’লে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয়। এই সাহসী সৈনিকসকলৰ জন্ম হৈছিল এই মাটিতে, এই মাটিতে ডাঙৰ-দীঘল হৈছিল। যি মাতৃৰ কোলাৰ পৰা তেওঁলোক জন্ম হৈছিল, তেঁৱো  এই মাটিতে ডাঙৰ-দীঘল হৈছিল  আৰু সেয়েহে, তেওঁলোকে এই মাটিৰ বাবে মৰিবলৈ, ইয়াৰ সন্মানৰ বাবে নিজকে বলি দিবলৈ অনুপ্ৰাণিত হয়। মই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ৬.৫ ফুট ওখ সৈনিক আনি  থিয় কৰাই দি  ক’ম, মই তোমালোকক বহুত টকা দিম, যুঁজ দিবানে। আপোনালোকৰ  দৰে তেওঁলোকো মৰিবলৈ সাজু হ’বনে? আপোনালোকৰ দৰে সিহঁতেও নিজৰ প্ৰাণ আহুতি দিবনে? যি শক্তি আপোনালোকৰ ভাৰতীয়ত্বত নিহিত হৈ আছে, যি শক্তি আপোনালোকৰ ভাৰতৰ মাটিৰ লগত সংযুক্ত হৈ আছে, একেদৰে সেই শক্তি আমাৰ প্ৰতিটো সঁজুলি, প্ৰতিটো অস্ত্ৰ, প্ৰতিটো অংশ ভাৰতীয় হৈ পৰাৰ দৰে বৃদ্ধি পাব।  আমি গৌৰৱান্বিত যে বিগত দশকত আমাৰ সশস্ত্ৰ বাহিনী দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে। আমাৰ বাহিনীয়ে এনে হাজাৰ হাজাৰ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি সিদ্ধান্ত লৈছে যে এই সামগ্ৰীসমূহ আৰু আমদানি কৰা নহ’ব। ফলত সেনাবাহিনীৰ বাবে প্রয়োজনীয় সা-সৰঞ্জামৰ অধিকাংশই এতিয়া ঘৰুৱাভাৱে প্রস্তুত কৰা হয়৷ যোৱা এঘাৰ বছৰত আমাৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। যোৱা বছৰলৈকে ই ১.৫ লাখ কোটি টকাৰো অধিক টকাৰ অভিলেখ গঢ়িছিল। মই দেশৰ ক্ষেত্ৰত  আন এটা উদাহৰণ দিব বিচাৰিছো যে ২০১৪ চনৰ পৰা নৌসেনাই ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাৰ পৰা ৪০ খনতকৈও অধিক থলুৱা যুদ্ধ জাহাজ আৰু চাবমেৰিন লাভ কৰিছে। নাগৰিকসকল, আপোনালোকে মোৰ কথা য’তেই শুনি আছে, এই পৰিসংখ্যাটো মনত ৰাখিব  আৰু মই নিশ্চিত যে আজি এই কথা শুনাৰ পিছত আপোনালোকৰ দীপাৱলীৰ চাকিবোৰ আৰু অধিক উজ্জ্বল হৈ পৰিব। মই ক’ব বিচৰা কথাটো হ’ল, আজি আমাৰ সামৰ্থ্য কি? এতিয়া গড়ে প্ৰতি ৪০ দিনৰ মূৰে মূৰে এখন নতুনভাবে নিৰ্মিত  যুদ্ধ জাহাজ বা চাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰতি ৪০ দিনৰ মূৰে মূৰে এখন ।

 

বন্ধুসকল,

ব্ৰাহ্মছ  আৰু আকাশৰ দৰে আমাৰ ক্ষেপণাস্ত্ৰই অপাৰেচন সিন্দূৰত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। ব্ৰাহ্মছৰ উল্লেখে বহুতকে উদ্বিগ্ন কৰি তোলে, আহিব নেকি বুলি ভাবি! এতিয়া বিশ্বৰ বহু দেশে এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব বিচাৰিছে। বিশ্বজুৰি লগ পোৱা প্ৰতিজনৰে এটা সাধাৰণ ইচ্ছা আছে, সেয়া হৈছে এই অস্ত্ৰ আমিও পোৱা হ'লে । ভাৰতে তিনিওটা সশস্ত্ৰ বাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি ৰপ্তানি কৰাৰ ক্ষমতা গঢ়ি তুলিছে। আমাৰ লক্ষ্য হৈছে বিশ্বৰ অন্যতম শীৰ্ষ প্ৰতিৰক্ষা ৰপ্তানিকাৰী  হোৱা। যোৱা দশকত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০গুণতকৈও অধিক বৃদ্ধি পাইছে। এই সফলতাত প্ৰতিৰক্ষা ষ্টাৰ্টআপ আৰু থলুৱা প্ৰতিৰক্ষা গোটে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আজি আমাৰ ষ্টাৰ্টআপসমূহেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।

বন্ধুসকল,

ভাৰতত শক্তি আৰু শক্তিৰ পৰম্পৰা আছে: "জ্ঞানয় দানয় চ ৰক্ষণায়!" অৰ্থাৎ আমাৰ বিজ্ঞান, আমাৰ সমৃদ্ধি, আমাৰ শক্তি মানৱতাৰ সেৱা আৰু সুৰক্ষাৰ বাবে। আজি এখন আন্তঃসংযোগী পৃথিৱীত যেতিয়া দেশসমূহৰ অৰ্থনীতি আৰু প্ৰগতি সাগৰীয় পথৰ ওপৰত নিৰ্ভৰশীল, তেতিয়া ভাৰতীয় নৌসেনাই বিশ্বৰ স্থিতিশীলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আজি বিশ্বৰ ৬৬ শতাংশ তেলৰ যোগান আৰু বিশ্বৰ ৫০ শতাংশ কণ্টেইনাৰ চালান ভাৰত মহাসাগৰৰ মাজেৰে হয়।  এই পথসমূহ সুৰক্ষাৰ বাবে ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে ভাৰতীয় নৌসেনা নিয়োগ কৰা হয়। বন্ধুসকল, আপোনালোকে এই কামটো কৰি আছে। তদুপৰি মিছন ভিত্তিক নিয়োগ, জলদস্যু  বিৰোধী টহল আৰু মানৱীয় অভিযানৰ জৰিয়তে ভাৰতীয় নৌসেনাই এই সমগ্ৰ অঞ্চলত বিশ্বব্যাপী নিৰাপত্তা অংশীদাৰৰ ভূমিকা পালন কৰে।

বন্ধুসকল,

আমাৰ দ্বীপসমূহৰ নিৰাপত্তা আৰু অখণ্ডতাৰ ক্ষেত্ৰতো আমাৰ নৌসেনাই মুখ্য ভূমিকা পালন কৰে। কিছুদিনৰ আগতে আমি সিদ্ধান্ত লৈছিলো যে ২৬ জানুৱাৰীত দেশৰ প্ৰতিটো দ্বীপত ত্ৰিৰংগা উত্তোলন কৰিব লাগে। আমাৰ নৌসেনাই প্ৰতি ২৬ জানুৱাৰীত সেই ৰাষ্ট্ৰীয় সংকল্পক গৌৰৱেৰে পালন কৰি আহিছে। নৌসেনাক অভিনন্দন জনাইছো! আজি নৌসেনাই ভাৰতৰ প্ৰতিটো দ্বীপত ত্ৰিৰংগা উত্তোলন কৰিছে।

বন্ধুসকল,

আজি ভাৰতে দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ লগে লগে গ্ল’বেল চাউথৰ সকলো দেশেই যাতে ইয়াৰ সমান্তৰালভাৱে দ্ৰুতগতিত আগুৱাই যাব পাৰে তাৰ বাবে আমি চেষ্টা কৰি আছো। ইয়াৰ বাবে আমি "অ'চেন মেৰিটাইম ভিজন"ৰ বিষয়ত দ্ৰুতগতিত কাম কৰি আছো। আমি বহু দেশৰ উন্নয়নৰ অংশীদাৰ হৈ পৰিছো আৰু প্ৰয়োজন হ’লে বিশ্বৰ যিকোনো কোণত মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু  হৈ আছো। আফ্ৰিকাৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে বিশ্বই দুৰ্যোগ আৰু প্ৰতিকূল পৰিস্থিতিৰ  সময়ত ভাৰতক বিশ্বৰ বন্ধু হিচাপে গণ্য কৰি আহিছে । ২০১৪ চনত আমাৰ চুবুৰীয়া দেশ মালদ্বীপ জল সংকটৰ সন্মুখীন হৈছিল আৰু আমি অপাৰেচন নীৰ আৰম্ভ কৰিছিলো। আমাৰ নৌসেনাই বিশুদ্ধ পানী লৈ মালদ্বীপত উপস্থিত হ’ল। ২০১৭ চনত শ্ৰীলংকা ভয়াৱহ বানপানীয়ে বিধ্বস্ত হৈছিল  আৰু ভাৰতে প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল। ২০১৮ চনত ইণ্ডোনেছিয়াত ছুনামীৰ প্ৰভাৱ পৰিছিল। ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানত ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। একেদৰে ম্যানমাৰত ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাই হওক বা ২০১৯ চনত মোজাম্বিকৰ সংকটেই হওক বা ২০২০ চনত মাদাগাস্কাৰৰ সংকটেই হওক ভাৰতে সেৱাৰ মনোভাৱেৰে সহায়ৰ হাত আগবঢ়াইছিল।

 

বন্ধুসকল,

আমাৰ সশস্ত্ৰ বাহিনীয়েও বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক ঘূৰাই অনাৰ বাবে সময়ে সময়ে অভিযান আৰম্ভ কৰি আহিছে। য়েমেনৰ পৰা চুডানলৈকে য’তেই প্ৰয়োজন হৈছে , আপোনালোকৰ সাহসে বিশ্বজুৰি বাস কৰা ভাৰতীয়সকলৰ আত্মবিশ্বাস বহু পৰিমাণে দৃঢ় কৰি তুলিছে। আমি হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ জীৱনো ৰক্ষা কৰিছো, কেৱল ভাৰতীয়ৰেই নহয়, সেই দেশবোৰত আবদ্ধ হৈ থকা আন বহু দেশৰ নাগৰিককো উদ্ধাৰ কৰিছো৷ আমি তেওঁলোকক উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই আনিছো।

বন্ধুসকল,

আমাৰ সশস্ত্ৰ বাহিনীয়ে প্ৰতিটো ক্ষেত্ৰতে , স্থল, জল আৰু আকাশত, প্ৰতিটো পৰিস্থিতিতে দেশৰ সেৱা আগবঢ়াইছে। তেওঁলোকে নিষ্ঠা আৰু সম্পূৰ্ণ সংবেদনশীলতাৰে সেৱা আগবঢ়াইছে। সাগৰত আমাৰ নৌসেনা দেশৰ সামুদ্ৰিক সীমা আৰু বাণিজ্যিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ নিয়োগ কৰা হৈছে। আকাশত আমাৰ বায়ুসেনা ভাৰতৰ নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ হৈ আছে আৰু মাটিত, অগ্নি বৰষা  মৰুভূমিৰ পৰা হিমবাহলৈকে আমাৰ সেনাবাহিনী, আমাৰ বি এছ এফৰ জোৱান, আমাৰ আই টি বি পিৰ জোৱান সকলোৱে একেলগে শিলৰ দৰে থিয় দি আছে। একেদৰে বিভিন্ন ক্ষেত্ৰত  এছ এছ বি, আছাম ৰাইফলছ, চি আৰ পি এফ, চি আই এছ এফ, চোৰাংচোৱা সংস্থাৰ জোৱানসকলেও এক গোট  হিচাপে নিৰৱচ্ছিন্নভাৱে থিয় দিছে; প্ৰতিজন সৈনিক ভাৰত মাতৃৰ সেৱাত অটল হৈ আছে। আজি ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰশংসাও কৰিব বিচাৰিছো! তেওঁলোকে নৌসেনাৰ সৈতে যিদৰে সমন্বয় সাধন কৰিছে আৰু আমাৰ উপকূল সুৰক্ষিত কৰিবলৈ দিনে-নিশাই নিয়োজিত হৈ আছে, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ এই মহান যজ্ঞলৈ তেওঁলোকৰ অৱদান অপৰিসীম।

বন্ধুসকল,

 

আমাৰ নিৰাপত্তা বাহিনীৰ সাহসৰ বাবেই দেশখনে যোৱা কিছু বছৰত আন এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মাইলৰ খুঁটিটোৱেই হৈছে মাওবাদী সন্ত্ৰাস নিৰ্মূল কৰা ! আজি দেশখন নক্সালবাদী-মাওবাদী সন্ত্ৰাসৰ পৰা মুক্তিৰ পথত; মুক্তিয়ে দুৱাৰত টোকৰ মাৰিছে বন্ধুসকল। ২০১৪ চনৰ পূৰ্বে সমগ্ৰ দেশৰ প্ৰায় ১২৫খন জিলা মাওবাদী হিংসাৰ মাজত আৱদ্ধ হৈ পৰিছিল। ১২৫খন জিলা, আৰু সেই ১২৫খন জিলা, যোৱা ১০ বছৰত কঠোৰ পৰিশ্ৰমৰ ফলত, কমি আহিছে, কমি আহিছে, কমি আহিছে। এতিয়া ১২৫খনৰ পৰা মাত্ৰ ১১খনলৈ হ্ৰাস পাইছে।আৰু সেই ১১খনৰ ভিতৰতো মাত্ৰ ৩খন জিলাহে বাকী আছে, ১২৫খনৰ ভিতৰত মাত্ৰ ৩খনহে।মাওবাদী সন্ত্ৰাসৰ পৰা সম্পূৰ্ণ মুক্ত ১০০খনতকৈও অধিক জিলাই প্ৰথমবাৰৰ বাবে বিশুদ্ধ বতাহেৰে  উশাহ লৈছে, এইবাৰ গৌৰৱময় দীপাৱলী উদযাপন কৰিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰথমবাৰৰ বাবে ভয় আৰু আতংকৰ ছাঁৰ পৰা লাখ লাখ মানুহ মুক্ত হৈছে, উন্নয়নৰ মূলসুঁতিৰ অংশ হৈ পৰিছে। যিবোৰ অঞ্চলত মাওবাদী নক্সালবাদীয়ে ৰাস্তা-ঘাট, বিদ্যালয়, চিকিৎসালয় বন্ধ কৰি দিছিল, বৰ্তমানে থকা  বিদ্যালয়ত বোমা বিস্ফোৰণ কৰিছিল, চিকিৎসালয়ত গুলীয়াইছিল, ভ্ৰাম্যমাণ টাৱাৰ স্থাপন কৰাত বাধা দিছিল, সেইবোৰ অঞ্চলত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে, নতুন উদ্যোগ স্থাপন কৰা হৈছে, আৰু স্কুল-চিকিৎসালয়ে তাত থকা শিশুসকলৰ ভৱিষ্যত গঢ় দিছে। আমাৰ সকলো নিৰাপত্তা বাহিনীৰ নিষ্ঠা, ত্যাগ আৰু সাহসৰ বাবেই দেশখনৰ  সফলতা, আৰু মই আনন্দিত যে এনে বহু জিলাত প্ৰথমবাৰৰ বাবে মানুহে গৌৰৱ আৰু মৰ্যাদাৰে দীপাৱলী উদযাপন কৰিবলৈ ওলাইছে।

 

বন্ধুসকল,

আজি মই সাহসী সৈনিকৰ মাজত থিয় দিছো। আমি নৌসেনাৰ জোৱান। হাতত মৃত্যু লৈ খোজ কঢ়াটো আপোনালোকৰ বাবে শিশুৰ খেলৰ দৰে কথা। কিন্তু এই আৰক্ষী জোৱানসকলে যিসকলে কেৱল হাতত লাঠি লৈ খোজকাঢ়ি থাকে, তেওঁলোকৰ হাতত লাঠিতকৈ বেছি একো নাই, তেওঁলোকৰ হাতত ইমান সম্পদ নাই আৰু তেওঁলোকৰ প্ৰশিক্ষণো হৈছে নাগৰিকৰ সৈতে  মিলাপ্ৰীতিৰে কাম কৰা, কিন্তু মোৰ আৰক্ষী বাহিনীৰ বিভিন্ন কৰ্মী, সেয়া বি এছ এফেই  হওক, চি আৰ পি এফেই  হওক, সমগ্ৰ বাহিনীৰ জোৱান, নক্সালবাদীৰ বিৰুদ্ধে যি যুঁজ তেওঁলোকে দিছে , যি যুঁজ তেওঁলোকে যুঁজিছে, সেই যুঁজখন প্ৰশংসনীয় বন্ধু, আজিৰ দিনটোত শুভ দীপাৱলী উৎসৱ, মোৰ আৰক্ষী বাহিনীৰ এইসকল কৰ্মীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এনে সৈনিকক মই চিনি পাওঁ যিসকলৰ  ভৰি নাই, কিন্তু তেওঁলোকৰ আত্মা একেই, কোনোবাই হাত হেৰুৱাইছে, কাৰোবাৰ  বাবে হুইল চেয়াৰৰ পৰা নামিবলৈ টান হৈ পৰিছে, মই এনে বহু পৰিয়ালক চিনি পাওঁ যিসকলক মাওবাদী নক্সালবাদীয়ে লক্ষ্য কৰি লৈছিল, তেওঁলোকৰ হাত-ভৰি কাটি পেলোৱা হৈছিল, গাঁৱৰ জীৱন কঠিন হৈ পৰিছিল, এনে অগণন লোকে কষ্ট ভোগ কৰিছে, শান্তিৰ বাবে, নাগৰিকৰ জীৱন উন্নত কৰাৰ বাবে, শিশুৰ বাবে নিজকে বলিদান দিছে , শিশুৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ,  তেওঁলোকক স্কুললৈ যাবলৈ দিবলৈ ।

 

বন্ধুসকল,

স্বাধীনতাৰ পিছত হয়তো প্ৰথমবাৰৰ বাবে আৰক্ষী বাহিনী এনে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যোৱা ১০ বছৰত তেওঁলোকে এই ভয়ংকৰ ৫০ বছৰীয়া ৰোগ নিৰ্মূল কৰিব পাৰিছে বুলি মোৰ বিশ্বাস, আৰু ৯০% ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিছে। আপোনালোকে সকলোৱে যুদ্ধ ভালদৰে জানে, কিন্তু যেতিয়া ঘৰৰ ভিতৰতে যুদ্ধ কৰিব লাগে তেতিয়া কিমান ধৈৰ্য্য আৰু সংযমৰ প্ৰয়োজন হয়। যাতে কোনো নিৰীহ লোকৰ জীৱন হেৰাই নাযায়, আৰু নিৰীহৰ সপোন পূৰণৰ বাবে যি কৰিব লাগে সেয়াও কৰিব লাগে, এক আচৰিত কৃতিত্ব। সময় আহিব যেতিয়া এই বিষয়ে মহান কাহিনী  লিখা হ’ব আৰু এই ধৰণৰ গেৰিলা যুদ্ধ চলোৱাসকলে হয়তো সমগ্ৰ বিশ্বতে ইয়াৰ পৰা শিকিব। নক্সালবাদ নিৰ্মূল আৰু মাওবাদী সন্ত্ৰাসক মষিমূৰ কৰিবলৈ  দেশৰ  শক্তিয়ে এনে কৃতিত্ব অৰ্জন কৰিছে। আমি সকলো দেশবাসীয়ে গৌৰৱান্বিত, বন্ধু। আমাৰ মাটিত, আমাৰ দেশত এনে হৈছে।

 

বন্ধুসকল,

জি এছ টি ৰাহি উৎসৱৰ সময়ত এই জিলাসমূহত অভিলেখ পৰিমাণৰ বিক্ৰী আৰু অভিলেখ পৰিমাণৰ ক্ৰয় হৈছে। যিবোৰ জিলাত এসময়ত মাওবাদী সন্ত্ৰাসবাদে সংবিধানৰ কথা উল্লেখ কৰাত বাধা দিছিল, সেইবোৰ জিলাত এতিয়া স্বদেশীৰ  মন্ত্ৰ প্ৰতিধ্বনিত হৈছে আৰু বিপথে পৰিচালিত যুৱক-যুৱতীসকলে ৩০৩ বন্দুক  পৰিত্যাগ কৰি সংবিধানক আঁকোৱালি লৈছে।

বন্ধুসকল,

আজি ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। আমি ১৪ কোটি দেশবাসীৰ সপোন পূৰণ কৰিছো। ভূমিৰ পৰা মহাকাশলৈ আমি এনে সফলতা আৰু কৃতিত্বৰ সাক্ষী হৈ আছো যিবোৰ পূৰ্বতে কল্পনাও কৰিব নোৱাৰা বিধৰ  আছিল। এই গতি, এই প্ৰগতি, এই পৰিৱৰ্তন, দেশৰ  বিশ্বাস আৰু সেই বিশ্বাসৰ পৰা জন্ম হোৱা উন্নয়নৰ মন্ত্ৰৰে  আমাৰ সশস্ত্ৰ বাহিনীয়ে দেশ  নিৰ্মাণৰ এই মহান কামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সোঁতৰ সৈতে  যোৱাসকলৰ ভিতৰত আপোনালোক  নহয়। গংগাই কয় গংগাদাস, যমুনাই কয় যমুনাদাস; এয়া  সেনাবাহিনীৰ তেজত নাই; সোঁতৰ  লগত যোৱাসকলৰ মাজত আপোনালোক  নাই। আপোনালোকৰ সোঁতক  নিৰ্দেশিত কৰাৰ, সোঁত সলনি কৰাৰ ক্ষমতা আছে! সময়ত বাট দেখুৱাবলৈ আপোনালোকৰ সাহস আছে! অসীমক অতিক্ৰম কৰাৰ সাহস আপোনালোকৰ আছে! অজেয়ক অতিক্ৰম কৰাৰ সাহস আপোনালোকৰ আছে! আমাৰ জোৱানসকল যি পৰ্বতৰ চূড়াত থিয় হৈ আছে, সেইবোৰে ভাৰতৰ বাবে বিজয়ৰ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। যাৰ বুকুত থিয় হৈ থকা সাগৰৰ প্ৰচণ্ড ঢৌৱেও ভাৰত মাতা কি জয় মন্ত্ৰ জপ কৰি আছে! কেৱল আপোনালোকেই নহয়, প্ৰতিটো ঢৌৱেই কথা কৈছে; তেওঁলোকে আপোনালোকৰ পৰা শিকিছে। এই ঢৌবোৰত আপোনালোকে ভাৰত মাতৃক প্ৰশংসা কৰাৰ আবেগ জগাই তুলিছে। এনে সময়তে এটা মাত ওলাই আহিব— সাগৰৰ প্ৰতিটো ঢৌৰ পৰা, পাহাৰৰ পৰা বৈ অহা বতাহৰ পৰা, মৰুভূমিৰ পৰা উৰি  অহা ধূলিৰ পৰা। যদি আপোনালোকে  কাণেৰে শুনে , হৃদয় আৰু মনক সংযোগ কৰে, তেন্তে মাটিৰ প্ৰতিটো কণিকাৰ পৰা, প্ৰতিটো পানীৰ পৰা এটা কণ্ঠ ওলাই আহিব: ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! এই উৎসাহ আৰু আত্মবিশ্বাসেৰে আকৌ এবাৰ আপোনালোক, আপোনালোকৰ পৰিয়াল  আৰু ১৪ কোটি দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছো, দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা! সদায় বিজয়শ্ৰীৰ লগতে নিজৰ ভিতৰত বিজয়ক লালন-পালন কৰি থাকিব, বিশ্বাসক লালন-পালন কৰি থাকিব, নিজৰ সংকল্পক মজবুত কৰি থাকক, সপোনবোৰ ওপৰলৈ উৰি যাওক, এই শুভেচ্ছাৰে মোৰ লগত কওক - ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos

Media Coverage

As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Bharat Ratna, Shri Karpoori Thakur on his birth anniversary
January 24, 2026

The Prime Minister, Narendra Modi, paid tributes to former Chief Minister of Bihar and Bharat Ratna awardee, Shri Karpoori Thakur on his birth anniversary.

The Prime Minister said that the upliftment of the oppressed, deprived and weaker sections of society was always at the core of Karpoori Thakur’s politics. He noted that Jan Nayak Karpoori Thakur will always be remembered and emulated for his simplicity and lifelong dedication to public service.

The Prime Minister said in X post;

“बिहार के पूर्व मुख्यमंत्री भारत रत्न जननायक कर्पूरी ठाकुर जी को उनकी जयंती पर सादर नमन। समाज के शोषित, वंचित और कमजोर वर्गों का उत्थान हमेशा उनकी राजनीति के केंद्र में रहा। अपनी सादगी और जनसेवा के प्रति समर्पण भाव को लेकर वे सदैव स्मरणीय एवं अनुकरणीय रहेंगे।”