প্রধানমন্ত্রীয়ে স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে
জালিয়ানৱালাবাগৰ দেৱালত নিষ্পাপ ল'ৰা-ছোৱালীৰ বুলেট বিদ্ধ হোৱা স্বপ্ন এতিয়াও অনুভূত হয়।
১৯১৯ৰ ১৩ এপ্রিলৰ সেই ১০ মিনিট আমাৰ স্বাধীনতা সংগ্রামৰ কালজয়ী ঘটনাত পৰিণত হৈছে, যাৰ বাবে আজি আমি অমৃত মহোৎসৱ উদযাপন কৰিব পাৰিছোঃ প্রধানমন্ত্রী
কোনো দেশেই তাৰ অতীতৰ নির্মমতা পাহৰি যোৱা উচিত নহয়। ভাৰতে সেয়ে প্রতি বছৰ ১৪ আগষ্টক ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত লৈছেঃ প্রধানমন্ত্রী
আমাৰ উপজাতি সম্প্রদায়েও স্বাধীনতাৰ বাবে গুৰুত্বপূর্ণ ভূমিকা ৰাখিছে আৰু প্রাণ উৎসর্গ কৰিছে, তেওঁলোকৰ অৱদান ইতিহাসৰ পাতত যিমান স্থান পোৱা উচিত আছিল, সিমান পোৱা নাইঃ প্রধানমন্ত্রী
কৰোণাই হওক কিংবা আফগানিস্তান, ভাৰত সকলো সময়তে ভাৰতীয়সকলৰ কাষতে আছেঃ প্রধানমন্ত্রী
অমৃত মহোৎসৱত দেশৰ প্রতিখন গাঁৱত, প্রতিটো প্রান্তত স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰা হৈছেঃ প্রধানমন্ত্রী
স্বাধীনতা আন্দোলনৰ আৰু দেশনায়কসকলৰ স্মৃতি বিজড়িত স্থানবিলাকক যথাযথভাৱে সংৰক্ষণৰ উদ্যোগ লোৱা হৈছে আৰু সেই অঞ্চলসমূহৰ উন্নয়ন ঘটোৱা হৈছেঃ প্রধানমন্ত্রী

পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!

পাঞ্জাৱৰ বীৰ ভূমিক, জালিয়ানাৱালা বাগৰ পবিত্ৰ মাটিক, মোৰ বহুত-বহুত প্ৰণাম! মা ভাৰতীৰ সেইসকল সন্তানকো প্ৰণাম, যাৰ অন্তৰত জ্বলা স্বাধীনতাৰ জুই নুমুৱাবলৈ অমানৱীয়তাৰ সকলো সীমা পাৰ কৰা হৈছিল৷ সেইসকল নিৰীহ ল’ৰা-ছোৱালীসকল, সেইসকল ভনী, সেইসকল ভাই, যাৰ স্বপ্ন আজিও জালিয়ানাৱালা বাগৰ বেৰত অংকিত গুলীৰ চিনত দেখা পোৱা যায়৷ সেই শ্বহীদি কুঁৱা, যত অসংখ্য মা-ভনীসকলৰ মমতা কাঢ়ি লোৱা হৈছিল, তেওঁলোকৰ জীৱন কাঢ়ি লোৱা হৈছিল৷ তেওঁলোকৰ স্বপ্নক নিঃশেষ কৰি পেলোৱা হৈছিল৷ তেওঁলোক সকলোকে আমি আজি মনত কৰিছো৷

ভাই আৰু ভনীসকল,

জালিয়ানাৱালা বাগ, সেই স্থান, যিয়ে চৰ্দাৰ উধম সিং, চৰ্দাৰ ভৰত সিংৰ দৰে, অসংখ্য বিপ্লৱী, ত্যাগীসকল, সেনানীসকলক ভাৰতৰ স্বাধীনতাৰ বাবে আত্মবলিদানৰ সাহস জগাইছিল৷ ১৩ এপ্ৰিল ১৯১৯ ৰ সেই ১০ মিনিট, আমাৰ স্বাধীনতা যুঁজৰ সেই নিৰ্মম সত্য, আমাৰ স্বাধীনতা সংগ্ৰামৰ চিৰন্তন গাথাত পৰিণত হৈছিল, যাৰ বাবে আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিব পাৰিছো৷ তেনে ক্ষেত্ৰত স্বাধীনতাৰ ৭৫ বৰ্ষত জালিয়ানাৱালা বাগ স্মাৰকৰ আধুনিক ৰূপ দেশে লাভ কৰিছে, আমাৰ সকলোৰে বাবে বহুত ডাঙৰ প্ৰেৰণাৰ সুযোগ৷ এইটো মোৰ সৌভাগ্য যে মোৰ বহুবাৰ জালিয়ানাৱালা বাগৰ এই পবিত্ৰ মাটিত অহাৰ সুযোগ লাভ কৰিছো, ইয়াৰ পবিত্ৰ মাটি শিৰত লোৱাৰ সৌভাগ্য লাভ কৰিছো৷ এতিয়া যি পুনৰ্নিমাণৰ কাম হৈছে, সেইটোই বলিদানৰ অমৰ গাথাসমূহক আৰু জীৱন্ত কৰি তুলিছে৷ ইয়াত যি বেলেগ বেলেগ গেলাৰী বনোৱা হৈছে, দেৱালসমূহত স্বহীদসকলৰ যি চিত্ৰ খোদিত কৰা হৈছে, স্বহীদ উধম সিং জীৰ প্ৰতিমা আছে, সেইবোৰে আমাক সেই সময়লৈ লৈ যায়৷ জালিয়ানাৱালা বাগ নৰসংহাৰৰ আগতে সেই স্থানত পবিত্ৰ বৈখাৰীৰ মেলা লাগিছিল৷ সেইদিনাই গুৰু গোবিন্দ সিং জীয়ে 'সৰবত দা ভলা' ভাৱনাৰ সৈতে খালসা পন্থৰ স্থাপনা কৰিছিল৷ স্বাধীনতাৰ ৭৫ বছৰত জালিয়ানাৱালা বাগৰ এই নতুন স্বৰূপ দেশবাসীসকলক এই পবিত্ৰ স্থানৰ ইতিহাসৰ বিষয়ে, তাৰে অতীতৰ বিষয়ে বহুত কথা জানিবলৈ প্ৰেৰণা যোগায়৷ এই স্থান নতুন প্ৰজন্মক সৰ্বদা মনত পেলাই থাকিব যে আমাৰ স্বাধীনতাৰ এই যাত্ৰা কেনেধৰণৰ আছিল, এইখিনি পাবলৈ আমাৰ পূৰ্বজসকলে কি কি কৰিছে, কিমান ত্যাগ, কিমান বলিদান, অসংখ্য সংঘৰ্ষ৷ ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য কি হোৱা উচিত, কিদৰে আমি আমাৰ সকলো কামতে দেশক সৰ্বোপৰি কৰি ৰাখিব লাগে, ইয়াৰো প্ৰেৰণা নতুন শক্তিৰে সৈতে, এই স্থানৰ পৰাই লাভ কৰিব৷

 

বন্ধুসকল,

সকলো ৰাষ্ট্ৰৰে দ্বায়ীত্ব থাকে যে তেওঁলোকে নিজৰ ইতিহাস সংৰক্ষণ কৰি ৰাখে৷ ইতিহাসত সংঘটিত ঘটনাসমূহে, আমাক শিকাইও আৰু অগুৱাই যোৱাৰ দিশো প্ৰদান কৰে৷ জালিয়ানাৱালা বাগৰ দৰে আৰু এক বিভীষিকা আমি ভাৰত বিভাজনৰ সময়ত দেখা পাইছো৷ পাঞ্জাৱৰ পৰিশ্ৰমী আৰু প্ৰাণৱন্ত লোকসকলতো বিভাজনৰ বহুত ডাঙৰ ভুক্তভুগী৷ বিভাজনৰ সময়ত যিবোৰ হৈছিল, সেইবোৰৰ যন্ত্ৰণা আজিও ভাৰতৰ সকলো প্ৰান্ততে বিশেষকৈ পাঞ্জাৱৰ পৰিয়ালসমূহত আমি অনুভৱ কৰো৷ যিকোনো দেশৰ বাবে নিজৰ অতীতৰ এনে বিভীষিকাসমূহক অৱহেলা কৰা ঠিক নহয়৷ সেয়েহে, ভাৰতে ১৪ আগষ্টক প্ৰতিবছৰে 'বিভাজন বিভীষিকা স্মৃতি দিৱস' ৰ ৰূপে আহিবলগীয়া প্ৰজন্মবোৰে মনত ৰাখক, সেয়েহে ইয়াক পালন কৰাৰ সিদ্ধান্তই গ্ৰহণ কৰা হৈছে৷ 'বিভাজন বিভীষিকা স্মৃতি দিৱস' আহিবলগীয়া প্ৰজন্মবোৰকো মনত পেলাই থাকিব যে কিমান ডাঙৰ মূল্যৰ বিনিময়ত, আমি স্বাধীনতা লাভ কৰিছো৷ সেইটো সেই যন্ত্ৰণা, সেই কষ্টক বুজিব পাৰিব, যি বিভাজনৰ সময়ত কোটি কোটি ভাৰতীয়ই সহ্য কৰিছিল৷

বন্ধুসকল,

গুৰুবাণীয়ে আমাক শিকাই যে- সুখু হৌৱে সেব কমাণীয়া৷

অৰ্থাৎ, সুখ অন্যৰ সেৱাৰ পৰাই আহে৷ আমি তেতিয়াহে সুখী হওঁ যেতিয়া আমি আমাৰ সৈতে নিজৰ আপোনজনৰ যন্ত্ৰণাও অনুভৱ কৰিব পাৰে৷ সেয়েহে, আজি পৃথিৱীৰ যিকোনো ঠাইতে,যিকোনো ভাৰতীয়ক যদি বিপদে আৱৰি ধৰে, তেন্তে ভাৰতে সম্পূৰ্ণ সামৰ্থ্যৰে তাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ যায়৷ কৰোনা কাল হওঁক বা আফগানিস্তানৰ বৰ্তমানৰ বিপদে হওঁক, বিশ্বই সেইটো নিৰন্তৰ অনুভৱ কৰিছে৷ অপাৰেশন দেৱী শক্তি ৰ দৰে আফগানিস্তানৰ পৰা শ শ বন্ধুসকলক ভাৰত লৈ অহা হৈছে৷ প্ৰত্যাহ্বান বহুত আছে, পৰিস্থিতি কঠিন, কিন্তু আমাৰ ওপৰত গুৰুকৃপাও আছে৷ আমি মানুহৰ সৈতে পবিত্ৰ গুৰুগ্ৰন্থ সাহাবৰ 'স্বৰূপ' কো শিৰত ৰাখি ভাৰত লৈ আহিছো৷

বন্ধুসকল,

যোৱা বছৰবোৰত দেশে নিজৰ এই দ্বায়ীত্ব পালন কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে৷ মানৱতাৰ যি শিক্ষা আমাক গুৰুসকলে প্ৰদান কৰিছিলো, সেইবোৰ আগত ৰাখি দেশে এনে পৰিস্থিতিসমূহৰ পৰা কষ্ট পোৱা, আপোন লোকসকলৰ বাবে নতুন আইন প্ৰস্তুত কৰিছে৷

বন্ধুসকল,

আজি বিশ্বৰ পৰিস্থিতি যিধৰণৰ হৈ আছে, তাৰপৰা আমাৰ এইটো অনুভৱো হয় যে এক ভাৰত, শ্ৰেষ্ঠ ভাৰত ৰ কি অৰ্থ হ’ব পাৰে৷ এই ঘটণাবোৰে আমাক মনত পেলাই যে ৰাষ্ট্ৰ ৰূপত, প্ৰতিটো স্তৰতে আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসৰ কিয় প্ৰয়োজন, কিমান প্ৰয়োজন৷ সেয়েহে, আজি যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছো, তেন্তে এইটো আশ্চৰ্য্যকৰ যে আমি আমাৰ ৰাষ্ট্ৰ বুনিয়াদ মজবুত কৰো, তাৰ ওপৰত গৰ্ব কৰো৷ স্বাধীনতাৰ অমৃত মহোৎসৱ আজি এই সংকল্পটো লৈ আগবাঢ়ি আছে৷ স্বাধীনতাৰ অমৃত মহোৎসৱত আজি গাৱে-গাৱে সেনানীসকলক স্মৰণ কৰা হৈছে৷ দেশত যতেই স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ অধ্যায় সেইবোৰক সন্মূখলৈ অনাৰ বাবে এক সমৰ্পিত চিন্তা কৰা হৈ আছে৷ দেশৰ ৰাষ্ট্ৰ-নায়কসকলৰ সৈতে জড়িত স্থানসমূহক এতিয়া সংৰক্ষিত কৰাৰ লগতে সেইবোৰক নতুন মাত্ৰা প্ৰদান কৰা হৈছে৷ জালিয়ানাৱালা বাগৰ দৰেই স্বাধীনতৰা সৈতে জড়িত দ্বিতীয় ৰাষ্ট্ৰীয় স্মাৰকৰো নৱীকৰণ অব্যাহত আছে৷ এলাহবাদ সংগ্ৰহালয়ত ১৮৫৭ ৰ পৰা লৈ ১৯৪৭ ৰ সকলো ক্ৰান্তি প্ৰদৰ্শন কৰা দেশৰ প্ৰথম ইন্টাৰএক্টিভ গেলেৰী, ইয়াৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ হৈ যাব৷ ক্ৰান্তিবীৰ চন্দ্ৰশেখৰ আজাদক সমৰ্পণ কৰা এই 'আজাদ গেলেৰী', সশস্ত্ৰ বিপ্লৱৰ সৈতে জড়িত সেই সময়ৰ দস্তাৱেজ, আৰু কিছু বস্তু তাৰো এক ডিজিটেল অনুভৱ দিব৷ সেইদৰে কলকাতাৰ বিপ্লৱী ভাৰত গেলাৰীতো আধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আকৰ্ষণীয় কৰি তৈয়াৰক কৰা হৈছে৷ ইয়াৰ আগৰ চৰকাৰৰ দ্বাৰা আজাদ হিন্দ ফৌজৰ অৱদানকো ইতিহাসকৰ অতীতৰ পৃষ্ঠাৰ পৰা উলিয়াই সন্মূখলৈ অনা প্ৰয়াস কৰা হৈছে৷ আন্দামানত যত নেতাজীয়ে প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিলো, সেই স্থানকো নতুন পৰিচয় পিৰদান কৰা হৈছে৷ লগতে আন্দামানৰ দ্বীপসমূহৰ নামো স্বাধীনতা সংগ্ৰামৰ বাবে সমৰ্পিত কৰা হৈছে৷

ভাই আৰু ভনীসকল,

স্বাধীনতাৰ মহাযজ্ঞত আমাৰ আদিবাসী সমাজৰো বহুত ডাঙৰ অৱদান আছে৷ জনজাতীয় মানুহৰ ত্যাগ আৰু বলিদানৰ অমৰ গাথাসমূহে আজিও আমাক প্ৰেৰণা যোগায়৷ ইতিহাসৰ কিতাপতো এইবোৰক ইমান স্থান লাভ কৰা নাছিল যিমান পাব লাগিছিল, যাৰ বাবে তেওঁলোকে অধিকাৰী৷ দেশৰ ৯ খন ৰাজ্যত এই সময়ত আদিবাসী স্বাধীনতা সংগ্ৰামীসকল আৰু তেওঁলোকৰ সংঘৰ্ষক প্ৰদৰ্শন কৰা সংগ্ৰহালয়ৰো কাম চলি আছে৷

বন্ধুসকল,

দেশৰ এইটোও আকাংশা আছিল, যে সৰ্বোচ্চ বলিদান দিয়া আমাৰ সৈনিকসকলৰ বাবে ৰাষ্ট্ৰীয় স্মাৰক হ’ব লাগে৷ মই সুখী যে নেচনেল ৱাৰ মেমৰিয়েল এতিয়াৰ যুৱসমাজৰ মাজত ৰাষ্ট্ৰ ৰক্ষা আৰু দেশৰ বাবে নিজৰ সকলো ত্যাগ কৰাৰ ভাৱনাৰ জন্ম দিছে৷ দেশক সুৰক্ষিত ৰখাৰ বাবে পাঞ্জাৱৰ সহিতে দেশৰ প্ৰান্তৰ-প্ৰান্তৰ আমাৰ যি বীৰ সৈনিক স্বহীদ হ’ল, আজি তেওঁলোকে উচিত স্থান আৰু উচিত সন্মান লাভ কৰিছে৷ তেনেদৰে, আমাৰ যি পুলিচৰ জোৱান আছে, যি আমাৰ অৰ্ধসামৰিক বাহিনী আছে, তেওঁলোকৰ বাবেও স্বাধীনতৰা ইমান শতিকা পাছতো দেশত কোনো ৰাষ্ট্ৰীয় স্মাৰক নাছিল৷ এতিয়া পুলিচ আৰু অৰ্ধসামৰিক বলক সমৰ্পিত কৰা ৰাষ্ট্ৰীয় স্মাৰকো দেশৰ নতুন প্ৰজন্মক প্ৰেৰণা যোগাই আছে৷

বন্ধুসকল,

পঞ্জাৱতো সম্ভৱতঃ এনে কোনো গাওঁ, এনে কোনো উপপথ হ’ব, যত শৌৰ্য্য আৰু শুৰবীৰৰ বীৰত্বৰ গাথা নায়৷ গুৰুসকলো প্ৰদৰ্শন কৰা পথেৰে আগুৱাই গৈ, পাঞ্জাৱৰ ল’ৰা-ছোৱালীসকল, মা-ভাৰতীৰ ওপৰত বেঁকা নজৰ ৰখা সকলৰ সন্মূখত প্ৰাচীৰ হৈ থিয় দিয়ে৷ আমাৰ এই ঐতিহ্য আৰু সমৃদ্ধ হওঁক, তাৰ বাবে অবিৰত প্ৰয়াস কৰি থকা হৈছে৷ গুৰু নানক দেৱ জীৰ ৫৫০তম জন্মোৎসৱ হওঁক, গুৰু গোবিন্দ সিং জীৰ ৩৫০তম জন্মোৎসৱ হওঁক, বা গুৰু ত্যাগবাহাদুৰ জীৰ ৪০০তম জন্মোৎসৱ হওঁক, এই সকলো উৎসৱ উদযাপনৰ সৌভাগ্য যোৱা ৭ বছৰতে আহিছে৷ কেন্দ্ৰ চৰকাৰে প্ৰয়াস কৰি আছে যে দেশতে নহয় আনকি সমগ্ৰ বিশ্বতে এই পবিত্ৰ উৎসৱবোৰৰ মাধ্যমেৰে আমাৰ গুৰুসকলৰ শিক্ষাৰ বিস্তাৰ ঘটক৷ নিজৰ এই সমৃদ্ধ ঐতিহ্য ভৱিষ্যত প্ৰজন্মৰ ওচৰলৈ নিয়াৰ বাবে চেষ্টা অব্যাহত আছে৷ চুলতানপুৰ লোধী কৌ হেৰিটেজ টাউন প্ৰস্তুত কৰাৰ কাম হওঁক, কৰ্তাৰপুৰ কৰিড়ৰ নিৰ্মাণ হওঁক, এয়া এই প্ৰয়াসৰে অংশ৷ পঞ্জাৱৰ বিশ্বৰ বেলেগ-বেলেগ চহৰৰ পৰা এয়াৰ কানেক্টিভিটি হওঁক বা তাৰ পিছত সমগ্ৰ দেশতে আমাৰ যি গুৰু স্থান আছে, সেইবোৰৰ কানেক্টিভিটি হওঁক, সেই প্ৰচেষ্টাকে মজবুত কৰা হৈছে৷ স্বদেশ দৰ্শন আঁচনিৰ দৰে আনন্দপুৰ, চাহিব-ফাতেহগঢ় চাহিব-ফিৰোজপুৰ-অমৃতসৰ-থটকড় কলা-কলানৌৰ-পাতিয়ালা হেৰিটেজ চাৰ্কিতকো বিকশিত কৰি থকা হৈছে৷ প্ৰচেষ্টা এইটোই যে আমাৰ এই সমৃদ্ধ ঐতিহ্য ভৱিষ্যতত প্ৰজন্মক প্ৰেৰণাও দি থাকে আৰু পৰ্যটনৰ ৰূপত কৰ্মসংস্থাপনৰ উপায়ো হওঁক৷

বন্ধুসকল,

স্বাধীনতাৰ এই অমৃতকাল সমগ্ৰ দেশৰ বাবে বহুত গুৰুত্বপূৰ্ণ৷ এই অমৃতকালত আমি ঐতিহ্য আৰু বিকাশক একলগে লৈ আগুৱাই যাব লাগিব, আৰু পাঞ্জাৱৰ মাটিয়ে সদায়ে আমাক এনেদৰে প্ৰেৰণা দি আহিছে৷ আজি এইটো গুৰুত্বপূৰ্ণ যে পাঞ্জাৱ সকলো স্তৰতে প্ৰগতি কৰে, আমাৰ দেশ সমস্ত দিশতে প্ৰগতি কৰে৷ তাৰ বাবে আমি মিলি কাম কৰিব লাগিব, 'সাবকা সাথ, সাবকা বিকাশ, অৰ সাবকা প্ৰয়াস' ৰ ভাৱনাৰে সৈতে আমি কাম কৰিব লাগিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে জালিয়ানাৱালা বাগৰ মাটিয়ে আমাৰ সংকল্পবোৰৰ বাবে সৰ্বদা শক্তি প্ৰদান কৰি থাকিব, আৰু দেশে নিজৰ লক্ষ্যসমূহ সোনকালেই পূৰণ কৰিব৷ এই কামনাৰে সৈতে পুনৰ এবাৰ এই আধুনিক স্মাৰকৰ বাবে বহুত-বহুত অভিনন্দন৷ বহুত-বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves Upgradation and Modernisation of Nagpur International Airport through long term license involving Private Partner under Public Private Partnership (PPP)
May 13, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the Extension of Lease Period of the Airports Authority of India (AAI)’s land leased to MIL (MIHAN India Limited) beyond 06.08.2039, so as to enable MIL to license Nagpur Airport to the Concessionaire, viz. GMR Nagpur International Airport Limited (GNIAL) for 30 years since Commercial Operation Date (COD).

This marks a major milestone in Nagpur airport’s journey to becoming a regional aviation hub under the Multi-modal International Cargo Hub and Airport at Nagpur (MIHAN) project.

In 2009, a Joint Venture Company (JVC)- MIL was formed by AAI and Maharashtra Airport Development Company Ltd. (MADC) with equity structure of 49:51 respectively. Though Airport assets of AAI were transferred to MIL in 2009 for airport operation, the lease deed got delayed due to land demarcation issues. Subsequently, AAI land has been leased to MIL up to 06.08.2039.

In 2016, MIL floated a global tender for identifying a Partner to operate the airport under the Public-Private Partnership (PPP) model. GMR Airports Ltd. (GAL) emerged as the highest bidder, with quoted revenue share of 5.76%. This was later revised to 14.49% of Gross Revenue. Subsequently, MIL annulled the bidding process in March, 2020. This annulment was successfully challenged by GAL before Hon'ble Bombay High Court. Thereafter, Hon’ble Supreme Court of India also ruled in favor of GAL. Pursuant to Supreme Court Judgement dated 27th September, 2024, MIL signed Concession Agreement with 2nd JVC, i.e. GMR Nagpur International Airport Ltd. (GNIAL) on 8th October, 2024.

A New Era for Nagpur Airport :

With extension of Lease Period of the AAI land leased to MIL beyond 06.08.2039, it would now become co-terminus with the 30 years Concession Period of GNIAL, paving the way for handing over of airport to 2nd JVC-GNIAL. This is expected to usher in a new era of growth and infrastructure advancement for Nagpur Airport. With private sector efficiency and government oversight, the Airport is poised to see significant investment, modernization, and improved passenger and cargo services — Government of India's vision for robust infrastructure development in the aviation sector.

GNIAL will take up the transformation of Nagpur's Dr. Babasaheb Ambedkar International Airport into a world-class facility with phased development envisaged to reach the ultimate capacity of handling 30 million passengers annually, positioning it as a key Airport in Central India. This transformation is set to not only enhance connectivity within the Vidarbha region, but also strengthen its economic infrastructure. Cargo handling capabilities would also be significantly boosted.