New reforms announced in the Budget not only give a boost to the economy: PM
Budget aims at the economic empowerment of every citizen in the country: PM Modi
The Union Budget adopts an integrated approach for the Agriculture sector: PM Modi

২০২০ৰ কেন্দ্ৰীয় বাজেটখনক প্ৰধানমন্ত্ৰীয়ে এখন দূৰদৃষ্টিসম্পন্ন আৰু কৰ্ম তত্পৰতাৰভিত্তিত যুগুতোৱাবাজেট বুলি অভিহত কৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়,‘বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক আৰ্থিক ভাবে স্বস্তি দান কৰিব’। তেওঁ এইসমূহ সংস্কাৰসমূহে দশকটোৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে।

নিয়োগ সম্ভাৱনা সৃষ্টিত গুৰুত্ব

তেওঁ কয়, ‘কৰ্ম সংস্থানৰ আটাইতকৈ প্ৰধান ক্ষেত্ৰ হৈছে কৃষি, আন্তঃগাঁথনি নিৰ্মাণ, বস্ত্ৰ শিল্প আৰু প্ৰযক্তি। নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত এইকেইটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লগতে ইয়াক সুনিশ্চিত কৰিবলৈ ১৬টা কৰ্ম পৰিকল্পনাও যুগুতোৱা হৈছে, যিয়ে গ্ৰামীণ ক্ষেত্ৰত কৰ্ম সংস্থান বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব’। বাজেটতত কৃষিক্ষেত্ৰৰ বাবে সংহত প্ৰয়াসত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, ‘এই প্ৰয়াসৰ আধাৰত পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে উদ্যানশস্য, মীন পালন, পশুপালনৰ ক্ষেত্ৰত অধিক গুণ-মান সম্পন্ন পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে কৃষিক্ষেত্ৰৰ উত্পাদন বৃদ্ধিৰ আৰু সংস্থাপন বৃদ্ধিৰো উদ্যোগ গ্ৰহণ কৰা হৈছে। ‘নীল-অৰ্থনীতি’ৰ অধীনত যুৱক-যুৱতীসকলে মত্স সংসাধন আৰু বিপণনৰ ক্ষেত্ৰখনতো বিশেষ সুযোগ লাভ কৰিব পাৰিব’।

বস্ত্ৰশিল্প খণ্ড

প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটত বস্ত্ৰশিল্পৰ বাবে নতুন অভিযানৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। ‘মেনমেড ফাইবাৰ’-ৰ উত্পাদন ভাৰতত কৰিব পৰাকৈ ইয়াৰ কেঁচাসামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা শুল্কব্যৱস্থাৰ সংস্কাৰ কৰা হৈছে। বিগত তিনিটা দশকত এনে ধৰণৰ সংস্কাৰৰ দাবী উথ্থাপন কৰি অহা হৈছিল’।

স্বাস্থ্য খণ্ড

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয়, ‘আয়ুষ্মান ভাৰত যোজনা’ই দেশৰ স্বাস্থ্যখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এইটো ক্ষেত্ৰত মানৱ-সম্পদ-চিকিত্সক, নাৰ্ছ, ৰোগীৰ ৰখীয়াসকলৰ লগতে চিকিত্সা সামগ্ৰী নিৰ্মাণ কৰোতাসকলৰ বাবে বহুতো সম্ভাৱনাৰ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। ইয়াক আৰু বিস্তৃত কৰাৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে’।

প্ৰযুক্তি খণ্ড

প্ৰযুক্তিখণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিৰ বাবে এইখন বাজেটত আমি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে, নতুন ‘স্মাৰ্ট চিটী’ নিৰ্মাণ, ইলেক্ট্ৰনিক সা-সামগ্ৰীৰ উত্পাদন বৃদ্ধি, ‘ডাটা চেণ্টাৰ পাৰ্ক’ প্ৰতিস্থা কৰা, ‘বায়’ টেকনল’জী’ তথা ‘কোৱাণ্টাম টেকনল’জী’ৰ দৰে ক্ষেত্ৰসমূহৰ বাবে বহুবোৰ নীতিগত উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ সুবাদত ‘গোলকীয় প্ৰমূল্য শৃংখল’ৰ অভিন্ন অংগ হোৱাৰ দিশত ভাৰতে দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰিব।

বাজেটত যুৱ-প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে নতুন নতুন উদ্ভাৱনশীল পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ ঘোষণা কৰা হৈছে। উদাহৰণস্বৰূপে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ‘এপ্ৰেণ্টিছশ্বিপ’, স্থানীয় নিকায়সমূহত ‘ইনটাৰ্ণশ্বিপ’ আৰু ‘অন-লাইন’ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষাদানৰ প্ৰস্তাৱ লোৱা হৈছে। ভাৰতৰ পৰা যিসকল যুৱক-যুৱতীয়ে চাকৰিৰ সন্ধানত বিদেশলৈ যাব খোজে, তেওঁলোকৰ বাবে ‘সেঁতু-বদ্ধন পাঠ্যক্ৰম’ৰো ব্যৱস্থা কৰা হৈছে।

ৰপ্তানী আৰু ‘ক্ষুদ্ৰ, লঘূ তথা মজলীয়া উদ্যোগ’ খণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত ৰপ্তানী বৃদ্ধি কৰাৰ বাবে নতুন আঁচনি ঘোষণা কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবেও বহুকেইটা পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

আন্তঃগাঁথনি নিৰ্মাণ খণ্ড

আধুনিক ভাৰত প্ৰতিস্থাৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে, আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত আকৌ বিপুল সংখ্যাত নিয়োগ সম্ভাৱনাৰ সৃষ্টি হয়। ১০০লাখ কোটি টকাৰ বিনিয়োগৰে সম্পাদিত হ’বলগীয়া ৬৫শ নিৰ্মাণ প্ৰকল্পই ব্যাপক হাৰত নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব। ‘ৰাষ্ট্ৰীয় ল’জিষ্টিক নীতি’ৰ জৰিয়তেও বেপাৰ, বাণিজ্য আৰু জীৱিকা, এই তিনিটা ক্ষেত্ৰৰ বিশেষ লাভ হ’ব। দেশত ১০০টা বিমানবন্দৰৰ উত্তৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা কথাই সৰ্ব সাধাৰণ ৰাইজৰ আকাশত উৰাৰ সপোন সাৰ্থক কৰাৰ লগতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনকো এক নতুন মাত্ৰা প্ৰদান কৰিব। আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰত ‘ষ্টাৰ্ট-আপ’ আৰু ‘প্ৰকল্প বিকাশ কাৰ্যক্ৰম’য়ে যুৱ-শক্তিক এক নতুন শক্তি প্ৰদান কৰিব।

কৰ-ব্যৱস্থাৰ প্ৰতিআস্থাত গুৰুত্ব

আয়ৰ ওপৰত আৰোপিত কৰক লৈ বিৰোধৰ পৰিৱৰ্তে বিশ্বাসৰ এক বাতাবৰণহে চৰকাৰে গঢ়ি তুলিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, এতিয়া আমি আয় কৰ ব্যৱস্থা ক্ষেত্ৰটো ‘বিবাদৰ পৰা বিশ্বাস’ৰ যাত্ৰা আৰম্ভ কৰিছো।

কৰ-ব্যৱস্থাত কৰা বুনিয়াদী সংস্কাৰৰ সুবাদত ভাৰতত এতিয়া অনেক ক্ষেত্ৰত গুণ-মান বৃদ্ধিৰ সম্ভাৱনা বাঢ়িব বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, নিয়োগ সম্ভাৱনা সৃষ্টিৰ ববে আটাইতকৈ ডাঙৰ চালিকা শক্তিটোৱেই হৈছে বিনিয়োগ। এই দিশতো কেতবোৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘ব্ৰেণ্ড মাৰ্কেট’-ক শক্তিশালী ৰূপত গঢ়ি তোলাআৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দীৰ্ঘ ম্যাদী বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে।

‘লভ্যাংশ বিতৰণ কৰ’ বাতিল কৰাৰ ফলত কোম্পানীসমূহৰ হাতলৈ ২৫হাজাৰ কোটি টকা আহিব আৰু এই ধন ৰাশিয়ে তেওঁলোকক পুনৰ বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। বিদেশী বিনিয়োগ ভাৰতলৈ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিভিন্ন কৰ ৰেহাই দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ‘ষ্টাৰ্ট আপ’ আৰু গৃহ-নিৰ্মাণৰ ক্ষেত্ৰতো কৰ ৰেহাইৰ সুবিধা আগবঢ়োৱা হৈছে। এই সকলোবোৰ সিদ্ধান্ত দেশৰ ৰ্অ্থনীতিক তীব্ৰগতিত বঢ়োৱাৰ লগতে যুৱ-প্ৰজন্মক কৰ্ম-সংস্থাপনৰ নতুন সুযোগ প্ৰদানৰ লক্ষ্যৰেই গ্ৰহণ কৰা হৈছে।

আমাৰ কোম্পানী আইনত থকা ভ্ৰান্তিবোৰ আতঁৰোৱাৰ বাবে বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ‘কৰদাতা ঘোষণাপত্ৰ’ৰ দ্বাৰা কৰদাতাসকলৰ অধিকাৰসমূহ স্পষ্ট কৰাৰো দিহা কৰা হ’ব।

‘ক্ষুদ্ৰ লঘূ তথা মজলীয়া উদ্যোগ খণ্ড’ৰে জড়িত ক্ষুদ্ৰ উদ্যোগীসকলৰ ওপৰত আমাৰ চৰকাৰে সদায়ে ভৰসা কৰি আহিছে। বছৰি ৫কোটি টকা পৰ্যন্ত ব্যৱসায়ীক লেনদেনৰ ক্ষেত্ৰত হিচাপ পৰীক্ষণৰ আৱশ্যকতা এতিয়াৰে পৰা নোহোৱা হব। সেইদৰে ‘জমাকাৰীৰ বীমা’ সম্পৰ্কতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংকত তেওঁলোকৰ জমা ধন যে সুৰক্ষিত হৈ আছে এই নিশ্চিতি প্ৰদান কৰাৰ বাবে এতিয়াৰে পৰা ‘জমাকাৰী বীমা’ৰ সীমা বৰ্তমানৰ এক লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

ন্যূনতম চৰকাৰ, ব্যাপক শাসন

‘ন্যূনতম চৰকাৰ, ব্যাপক শাসন’-ৰ প্ৰতিশ্ৰুতিক এইখন বাজেটে আৰু অধিক দৃঢ়তা প্ৰদান কৰিলে বুলি মন্তব্য কৰে প্ৰধনমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘ফেচলেছ আপিল’ৰ ব্যৱস্থা, প্ৰত্যক্ষ কৰৰ নতুন আৰু সৰলীকৰণৰ দিহা, পুনৰ বিনিয়োজনত গুৰুত্ব, স্বয়ংকিয় নামংকণৰ জৰিয়তে পেঞ্চনৰ ব্যৱস্থা, ‘সংঘবদ্ধ ক্ৰয় পদ্ধতি’ৰ দিশত পদক্ষেপ গ্ৰহণৰ দৰে কেতবোৰ প্ৰয়াসে সৰ্ব সাধাৰণ জনতাৰ দৈনন্দিনত জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰি তেওঁলোকৰ জীৱনলৈ স্বাচ্ছন্দ্যৰ পৰিমান বৃদ্ধি কৰিব।’

উমৈহতীয়া পৰীক্ষা

ইমানদিনে চৰকাৰী চাকৰিৰ বাবে যুৱক-যুৱতীসকলে বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। এই পৰম্পৰাৰ পৰিৱৰ্তন সাধন কৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় নিয়োগ সংস্থাৰ দ্বাৰা পৰিচালিত হ’বলগা ‘অনলাইন পদ্ধতিৰ উমৈহতীয়া পৰীক্ষা’ৰ জৰিয়তে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

কৃষকসকলৰ উত্পাদিত সামগ্ৰীসমূহৰ উচিত বিপণন আৰু পৰিবহণৰ বাবে- কিষাণ ৰে’ল আৰু কৃষি উড়ানৰ দ্বাৰা এক নতুন ব্যৱস্থাৰ সূচনা কৰা হ’ববুলিওতেওঁ উল্লেখ কৰে।

স্বাচ্ছন্দ্যৰে ব্যৱসায়, স্বাচ্ছন্দ্যৰে জীৱনধাৰণ

সেইদৰে শাসনৰ ব্যাপকতা সুনিশ্চিত কৰা বাবে দেশৰ একলাখখন গাঁও পঞ্চায়তৰ অংগণৱাৰী, বিদ্যালয়, স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ আৰু আৰক্ষী থানাক ‘ব্ৰডবেণ্ড সেৱা’ৰে সংযুক্ত কৰাৰ এক ঐতিহাসিক অভিযানৰ শুভাৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ইয়ে স্বাচ্ছন্দ্যৰে ব্যৱসায় আৰু স্বাচ্ছন্দ্যৰে জীৱনধাৰণ পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ কয়, এইখন বাজেটে আয় আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে চাহিদা আৰু গ্ৰাহকৰ ক্ৰয়-সামৰ্থ্যও বৃদ্ধি কৰিব বুলি মোৰ বিশ্বাস হৈছে। সেইদৰে বাজেটখনে বিত্তীয় ব্যৱস্থাপনা আৰু নগদ ধনৰ প্ৰবাহকো ন-ৰূপত উজ্জীৱিত কৰি তুলিব।

এইখন বাজেটে দেশৰ বৰ্তমানৰ আৱশ্যকতাসমূহৰ লগতে এই দশকৰ অনাগত ভৱিষ্যতৰ আশা-আকাংক্ষাসমূহকো পূৰ্ণতা দান কৰিবও তেওঁ উল্লেখ কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
World Bank lifts India FY27 growth view to 6.6%, sees strong recovery

Media Coverage

World Bank lifts India FY27 growth view to 6.6%, sees strong recovery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.