যোৱা দশকত ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সংঘটিত হৈছে, একচেটিয়া ক্লাবৰ পৰা বিশ্বৰ তৃতীয় বৃহত্তম ঘৰুৱা বিমান পৰিবহনকাৰীত পৰিণত হৈছে: প্ৰধানমন্ত্ৰী
ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ বিকাশ চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ ফল, যিয়ে প্ৰতিগৰাকী নাগৰিকক বিমানযোগে সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰি তুলিব পৰা অভিযানৰ সৈতে সংযুক্ত কৰিছে : প্ৰধানমন্ত্ৰী
চৰকাৰে সমগ্ৰ দেশতে আঞ্চলিক আৰু সুলভ মূল্যৰ বিমান সংযোগ আৰু সাগৰীয় বিমান পৰিচালনাৰ সম্প্ৰসাৰণৰ বাবে উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ কাম কৰি আছে: প্ৰধানমন্ত্ৰী
ভাৰতে ঘৰুৱাভাৱে সামৰিক আৰু পৰিবহণ বিমানৰ উৎপাদন আৰম্ভ কৰিছে আৰু অসামৰিক বিমান নিৰ্মাণৰ ক্ষেত্ৰতো আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
ভাৰত গ্ল’বেল চাউথ আৰু বিশ্বৰ মাজত বিমান পৰিবহণৰ এক প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতা, বিশেষজ্ঞ আৰু বিনিয়োগকাৰীক আদৰণি জনাই কয় যে বিমান উদ্যোগৰ পৰৱৰ্তী যুগ আকাংক্ষাৰে ভৰি আছে আৰু এইক্ষেত্ৰত ভাৰতে এক প্ৰধান  খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বিমান নিৰ্মাণ, পাইলটৰ প্ৰশিক্ষণ,  বিমানৰ উন্নত  গতিশীলতা আৰু বিমান লিজিঙৰ ক্ষেত্ৰত ভাৰতে উপস্থাপন কৰা বিশাল সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি সকলো অংশীদাৰৰ বাবে উইংছ ইণ্ডিয়া সন্মিলনৰ গুৰুত্বৰ বিষয়ে কয়। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সংঘটিত হৈছে।  তেওঁ স্মৰণ কৰে যে এসময়ত বিমান যাত্ৰা একচেটিয়া ক্লাবতে সীমাবদ্ধ আছিল যদিও আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ঘৰুৱা বিমান পৰিবহনৰ বজাৰত পৰিণত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে যাত্ৰীৰ যাতায়াত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভাৰতীয় বিমান সংস্থাসমূহে নিজৰ বহৰ সম্প্ৰসাৰণ কৰিছে, শেহতীয়া বছৰবোৰত ১৫০০ৰো অধিক বিমানৰ ফৰমাইচ  দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই বিকাশ সম্ভৱ হৈছে, প্ৰতিজন নাগৰিকক বিমানযোগে সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰেবিমান যাত্ৰাক একচেটিয়া নহয়, সৰ্বাংগীন কৰি তোলা হৈছে । তেওঁ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহ বিমানবন্দৰৰ সৈতে সংযুক্ত হৈ থকাৰ কথাত গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনত ভাৰতত ৭০টা বিমানবন্দৰ আছিল, আনহাতে আজি এই সংখ্যা ১৬০টাতকৈও অধিক হৈছে। অৰ্থাৎ দেশখনে মাত্ৰ এটা দশকতে দুগুণতকৈও অধিক বিমানবন্দৰ নিৰ্মাণ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ১০০ৰো অধিক বিমানবন্দৰ সক্ৰিয় কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে চৰকাৰে সুলভ ভাড়া প্ৰদানৰ বাবে উড়ান আঁচনি আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে উড়ানৰ ফলত ডেৰ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছে, তেওঁলোকৰ বহুতেই হয়তো আগতে এনেদৰে যাত্ৰা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়  যে ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে বিমান সংযোগৰ সম্প্ৰসাৰণ বহুগুণে বৃদ্ধি হোৱাটো নিশ্চিত। তেওঁ আলোকপাত কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰতত ৪০০ৰো অধিক বিমানবন্দৰ নিৰ্মাণৰ আশা কৰা হৈছে, যাৰ ফলত এক বিশাল নেটৱৰ্কৰ সৃষ্টি হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশৰ প্ৰতিটো কোণত সংযোগ উন্নত কৰাৰ লক্ষ্যৰে সাগৰীয় বিমান পৰিচালনাৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আঞ্চলিক আৰু সুলভ মূল্যৰ বিমান সংযোগক অধিক শক্তিশালী কৰিব পৰাকৈ উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ কাম  চৰকাৰে  কৰি আছে।চৰকাৰে পৰ্যটন খণ্ডৰ উন্নয়নৰ বিষয়তো  শক্তিশালীভাৱে মনোনিৱেশ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দেশজুৰি পৰ্যটনস্থলীসমূহ উন্নীত কৰা হৈছে আৰু বিমান যাত্ৰা বৃহৎ সংখ্যক লোকৰ বাবে পছন্দৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অনাগত বছৰবোৰত বিমান যাত্ৰাৰ চাহিদা অভূতপূৰ্বভাবে বৃদ্ধি পাব, যাৰ ফলত অধিক  বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বৰ এক প্ৰধান বিমান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগে লগে বিমান পৰিবহণৰ প্ৰয়োজনীয়তাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু আত্মনিৰ্ভৰশীলতাৰ পথ শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়, যাৰ ফলত ভাৰতত বিনিয়োগ কৰা কোম্পানীসমূহো লাভাৱান্বিত হ’ব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতে বিমানৰ ডিজাইন, উৎপাদন  আৰু বিমানৰ এম আৰ অ’ পৰিৱেশতন্ত্ৰৰ বিষয়তো গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ভাৰত ইতিমধ্যে বিমানৰ অংশৰ প্ৰধান নিৰ্মাতা আৰু যোগানকাৰী হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে ঘৰুৱাভাৱে সামৰিক আৰু পৰিবহণ বিমান উৎপাদন আৰম্ভ কৰিছে আৰু অসামৰিক বিমান নিৰ্মাণৰ ক্ষেত্ৰতো আগবাঢ়িছে। তেওঁ এইক্ষেত্ৰত  ভাৰতৰ সুবিধাসমূহো আঙুলিয়াই দিয়ে।  য’ত বিশ্বৰ বিমান কৰিডৰত ভাৰতৰ ভৌগোলিক অৱস্থান, অতুলনীয় ঘৰুৱা ফিডাৰ নেটৱৰ্ক আৰু ভৱিষ্যতে দীৰ্ঘ দূৰত্বৰ বহৰৰ সম্প্ৰসাৰণ আদিয়ে একেলগে এক বৃহৎ শক্তি গঠন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতত ডিজাইন আৰু নিৰ্মাণ কৰা বৈদ্যুতিক উলম্ব উৰণ আৰু অৱতৰণ বিমানে বিমান পৰিবহণ খণ্ডক এক নতুন দিশ দিব, যাতায়তৰ সময় বহু পৰিমাণে হ্ৰাস কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে বহনক্ষম বিমান ইন্ধনৰ বিষয়তো ব্যাপকভাৱে কাম কৰি আছে আৰু অনাগত বছৰবোৰত সেউজ বিমান ইন্ধনৰ প্ৰধান উৎপাদক তথা  ৰপ্তানিকাৰক হ’বলৈ সাজু হৈছে।

ভাৰতে বিমান পৰিবহণ খণ্ডত অসংখ্য সংস্কাৰৰ পদক্ষেপ  হাতত লোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে  দেশখনে গ্ল’বেল চাউথ আৰু বিশ্বৰ মাজত বিমান পৰিবহণৰ এক প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ আলোকপাত কৰে যে ইয়াৰ দ্বাৰা বিমান উদ্যোগৰ সৈতে জড়িত বিনিয়োগকাৰী আৰু নিৰ্মাতাসকলৰ বাবে উল্লেখযোগ্য সুযোগৰ সৃষ্টি হৈছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বিভিন্ন অঞ্চল আৰু বজাৰক সংযোগ কৰিছে, চহৰসমূহক একাধিক পৰিবহণৰ মাধ্যমেৰে বন্দৰৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ  কয় যে ভাৰতৰ বিমান পৰিবহণৰ দৃষ্টিভংগী মালবাহী বিমানৰ  ক্ষেত্ৰতো  সমানে কেন্দ্ৰীভূত। চৰকাৰে সামগ্ৰীৰ সামগ্ৰীৰ চলাচল দ্ৰুত আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো নিয়ন্ত্ৰণমূলক  সংস্কাৰৰ বাবে কাম কৰি আছে। তেওঁ আঙুলিয়াই দিয়ে যে ডিজিটেল কাৰ্গো প্লেটফৰ্মে সমগ্ৰ প্ৰক্ৰিয়াটোক সৰল কৰি তুলিছে আৰু অধিক স্বচ্ছ কৰি তুলিছে।  আনহাতে বিমানবন্দৰৰ বাহিৰত প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থাই বিমানবন্দৰত বোজা হ্ৰাস কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আধুনিক গুদাম নিৰ্মাণ কৰি সামগ্ৰী পৰিচালনা ব্যৱস্থাৰ  উন্নতিসাধন  আৰু ত্বৰান্বিত কৰা হৈছে। যাৰ ফলত ভৱিষ্যতে ডেলিভাৰীৰ সময় আৰু লজিষ্টিক খৰচ দুয়োটা হ্ৰাস পাব। ভাৰতে  এক ডাঙৰ আৰু প্ৰতিযোগিতামূলক ট্ৰেন্স-শ্বিপমেণ্ট হাব হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক গুদাম, সামগ্ৰী প্ৰেৰণ, এক্সপ্ৰেছ লজিষ্টিক আৰু ই-কমাৰ্চ খণ্ডৰ সুযোগৰ সন্ধান কৰিবলৈ   আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰে বিমান উদ্যোগৰ বাবে আজি বিশ্বৰ কেইখনমান দেশৰহে ইমান বৃহৎ পৰিসৰ, নীতিগত স্থিৰতা, আৰু প্ৰযুক্তিগত উচ্চাকাংক্ষা আছে।তেওঁ প্ৰতিখন  দেশ , প্ৰতিটো উদ্যোগৰ নেতা আৰু প্ৰতিজন উদ্ভাৱকক এই সোণালী সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে তেওঁলোকক ভাৰতৰ উন্নয়ন যাত্ৰাত দীৰ্ঘম্যাদী অংশীদাৰ হ’বলৈ আৰু বিশ্ব বিমান পৰিবহণ খণ্ডৰ বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত বিশ্বৰ বিনিয়োগকাৰীসকলক ভাৰতৰ বিমানত সহ-পাইলটৰ ৰূপত  যোগদান কৰিবলৈ আমন্ত্ৰণ জনাই উইংছ ইণ্ডিয়াৰ সফলতাৰ  বাবে শুভেচ্ছা জনায়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Trust of Global South in BRICS has grown’: PM Narendra Modi

Media Coverage

‘Trust of Global South in BRICS has grown’: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”