ৰাষ্ট্ৰপতি জী, সৰ্ব প্ৰথমে মই আমাক, ভাৰতীয় প্ৰতিনিধি দলটোক মৈত্ৰীপূৰ্ণ আৰু উষ্ণ আদৰণি জনোৱাৰ বাবে আপোনাক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ২০১৬, আৰু ২০১৪ চনতো মই আপোনাৰ সৈতে বিস্তৃত ভাবে কথা-বতৰা পতাৰ সুযোগ পাইছিলো। আৰু সেই সময়ত আপুনি ভাৰত-আমেৰিকাৰ সম্বন্ধ সন্দৰ্ভত পোষণ কৰা আপোনাৰ দৃষ্টভংগী শব্দবদ্ধ কৰিছিল, সেয়া নিতান্তই প্ৰেৰণাদায়ক আছিল আৰু আজি আপুনি ৰাষ্ট্ৰপতি হিচাপে সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, প্ৰয়াস কৰিছে, ‘ইনচিয়েটিভ’ লৈছে, এই কাৰ্যক মই স্বাগত জনাইছো।

আপুনি ভাৰতত ‘বাইডেন’ উপাধিৰ ব্যক্তি সন্দৰ্ভত আপুনি বিস্তৃত ভাবে উল্লেখ কৰিছে। আপুনি মোৰ আগতো এই কথাৰ উল্লেখ কৰিছিল। পিচত মই বহুখিনি কাগজ-পত্ৰ বিচাৰ-খোচাৰ কৰাৰ চেষ্টা কৰিছিলো। কিছু কাগজ-পত্ৰ মই লৈয়ো আহিছো। তাৰ মাজৰ পৰা কিবা ওলাই আহিবও পাৰে, সেয়া আপোনাৰ কামত আহিবও পাৰে।

মহামহিম!

আজিৰ আমাৰ এই দ্বিপাক্ষিক শীৰ্ষ সন্মিলন, পিচে, মই দেখিছো, একৈশ শতিকাৰ তৃতীয়টো দশকৰ এয়া প্ৰথমটো বছৰ, মই সম্পূৰ্ণ দশকটোৰ ফালেই দৃষ্টি নিক্ষেপ কৰিছো যে আপোনাৰ নেতৃত্বত আমি যি বীজ সিঁচিম। এই সমগ্ৰ দশকটোৱেই আমাৰ দৃষ্টিত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধ, বিশ্বৰ লোকতান্ত্ৰিক দেশসমূহৰ বাবে এক বহুত ‘ট্ৰেন্সফৰ্মেটিভ’ সময়কাল হিচাপে পৰিগণিত হ’ব বুলি মই বিশ্বাস কৰো।

ভাৰত আৰু আমেৰিকাৰ সম্বন্ধ ‘ট্ৰেন্সফৰ্মেটিভ’ বুলি অনুভৱ কৰাৰ সময়তে কিন্তু ‘ট্ৰেডিশ্যন’, গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰমূল্যক লৈ আমি যি জীৱন অতিবাহিত কৰি আহিছো, আৰু যাৰ বাবে আমি সমৰ্পিতও, আমি প্ৰতিশ্ৰুতিবদ্ধও, সেই পৰম্পৰাৰ নিজা এক মহত্ব আছে, সেই মহত্ব আৰু অধিক বিস্তাৰিত হ’ব।

সেইদৰে আপুনি উল্লেখ কৰিছে, যে ভাৰতৰ ৪নিযুতৰো অধিক মানুহে ইয়ালৈ আহি আমেৰিকাৰ বিকাশ যাত্ৰাত সহযোগিতা আগবঢ়াইছেহি। এইটো দশকত ‘প্ৰতিভা’ৰ এক মহত্ব থাকিব। ‘পিপুল টু পিপুল’, এই ‘প্ৰতিভা’ই এই দশকত বহুত প্ৰভাৱশালী ভূমিকা পালন কৰিব আৰু ভাৰতীয় ‘প্ৰতিভা’ই আমেৰিকাৰ বিকাশ যাত্ৰাত সম্পূৰ্ণ ৰূপতে সহযোগী হৈ থকাৰ ক্ষেত্ৰত আপোনাৰ যোগদান বহুত মহত্বপূৰ্ণ হ’ব।

সেইদৰে পৃথিৱীত আজি ‘প্ৰযুক্তি’ সকলোতকৈ প্ৰভাৱশালী ‘ড্ৰাইভিং ফ’ৰ্চ’ হিচাপে থিয়-দঙা দি উঠিছে। এইটো দশকত ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত ‘প্ৰযুক্তি’, আৰু সেয়াও সম্পূৰ্ণ ৰূপে মানৱতাৰ বাবে কল্যাণকাৰী হৈ উঠক, সেই দিশত আমেৰিকাই ‘প্ৰযুক্তি’ৰ জৰিয়তে বহুত ডাঙৰ সেৱা আগবঢ়াব পাৰে আৰু আমিও এটা বৃহত্ সুযোগ লাভ কৰিব পাৰিম।

সেইদৰেই ভাৰত আৰু আমেৰিকাৰ মাজত ‘বাণিজ্য’ৰো নিজা গুৰুত্ব আছে আৰু এইটো দশকত ‘বাণিজ্য’ৰ ক্ষেত্ৰতো আমি পৰস্পৰে বহুখিনি সম্পূৰক হৈ উঠিব পাৰো। বহুবোৰ বস্তু আছে যিবোৰ আমেৰিকাৰ হাতত আছে সেইবোৰ ভাৰতৰ বাবে প্ৰয়োজনীয়। আৰু ভাৰতৰ হাতত থকা বহু বস্তু আকৌ আমেৰিকাৰ কামত আহিব পাৰে। সেয়ে ‘বাণিজ্য’ও এইটো দশকৰ এক বৃহত্ ক্ষেত্ৰ হ’ব।

ৰাষ্ট্ৰপতি ডাঙৰীয়া, আপুনি অলপতে দুই অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিৱসৰ কথা উল্লেখ কৰিছিল। মাহাত্মাগান্ধীয়ে ‘ট্ৰাষ্টীছীপ’ৰ কথা কৈছিল। এইটো দশক সেই ‘ট্ৰাষ্টীছীপ’ৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ। মহাত্মা গান্ধীয়ে সদায়ে এই কথাক লৈ ওকলতি কৰিছিল যে এইটো গ্ৰহৰ আমি ‘ট্ৰাষ্টী’ আৰু আমি আমাৰ আহিবলগীয়া প্ৰজন্মসমূহকো এক ‘ট্ৰাষ্টী’ৰ ৰূপতে এইটো গ্ৰহক অৰ্পণ কৰিব লাগিব। আৰু এই ‘ট্ৰাষ্টীছীপ’ৰ ভাৱনাই ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধৰ ক্ষেত্ৰতো এক বহুত ডাঙৰ গুৰুত্ব বহণ কৰিব। আৰু মহাত্মা গান্ধীৰ আদৰ্শ বাস্তৱায়িত কৰাৰ বাবে ‘প্লেনেটৰ ট্ৰাষ্টীছীপ’ৰ এই সিদ্ধান্ত, প্ৰতিগৰাকী নাগৰিকে বিশ্বৰ বাবে স্বীকাৰ কৰিবলগীয়া দায়িত্ব বাঢ়ি গৈছে।

আৰু ৰাষ্ট্ৰপতি জী, আপুনি যোনেকৈ কিছু প্ৰসংগৰ কথা উল্লেখ কৰিছে, এই সকলোবোৰেই অতিকে গুৰুত্বপূৰ্ণ। ভাৰতৰ বাবেও গুৰুত্বপূৰ্ণ আৰু পদভাৰ চম্ভালাৰ পিচত সেয়া লাগিলে ক’ভিড-য়েই হওক, জলবায়ুয়েই হওক, প্ৰতিটো ক্ষেত্ৰতে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে আৰু মই ভাবো আপুনি যি উদ্যোগ গ্ৰহণ কৰিছে, সেইবোৰে আগন্তুক দিনবোৰত বহুত ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিবগৈ। আৰু আজিৰ আমাৰ কথা-বতৰাতো এই সকলো বিষয় সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰি আমি কেনেকৈ একেলগে আগুৱাই যাব পাৰিম, আমি পৰস্পৰৰ লগতে সামগ্ৰিক ভাবে বিশ্বৰ বাবেও কিবোৰ ইতিবাচক পদক্ষেপ ল’ব পাৰিম তাৰ ৰূপৰেখা তৈয়াৰ কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। মই ভাবো আপোনাৰ নেতৃত্বত আজিৰ আলোচনা খুবেই সাৰ্থক হৈ উঠিব।

ৰাষ্ট্ৰপতি ডাঙৰীয়া, আমাক এনেদৰে উষ্ণ আদৰণি জনোৱা বাবে পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights efforts over the last 12 years to make quality healthcare more affordable and accessible
June 14, 2026
PM shares a glimpse of the health sector's transformation and reaffirms the commitment to build a healthy India

Prime Minister Shri Narendra Modi today stated that over the last 12 years, India has worked to make quality healthcare more affordable and accessible. He noted that we feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.

Shri Modi pointed out that other efforts like PM Bharatiya Jan Aushadhi Pariyojana have made medicines affordable. The Prime Minister highlighted that the prices of stents and knee implants have become affordable and this has helped many people.

PM Modi observed that, at the same time, medical education has become more accessible to people due to more institutions and seats being available. He emphasized that we will keep building on this ground covered so far in order to build a healthy India, sharing a glimpse of how the health sector has been transformed.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, India has worked to make quality healthcare more affordable and accessible.

We feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.

Other efforts like PM Bharatiya Jan Aushadhi Pariyojana have made medicines affordable. The prices of stents and knee implants have become affordable and this has helped many people.

At the same time, medical education has become more accessible to people due more institutions and seats being available.

We will keep building on this ground covered so far in order to build a healthy India.

#12YearsOfSwasthBharat “ 

“A glimpse of how the health sector has been transformed….

#12YearsOfSwasthBharat"