মহামাৰীৰ আৰম্ভণিৰ পৰা সময়মতে মাৰ্গদৰ্শন আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীসকলে
"ভাৰতে সংবিধানত সন্নিবিষ্ট সমবায় ফেডাৰেলিজমৰ ভাৱনাৰে ক’ৰোনাৰ বিৰুদ্ধে দীঘলীয়া যুঁজ দিছিল"
"এয়া স্পষ্ট যে ক’ৰোনাৰ প্ৰত্যাহ্বান এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই"
"আমাৰ প্ৰধান লক্ষ্য হৈছে সকলো যোগ্য শিশুক অতি সোনকালে টিকাকৰণ কৰা। বিদ্যালয়সমূহতো বিশেষ অভিযানৰ প্ৰয়োজন হ'ব"
"আমি কাৰ্যকৰীভাৱে পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসাৰ ৰণনীতি ৰূপায়ণ কৰিব লাগিব"
"পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰিছে যদিও বহু ৰাজ্যই কৰ হ্ৰাস কৰা নাই"
"ই কেৱল এই ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰতি অন্যায়েই নহয়, ইয়ে চুবুৰীয়া ৰাজ্যসমূহৰো ক্ষতি কৰিছে"
"বিশ্বজুৰি হোৱা সংকটৰ এই সময়ত সহযোগিতামূলক ফেডাৰেলিজমৰ মনোভাৱ অনুসৰণ কৰি সকলো ৰাজ্যক দলবদ্ধভাৱে কাম কৰিবলৈ মই অনুৰোধ জনাইছোঁ"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে শেহতীয়াকৈ কিছুমান ৰাজ্যত কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি, আৰু পৰীক্ষা, ট্ৰেক, চিকিৎসা, টিকাকৰণ কৰা আৰু কভিড অনুকূল আচৰণ সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিবে এক প্ৰতিবেদন দাখিল  কৰে য'ত তেওঁ বিশ্বৰ কেইবাখনো দেশত কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰতৰ কেইখনমান ৰাজ্যতো কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ ৰাজ্যসমূহে নিয়মীয়াকৈ তথ্য নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰস্তুত কৰা, কাৰ্যকৰী নিৰীক্ষণ অব্যাহত ৰখা, আন্তঃগাঁথনি উন্নীত কৰা আৰু কেন্দ্ৰই প্ৰদান কৰা পুঁজি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মন্তব্য কৰে।

মহামাৰীৰ আৰম্ভণিৰ পৰা সময়মতে মাৰ্গদৰ্শন আৰু সহযোগিতা আগবঢ়াই অহাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীসকলে কয় যে এই পৰ্যালোচনা বৈঠকখন প্ৰধানমন্ত্ৰীয়ে সঠিক সময়ত আহ্বান কৰিছে। মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যসমূহত কভিড আক্ৰান্তৰ সংখ্যা আৰু টিকাকৰণৰ স্থিতিৰ এক অৱলোকন দাঙি ধৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ জীৱন আৰু জীৱিকাৰ মন্ত্ৰ ৰাজ্যখনে অনুসৰণ কৰি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এনচিআৰৰ চহৰসমূহত সৰ্বাধিক কভিড আক্ৰান্তৰ সংখ্যা দেখিবলৈ পোৱা গৈছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে শেহতীয়া দিনবোৰত দিল্লীত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে। তেওঁ মাস্ক পুনৰ বাধ্যতামূলক কৰা সন্দৰ্ভতো মন্তব্য কৰে। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ শক্তিশালী সমৰ্থন আৰু নিৰ্দেশনাই ৰাজ্যখনক পূৰ্বৰ কভিড ঢৌবোৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিছে। তেওঁ অন্যান্য স্বাস্থ্য বিষয় আৰু উন্নয়নৰ বিষয়ত সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে দিয়া মাৰ্গদৰ্শনে কভিডৰ পৰৱৰ্তী ঢৌৰ সৈতে ভালদৰে মোকাবিলা কৰাত সহায় কৰিব। তেওঁ কভিড উপযুক্ত আচৰণ নিশ্চিত কৰিবলৈ চলোৱা সজাগতা অভিযানৰ বিষয়ে উল্লেখ কৰে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত মুখ্যতঃ দিল্লীৰ চাৰিওফালে, গুৰগাঁও আৰু ফৰিদাবাদ চহৰত সৰ্বাধিক কভিড আক্ৰান্তৰ সংখ্যা  দেখা গৈছে।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তঞ্জাবুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি সামৰণী ভাষণ আৰম্ভ কৰে। শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিহত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰ আৰু ৰাজ্যৰ সামূহিক প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ মুখ্যমন্ত্ৰী, বিষয়া আৰু সকলো ক’ৰোনা যোদ্ধাক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। তেওঁ কয়-এইটো স্পষ্ট যে ক’ৰোনাৰ প্ৰত্যাহ্বান সম্পূৰ্ণৰূপে শেষ হোৱা নাই। অমিক্ৰন আৰু ইয়াৰ উপ-প্ৰকাৰবোৰে ইউৰোপৰ বহুতো দেশৰ ক্ষেত্ৰত স্পষ্টভাৱে সমস্যা সৃষ্টি কৰিব পাৰে। উপপ্ৰকাৰবোৰৰ ফলত বহুতো দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। তেওঁ কয় যে ভাৰতে বহুতো দেশতকৈ পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, তথাপিও যোৱা দুসপ্তাহত কেইখনমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৰ্ধিত হোৱা ঘটনাৰ পৰা গম পোৱা গৈছে যে আমি সতৰ্ক হৈ থাকিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে অমিক্ৰনৰ ঢৌ দৃঢ়তাৰে আৰু আতংকিত নোহোৱাকৈ চম্ভালি লোৱা হৈছে আৰু যোৱা দুবছৰত ক’ৰোনাৰ সকলো দিশৰ সৈতে যুঁজ দিয়া হৈছে। স্বাস্থ্য আন্তঃগাঁথনি, অক্সিজেন যোগান বা টিকাকৰণ, শক্তিশালী কৰা হৈছে। তৃতীয় ঢৌত কোনো ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখা নাছিল। প্ৰধানমন্ত্ৰীয়ে  টিকাকৰণ অভিযানতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি তেওঁ অভিমত ব্যক্ত কৰে তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰ ওচৰলৈ ভেকছিন প্ৰদানৰ বাবে যোৱা হৈছে আৰু এয়া গৌৰৱৰ বিষয় যে ৯৬ শতাংশ প্ৰাপ্তবয়স্ক লোকক কমেও এটা পালিৰ টিকাকৰণ কৰা হৈছে। ১৫ বছৰৰ অধিক বয়সৰ প্ৰায় ৮৪ শতাংশ লোকে দুয়োটা পালি লাভ কৰিছে। তেওঁ লগতে কয় যে বিশেষজ্ঞসকলৰ মতে, ভেকছিন হৈছে ক’ৰোনাৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ সুৰক্ষা।

প্ৰধানমন্ত্ৰীয়ে কয় যে দীৰ্ঘদিনৰ পিছত বিদ্যালয় খোলা হৈছে আৰু কিছুমান ঠাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে কিছুমান অভিভাৱক চিন্তিত হৈ পৰিছে। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে অধিকসংখ্যক শিশুৱে ভেকছিনটো লাভ কৰিছে। তেওঁ কয় যে মাৰ্চ মাহত ১২-১৪ বছৰ বয়সৰ টিকাকৰণৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু কালিহে ৬-১২ বছৰীয়া শিশুৰ বাবে কোভাক্সিন ভেকছিনৰ অনুমতি দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ প্ৰধান লক্ষ্য হৈছে সকলো যোগ্য শিশুক অতি সোনকালে টিকাকৰণ কৰা। ইয়াৰ বাবে আগৰ দৰে বিদ্যালয়সমূহতো বিশেষ অভিযানৰ প্ৰয়োজন হ'ব। শিক্ষক আৰু অভিভাৱকসকলে এই বিষয়ে সজাগ হোৱা উচিত"। ভেকছিন সুৰক্ষা কৱচ শক্তিশালী কৰাৰ বাবে দেশৰ সকলো প্ৰাপ্তবয়স্কৰ বাবে সাৱধানতামূলক পালি উপলব্ধ। শিক্ষক, অভিভাৱক আৰু অন্যান্য যোগ্য লোকসকলে সাৱধানতামূলক পালি গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তৃতীয় ঢৌৰ সময়ত ভাৰতত প্ৰতিদিনে ৩ লাখলৈকে আক্ৰান্তৰ সংখ্যা দেখা পোৱা গৈছিল আৰু সকলো ৰাজ্যই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হয় আৰু লগতে সামাজিক আৰু অৰ্থনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিবলৈয়ো অনুমতি দিয়ে। তেওঁ কয়, ভৱিষ্যতেও আমাৰ ৰণনীতিত এই এই ভাৰসাম্যতা অটুট থকা দৰকাৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানী আৰু বিশেষজ্ঞসকলে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে আৰু আমি তেওঁলোকৰ পৰামৰ্শসমূহৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰিব লাগিব। "আৰম্ভণিতে সংক্ৰমণ প্ৰতিৰোধ কৰাটো আমাৰ প্ৰধান লক্ষ্য আছিল আৰু এতিয়াও থাকিব লাগে। তেওঁ কয়, "আমি কাৰ্যকৰীভাৱে পৰীক্ষা, চিনাক্তকৰণ আৰু  চিকিৎসাৰ ৰণনীতি ৰূপায়ণ কৰিব লাগিব।"

প্ৰধানমন্ত্ৰীয়ে গুৰুতৰ ইনফ্লুৱেঞ্জাৰ ঘটনাৰ এশ শতাংশ পৰীক্ষা আৰু ইতিবাচক ঘটনাৰ জিনম অনুক্ৰম, ৰাজহুৱা স্থানত কভিড উপযুক্ত আচৰণ আৰু আতংক পৰিহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য আন্তঃগাঁথনি আৰু চিকিৎসাৰ সৈতে জড়িত মানৱ শক্তিৰ নিৰন্তৰ উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সংবিধানত সন্নিবিষ্ট সমবায় ফেডাৰেলিজমৰ মনোভাৱৰে ক’ৰোনাৰ বিৰুদ্ধে দীঘলীয়া যুঁজ অব্যাহত ৰাখিছিল। প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে বৰ্তমান গোলকীয় পৰিস্থিতিত ভাৰতৰ অৰ্থনীতিৰ শক্তিৰ বাবে অৰ্থনৈতিক সিদ্ধান্তৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় থকাটো প্ৰয়োজনীয়। তেওঁ কয় যে গোলকীয় ঘটনাৰ দ্বাৰা আৰোপ কৰা চৰ্তসমূহত সহযোগিতামূলক সংঘবাদৰ এই মনোভাৱ অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। তেওঁ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সন্দৰ্ভত এই ব্যাখ্যা আগবঢ়াইছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ বোজা হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰিছে আৰু ৰাজ্যসমূহকো কৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে। কিছুমান ৰাজ্যই কৰ হ্ৰাস কৰিছে যদিও কিছুমান ৰাজ্যই ইয়াৰ লাভ ৰাইজক প্ৰদান কৰা নাই, যাৰ ফলত এই ৰাজ্যসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অধিক হৈছে। এয়া কেৱল ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি অন্যায় নহয়, ইয়ে চুবুৰীয়া ৰাজ্যসমূহৰো ক্ষতি কৰে। তেওঁ কয় যে কৰ্ণাটক আৰু গুজৰাটৰ দৰে ৰাজ্যই ৰাজহ লোকচান হোৱা সত্বেও জনসাধাৰণৰ কল্যাণৰ বাবে কৰ হ্ৰাস কৰিছে। আনহাতে তেওঁলোকৰ চুবুৰীয়া ৰাজ্যসমূহে কৰ হ্ৰাস নকৰি ৰাজহ উপাৰ্জন কৰিছে।

একেদৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা নৱেম্বৰত ভেট হ্ৰাস কৰিবলৈ অনুৰোধ কৰা হৈছিল। কিন্তু মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰালা, ঝাৰখণ্ডৰ দৰে বহুতো ৰাজ্যই কোনো কাৰণত এয়া কৰা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰৰ ৪২ শতাংশ ৰাজহ ৰাজ্য চৰকাৰসমূহলৈ যায়। প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাই কয়, "সহযোগিতামূলক ফেডাৰেলিজমৰ মনোভাৱ অনুসৰণ কৰি বিশ্বৰ সংকটৰ এই সময়ত সকলো ৰাজ্যক একগোট হৈ কাম কৰিবলৈ মই আহ্বান জনাইছো"।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বৰ্ধিত উষ্ণতাৰ সৈতে বন আৰু অট্টালিকাসমূহত অগ্নিকাণ্ডৰ ঘটনা বৃদ্ধি পাইছে। তেওঁ বিশেষভাৱে চিকিৎসালয়সমূহৰ অগ্নি সুৰক্ষা অডিট কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমাৰ ব্যৱস্থা ব্যাপক হ'ব লাগে আৰু আমাৰ সঁহাৰিৰ সময় নিম্নতম হোৱা উচিত।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering

Media Coverage

PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump