মহামাৰীৰ আৰম্ভণিৰ পৰা সময়মতে মাৰ্গদৰ্শন আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীসকলে
"ভাৰতে সংবিধানত সন্নিবিষ্ট সমবায় ফেডাৰেলিজমৰ ভাৱনাৰে ক’ৰোনাৰ বিৰুদ্ধে দীঘলীয়া যুঁজ দিছিল"
"এয়া স্পষ্ট যে ক’ৰোনাৰ প্ৰত্যাহ্বান এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই"
"আমাৰ প্ৰধান লক্ষ্য হৈছে সকলো যোগ্য শিশুক অতি সোনকালে টিকাকৰণ কৰা। বিদ্যালয়সমূহতো বিশেষ অভিযানৰ প্ৰয়োজন হ'ব"
"আমি কাৰ্যকৰীভাৱে পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসাৰ ৰণনীতি ৰূপায়ণ কৰিব লাগিব"
"পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰিছে যদিও বহু ৰাজ্যই কৰ হ্ৰাস কৰা নাই"
"ই কেৱল এই ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰতি অন্যায়েই নহয়, ইয়ে চুবুৰীয়া ৰাজ্যসমূহৰো ক্ষতি কৰিছে"
"বিশ্বজুৰি হোৱা সংকটৰ এই সময়ত সহযোগিতামূলক ফেডাৰেলিজমৰ মনোভাৱ অনুসৰণ কৰি সকলো ৰাজ্যক দলবদ্ধভাৱে কাম কৰিবলৈ মই অনুৰোধ জনাইছোঁ"

নমস্কাৰ! মই আৰম্ভণিতে তামিলনাডুৰ তাঞ্জাৱুৰত আজি সংঘটিত দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছো। এই দুৰ্ঘটনাত যিসকল নাগৰিকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। হতাহতসকলৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সাহায্য প্ৰদানৰো দিহা কৰা হৈছে।

বন্ধুসকল,

বিগত দুটা বছৰত ক’ৰোনা সংক্ৰান্তত এয়া আমাৰ চৌব্বিশ সংখ্যক আলোচনা সভা। ক’ৰোনা কালত যেনে দৰে কেন্দ্ৰ আৰু ৰাজ্যসমূহে মিলি একেলগে কাম কৰিছে, সিয়ে ক’ৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মই সকলো মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰসমূহ, সংশ্লিষ্ট বিষয়া-বৰ্গৰ লগতে ‘ক’ৰোনা ৱ’ৰিয়ৰ্ছ’সকলক প্ৰশংসা কৰিছো।

বন্ধুসকল,

কেতবোৰ ৰাজ্যৰ পৰা ক’ৰোনা আক্ৰান্তৰ সংখ্য আকৌ বৃদ্ধি পোৱাক লৈ স্বাস্থ্য সচিবে এই মাত্ৰ বিস্তাৰিত ভাবে তথ্য দাঙি ধৰিছে। আদৰণীয় গৃহমন্ত্ৰী ডাঙৰীয়াইয়ো বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা অৱগত কৰিছে। ইয়াৰ লগতে আপোনালোকৰ মাজৰ বহুকেইগৰাকী মুখ্যমন্ত্ৰীয়েও বিভিন্ন দিশত দৃষ্টি আকৰ্ষিত কৰি বক্তব্য প্ৰদান কৰিছে। ক’ৰোনাৰ প্ৰত্যাহ্বান যে এতিয়াও সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা নাই সেয়া ধুৰূপ। ‘অমিক্ৰণ’ আৰু ইয়াৰ ‘উপ-সংস্কৰণ’য়ে কেনে সংকট সৃষ্টি কৰিব পাৰে, এই কথা ইউৰোপৰ দেশসমূহত আমি দেখিবলৈ পাইছো। বিগত কেইটামান মাহত কিছুমান দেশত এই ‘উপ-সংস্কৰণ’সমূহৰ বাবে পুণৰ সংকটে মূৰ দাঙি উঠা দেখিবলৈ পোৱা গৈছে। অৱশ্যে আমি ভাৰতীয়সকলে আন বহুবোৰ দেশৰ তুলনাত আমাৰ দেশৰ অৱস্থা বহুত উন্নত আৰু নিয়ন্ত্ৰণতে ৰাখিবলৈ সক্ষম হৈছো। এই  সকলোবোৰৰ পিচতো কিন্তু যোৱা দুটা সপ্তাহত যি ধৰণে কেতবোৰ ৰাজ্যত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে, তাকে দেখি আমি সতৰ্ক হৈ থকা উচিত হ’ব। আমাৰ দেশত কেইদিন মানৰ আগতে যি লহৰ আহিছিল, সেই লহৰৰ পৰা আমি বহু কথাই শিকিব পাৰিছো। আমাৰ দেশবাসীয়ে ‘অমিক্ৰণ’ৰ এই লহৰক বাৰুকৈয়ে চম্ভালি ল’ব পাৰিলে, বিতত নোহোৱাকৈয়ে দেশবাসীয়ে ইয়াৰে মোকাবিলাও কৰিলে।

বন্ধুসকল,

দুটা বছৰৰ ভিতৰতে আমাৰ দেশে স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণৰ পৰা অক্সিজেনৰ যোগানলৈকে, ক’ৰোনাক পৰাভূত কৰাৰ বাবে প্ৰয়োজন হোৱা সকলো ব্যৱস্থাকে শক্তিশালী কৰি তোলাৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয়টো লহৰত কোনো এখন ৰাজ্যৰ স্থিতি অনিয়ন্ত্ৰিত  হোৱাৰ কোনো খবৰ পোৱা নাছিলো। এই ক্ষেত্ৰত আমাৰ ক’ভিড টীকাকৰণ অভিযানৰ পৰাও ভালেখিনি সহযোগিতা পোৱা গৈছিল! দেশৰ প্ৰততিখন ৰাজ্যত, প্ৰতিখন জিলাত, প্ৰতিটো ক্ষেত্ৰত, লাগিলে সংশ্লিষ্ট এলেকাৰ ভৌগোলিক পৰিস্থিতি যিয়েই নহওক কিয়, প্ৰতিগৰাকী ব্যক্তিকে এই অভিযানে স্পৰ্শ কৰিব পাৰিছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া সঁচাকৈয়ে গৌৰৱৰ কথা যে, আজি ভাৰতৰ ৯৬ শতাংশ বয়সস্থ জন-সংখ্যাক ক’ৰোনা প্ৰতিষেধকৰ প্ৰথমটো পালি প্ৰদান কৰা হৈছে। সেইদৰে ১৫ বছৰৰ ওপৰৰ প্ৰায় ৮৫ শতাংশ নাগৰিককতো দ্বিতীয়টো পালিও প্ৰদান কৰা হৈছে।

বন্ধুসকল,

আপোনালোকেও জানে যে, পৃথিৱীৰ সৰহ সংখ্যক বিশেষজ্ঞই মত পোষণ কৰিছিল যে ক’ৰোনাৰ পৰা হাত সাৰিবলৈ হ’লে প্ৰতিষেধকেই সকলোতকৈ ডাঙৰ কৱচ। আমাৰ দেশত দীঘলীয়া সময়ৰ পিচত স্কুল খোলা হৈছে, শ্ৰেণীসমূহ পুনৰাই আৰম্ভ কৰা হৈছে। এনে পৰিস্থিতিত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা কথাই কেনেবকে নহয় কেনেবাকে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। কিছুমান স্কুলত ক’ৰোনাৰ সংক্ৰমণৰো খবৰ পোৱা গৈছে। পিচে, সন্তোষৰ কথা এই যে সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই প্ৰতিষেধকৰ ৰক্ষা কৱচ ইতিমধ্যে লাভ কৰিছে। মাৰ্চত আমি ১২ৰ পৰা ১৪ বছৰ বয়সসীমাৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰতিষেধক প্ৰদানৰ অভিযান মুকলি কৰিছিলো। এতিয়া কালি মাত্ৰ ৬ বছৰৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবেও প্ৰতিষেধকৰ অনুমতি লাভ কৰা হৈছে। এই বয়সসীমাৰ সকলো ল’ৰা-ছোৱালীকে  যিমান পাৰি সোনকালে প্ৰতিষেধক প্ৰদান কৰাত আমি গুৰুত্ব দিছো। ইয়াৰ বাবে আগৰ বাৰৰ দৰেই স্কুলসমূহত বিশেষ টীকাকৰণ অভিযান চলোৱাৰ প্ৰয়োজন হ’ব। শিক্ষক আৰু অভিভাৱকসকল ইয়াৰ বাবে যাতে সজাগ হৈ থাকে আমি এই কথাও সুনিশ্চিত কৰিব লগিব। প্ৰতিষেধকৰ সুৰক্ষা কৱচক অধিক শক্তিশালী কৰাৰ বাবে দেশৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে ‘প্ৰিক’শ্বন ডোজ’ বা ‘সতৰ্কতামূলক পালি’ও উপলব্ধ কৰোৱা হৈছে। শিক্ষক-অভিভাৱক আৰু বাকী যোগ্যতাসম্পন্ন সকলো লোকেও প্ৰতিষেধকৰ এই সতৰ্কতা পালি যাতে ল’ব পাৰে, তাৰ বাবেও আমি সজাগ হৈ থাকিব লাগিব।

বন্ধুসকল,

ক’ৰোনাৰ তৃতীয়টো লহৰৰ সময়ত আমি প্ৰতি দিনেই তিনি লাখৰো অধিক আক্ৰান্তক দেখিবলৈ পাইছিলো। আমাৰ সকলো ৰাজ্যই এই সমূহ আক্ৰান্তক চম্ভালিও ল’লে, আৰু বাকী সামাজিক আৰু আৰ্থিক গতিবিধিসমূহকো ত্বৰান্বিত কৰি ৰাখিছে। এনে সমতুলতাকে আগলৈয়ো অব্যাহত ৰখাটো আমাৰ ৰণকৌশলৰ অংগ কৰা উচিত হ’ব। আমাৰ বিজ্ঞানী, আৰু বিশেষজ্ঞসকলে ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰেক্ষাপটক নিৰন্তৰ নিৰীক্ষণ কৰি আছে। তেওঁলোকে প্ৰদান কৰা পৰামৰ্শ গ্ৰহণ কৰি আমি ‘প্ৰী-এমটিভ’, ‘প্ৰ’-এক্টিভ’ আৰু ‘কালেক্টিভ এপ্ৰ’চ’ৰে কাম কৰিব লাগিব।

সংক্ৰমণক আৰম্ভণিতেই প্ৰতিৰোধ কৰাটো আমাৰ প্ৰথমিকতা আগতেও আছিল আৰু এতিয়াও থকা উচিত হ’ব। আপোনালোকেও যি কথা উল্লেখ কৰিছে ‘টেষ্ট’ ‘ট্ৰেক’ আৰু ‘ট্ৰীট’ৰে আমি ৰচনা কৰা ৰণকৌশলকো আমি সিমান প্ৰভাৱশালী ৰূপত কাৰ্যান্বিত কৰিব লাগিব। আজিৰ তাৰিখত ক’ৰোনাই যি পৰিস্থিতি সৃষ্টি কৰিছে, সেই ক্ষেত্ৰত প্ৰয়োজনীয় হ’ব হাস্পটালত ভৰ্তি হোৱা ৰোগীসকলৰ মাজত যিসকলৰ দেহত গম্ভীৰ ইনফ্লুৱেঞ্জাত ভোগা ৰোগী থাকিব, তেওঁলোকৰ এশ শতাংশৰে ‘আৰটি-পিচিআৰ’ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰিব লাগিব। এই পৰীক্ষাত যিসকলৰ দেহত ক’ৰোনাৰ স্থিতি নিশ্চিত হ’ব তেওঁলোকৰ বিশেষ ‘জিনম স্ক্ৰিনিং’ নিশ্চিত্ ভাবেই কৰাব লাগিব। ইয়াৰ ফলত আমি ‘ভেৰিয়েণ্ট’ৰ সময়ে সময়ে পৰিচিতি লাভ কৰি থাকিব পাৰিম।

বন্ধুসকল,

আমি সাৰ্বজনিক স্থানসমূহত ‘ক’ভিডযোগ্য আচৰণ’ প্ৰদৰ্শনত গুৰুত্ব দিব লাগিব, লগতে ৰাইজ যাতে আতংকিত নহয় তাৰ বাবেও সতৰ্কতা অৱলম্বন কৰিব লাগিব।

বন্ধুসকল,

আজিৰ এই আলোচনাত স্বাস্থ্য আন্তঃগাঁথনিসমূহক ‘আপ-গ্ৰেড’ কৰাৰ বাবে যিবোৰ কাম হৈ আছে তাৰ বিষয়েও কথা-বতৰা পতা হৈছে। আন্তঃগাঁথনি উন্নত কৰাৰ গতি ত্বৰান্বিত কৰাটো নিশ্চত কৰাত গুৰুত্ব দিব লাগিব। বিচনা, ‘ভেণ্টিলেটৰ’ আৰু ‘পিএছএ’ অক্সিজেন প্লাণ্ট’ৰ দৰে সা-সুবিধাসমূহৰ ক্ষেত্ৰত আমি খুবেই ভাল স্থিতিত আছো বুলি ক’ব লাগিব। কিন্তু এই সকলো সুবিধাই যাতে কৰ্মদক্ষ হৈ থাকে, আমি এই কথাও নিশ্চিত কৰিব লাগিব। এইবোৰ কথা নিৰীক্ষণ কৰা ব্যৱস্থা হাতত লব লাগিব। সময়ত যাতে সংকটত পৰিব লগীয়া নহয় সেই কথা নিশ্চিত কৰিব পৰাকৈ সংশ্লিষ্টসকলোকে দায়বদ্ধ কৰা উচিত। লগতে, কৰবাত কিবা নাটনি থাকিলে শীৰ্ষ পৰ্যায়ত যাতে ইয়াৰ খটিয়ান লোৱাৰ দিহা কৰা হয় মই তাৰ বাবে আহ্বান জনাম। সেই নাটনি দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। চিকিত্সা মহাবিদ্যালয়, জিলা সদৰৰ চিকিত্সালয়সমূহত আমি আমাৰ চিকিত্সা আন্তঃগাঁথনিসমূহৰ মান আৰু পৰিমাণ উন্নত কৰা, মানৱ সম্পদৰ সংখ্যা বঢ়োৱাত গুৰুত্ব আৰোপ কৰিব লাগিব। মোৰ বিশ্বাস আপোনালোক সকলোৰে সহযোগিতাৰে আৰু আলোচনাৰে আমি নিৰন্তৰ ভাল ভাল অনুশীলনীৰ উদ্ভাৱনত গুৰুত্ব আৰোপ কৰিব পাৰিম। আৰু শক্তিশালী ভাবে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিও থাকিম আৰু পথো উলিয়াই থাকিম।

বন্ধুসকল,

সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যি ভাৱনাক সংবিধানত ব্যক্ত কৰা হৈছে সেই ভাৱনাকে সাৰোগত কৰি ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে শক্তিশালী ৰূপত এইখন দীঘলীয়া যুঁজ যুঁজিছে। গোলকীয় পৰিস্থিতিসমূহৰ বাবে, বাহিৰা কাৰকসমূহৰ বাবে দেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ ওপৰত পৰা প্ৰভাৱৰ বিৰুদ্ধে কেন্দ্ৰ আৰু ৰাজ্যসমূহ মিলি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আগলৈও এনে পদক্ষেপ গ্ৰহণ কৰি থকা হ’ব। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ যৌথ প্ৰয়াসেই আজি দেশত বৃহত্ পৰসৰত স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত উত্তৰণ সাধিত কৰিব পৰা গৈছে। কিন্তু বন্ধুসকল,আজি এই আলোচনাত মই আৰু এটা পক্ষৰ কথাও উল্লেখ কৰিব বিচাৰিছো। আজিৰ গোলকীয় পৰিস্থিতিত ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ স্থিতি শক্তিশালী কৰাৰ বাবে অৰ্থনৈতিক সিদ্ধান্তসমূহৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰসমূহৰ তাল-মিল, গঢ়ি তোলা, তাৰ মাজত সামঞ্জস্য সৃষ্টি কৰাটো খুবেই আৱশ্যক। আপোনালোক সকলোৱেতো জানেই যে যেনেদৰে যুদ্ধৰ পৰিস্থিতি উদ্ভৱ হৈছে আৰু ইয়াৰ পৰিণতিত যেনেদৰে যোগান-শৃংখল প্ৰভাৱান্বিত হ’বলগীয়া হৈছে আৰু এনে পৰিৱেশত দিনে দিনে প্ৰত্যাহ্বানো বাঢ়িবলৈ ধৰিছে। এনে ধৰণৰ গোলকীয় সংকটে এনেবোৰ প্ৰ্ত্যাহ্বান লৈ আহিছে। এনে সংকটৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত তাল-মিল বৰ্তাই ৰখাটো, সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভাৱনাক আৰু বৃদ্ধি কৰাটো অনিবাৰ্য হৈ উঠিছে। এটা সৰু উদাহৰণ দাঙি ধৰিব খুজিছো। ধৰক পেট্ৰোল-ডিজেলৰ দামৰ দৰে এটা বিষয় আমাৰ সকলোৰে চকুৰ সন্মখতে আছে। দেশবাসীৰ ওপৰত পেট্ৰোল-ডিজেলৰ দামৰ বোজা কম কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱকৰী শুল্ক কমোৱাৰ দিহা কৰিছিল। যোৱা নৱেম্বৰ মাহত এই পদক্ষেপ লোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আহ্বান জনাইছিল যে সংশ্লিষ্টসকলে কমাব পৰা কৰৰ বোজা কমাই ইয়াৰ সুফল জনসাধাৰণে যাতে পাই সেই কথা নিশ্চিত কৰি লাগে। ইয়াৰ পিচত কিছু সংখ্যক ৰাজ্যই ভাৰত চৰকাৰৰ দৰেই কৰ হ্ৰাস কৰিছিল যদিও কিছু সংখ্যকে কিন্তু নিজৰ ৰাজ্যবাসীক এই সুবিধা দিয়াৰ পৰা বিৰত থাকিল। এই কাৰণতে সেই সেই ৰাজ্যসমূহত এতিয়াও আন ৰাজ্যৰ তুলনাত পেট্ৰোল-ডিজেলৰ মূল্য অধিক হৈয়ে আছে। ক’বলৈ গ’লে এয়া সেইবোৰ ৰাজ্যৰ নাগৰিকৰ প্ৰতি অন্যায়েই হয়। লগতে এনে কথাই অন্য ৰাজ্যসমূহকো লোকচানৰ সন্মুখীন কৰায়। কৰ হ্ৰাস কৰিলে ৰাজ্যসমূহে ৰাজহ হেৰুৱাটো স্বাভাৱিক কথা। ধৰক কৰ্ণাটকে যদি কৰ হ্ৰাস নকৰিলেহেতেন তেন্তে এই ছটা মাহত ৰাজ্যখনে ৫ হাজাৰ কোটিৰো অধিক ৰাজহ আদায় কৰিব পাৰিলেহেতেন।  গুজৰাটেও যদি কৰ হ্ৰাস নকৰিলেহেতেন তেন্তে ৰাজ্যখনেও চাৰে তিনি চাৰি হাজাৰ কোটি টকাৰো অধিক টকাৰ ৰাজহ আদায় কৰিব পাৰিলেহেতেন। পিচে এনে কেইখনমান ৰাজ্যই নিজৰ নাগৰিকসকলৰ ভালৰ বাবে, নিজৰ মানুহখিনিয়ে যাতে সমস্যাত ভূগিবলগীয়া নহয়, তাৰ বাবে ভেট আৰু কৰ হ্ৰাস কৰাৰ দৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল।

সেই গুজৰাট আৰু কৰ্ণাটকৰ চুবুৰীয়া ৰাজ্যই কৰ হ্ৰাস নকৰি এই ছটা মাহত চাৰে তিনি হাজাৰ কোটি টকাৰ পৰা পাঁচ হাজাৰ কোটি-চাৰে পাঁচ হাজাৰ কোটি টকা পৰ্যন্ত অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰি ললে। আমি জানো যে যোৱা নৱেম্বৰ মাহত ‘ভেট’ কমোৱাৰ কথা আছিল, মই আটাইকে আহ্বানো জনাইছিলো। কিন্তু বহুকেইখন ৰাজ্যই, মই ইয়াত কাৰো সমালোচনা কৰিব খোজা নাই, মই কেৱল আপোনালোকক প্ৰাৰ্থনাহে জনাব খুজিছো। আপোনালোকৰ ৰাজ্যৰ নাগৰিকসকলৰ ভালৰ বাবে প্ৰাৰ্থনা কৰিছো। ছমাহৰ আগতে যেনেকৈ কেইখনমান ৰাজ্যই এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল, কেইখন মনে জনোৱা নাছিল। এতিয়া চাওক কেইখনমান ৰাজ্য য়েনে মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগাণা, অন্দ্ৰ প্ৰদেশ, তামিলনাডু, কেৰেলা, ঝাৰখণ্ড আদিয়ে কিবা নহয় কিবা কাৰণত এই আহ্বানৰ প্ৰতি সঁহাৰি নজনালে আৰু সেইকেইখন ৰাজ্যৰ নাগৰিকসকলে সেই বোজা বহণ কৰিয়েই আছে। এইখিনি সময়ত এইকেইখন ৰাজ্যই কিমান ৰাজহ সংগ্ৰহ কৰিলে মই এই কথালৈ বাৰু নাযাওগৈ। কিন্তু এতিয়া মই আপোনালোকক প্ৰাৰ্থনা জনাইছো য়ে দেশৰ হিতৰ বাবে বিগত নৱেম্বৰ মাহত যি কৰিবলগীয়া আছিল, এতিয়া ছমাহ বিলম্ব হ’লেই যদিও এতিয়াও আপোনালোকে ‘ভেট’ কম কৰি নিজৰ নিজৰ ৰাজ্যবাসীক সকাহ দান কৰক। আপোনালোক সকলোৱে জানেই যে ভাৰত চৰকাৰৰ হাতলৈ যি ৰাজহ আহে তাৰে ৪২ শতাংশতো ৰাজ্য হাতলৈকে গুছি যায়। বিশ্ব-সংকটৰ এই মুহূৰ্তত টসহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়ট ভাৱনাৰে আগবাঢ়ি এটা টীমৰ দৰে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। কিছুমান বিষয়ত পুংখানুপুংখ বিশ্লেষণলৈ যাব খোজা নাই। আজি ধৰক আমি সাৰৰ ক্ষেত্ৰত পৃথিৱীৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। কিমান ডাঙৰ সংকট আহিছিল। একেৰাহে ৰাজ সাহায্যৰ পৰিমাণ কেবা গুণো বাঢ়ি আছিল। আমি খেতিয়কৰ ওপৰত বোজা দিব বিচৰা নাই। এতিয়া এনেধৰণৰ সংকট মূৰ পাতি ল’বলগীয়া হৈছে। সেয়ে মই আপোনালোক সকলোকে আহ্বান জনাব বিচাৰিম আপোনালোকে চুবুৰীয়া ৰাজ্য, সকলো দেশবাসীৰ হিতক সৰ্বোচ্চ প্ৰথমিকতা দিয়ক। এটা উদাহৰণ দিছো। যোৱা নৱেম্বৰত যি কৰিব লাগিছিল, সেয়া কৰা নহ’ল। সেয়ে, বিগত ছটা মাহত কি হ’ল। আজি চেন্নাইত পেট্ৰোলৰ দাম প্ৰায় ১১১ টকাৰ কাষ পাইছেগৈ। জয়পুৰত হৈছেগৈ ১১৮ টকাৰো অধিক। হাইদৰাবাদত ১১৯ৰো অধিক। কলকাটাত ১১৫ৰো অধিক। মুম্বাইত ১২০ৰো অধিক আৰু যিসকলে কৰ হ্ৰাস কৰিছিল, মুম্বাইৰে সমীপৱৰ্তি দ্বীপ দমনত ১০২টকা। কলকাটাত ১১৫, লক্ষ্ণৌত ১০৫ টকা। হাইদৰাবাদত প্ৰায় ১২০ টকা, জম্মুত প্ৰায় ১০৬টকা। জয়পুৰত ১১৮ টকা, গুৱাহাটীত ১০৫ টকা। গুৰুগ্ৰামত ১০৫ টকা, দেৰাদুনত- সৰু ৰাজ্য আমাৰ উত্তৰাখণ্ডত ১০৩ টকা।

বন্ধুসকল,

আৰু এটা বিষয়তো মই আজি অলপ কথা ক’ব বিচাৰিছো। দেশৰ গৰমৰ হাৰ বেছি হ’বলৈ ধৰিছে আৰু সময়তকৈ আগতেই বহুত গৰম হ’বলৈ ধৰিছে। এনে সময়ত বিভিন্ন ঠাইৰ পৰা সঘনাই জুই লগাৰ ঘটনাৰ বতৰা পাবলৈ লৈছো। অৰণ্যতে হওক কিম্বা ডাঙৰ ডাঙৰ অট্টালিকা-ভৱনতে হওক বহুকেইটা অগ্নিকাণ্ড শেহতীয়া দিনদিয়েকত সংঘটিত হৈছে। বিগত বছৰত চিকিত্সালয়ত ঘটা অগ্নিকাণ্ডৰ ঘটনাকেইটাই কিমান যে বেদনা দিছিল। বহুজনে জীৱন দিবলগীয়াও হৈছিল এইবোৰ ঘটনাত।

সেয়ে, মই সকলো ৰাজ্যকে আহ্বান জনাব খুজিছো আমি এতিয়াৰ পৰাই হাস্পটালসমূহৰ সুৰক্ষা ব্যৱস্থা ত্ৰুটিশূণ্য কৰোৱাৰ দিহা কৰোৱাত গুৰুত্ব দিব লাগিব। সুৰক্ষা ব্যৱস্থা নিশ্চদ্ৰ কৰাটোত প্ৰাথমিকতা দিব লাগিব।

বন্ধুসকল,

আপোনালোকে সময় উলিয়াই সমবেত হোৱা বাবে আপোনালোক আটাইকে পুনৰ বাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই আপোনালোকৰ বাবে সদায়ে উপলব্ধ থাকোৱেই। আপোনালোকে যিকোনো জৰুৰী পৰামৰ্শ যদি দিব খুজিলে মোৰ নিশ্চয় ভাল লাগিব। আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জনাইছো।।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering

Media Coverage

PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump