“গোলকীয় মহামাৰী নথকা সময়তো স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল”
“ভাৰতৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক মংগল” “ভাৰতত সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাৰ সাংঘাতিক বৈচিত্ৰ্যতা আছে”
“প্ৰকৃত অগ্ৰগতি হৈছে নাগৰিককেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওক কিয়, দূৰ্গম অঞ্চলৰ শেষ ব্যক্তিজনেও সুবিধা লাভ কৰিব লাগিব”
“যোগ আৰু ধ্যান আধুনিক বিশ্বৰ বাবে প্ৰাচীন ভাৰতৰ উপহাৰ, যি এতিয়া এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে”
“ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাই মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ বহু সমাধান দিয়ে”
“ভাৰতৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাক সুলভ আৰু সহজলভ্য কৰি তোলা, কেৱল আমাৰ নাগৰিকৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৱান আৰ্থ ৱান হেল্থ-এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া-২০২৩ৰ শুভাৰম্ভ কৰে আৰু ভাষণ আগবঢ়ায়।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ স্বাস্থ্য মন্ত্ৰী, আৰু পশ্চিম এছিয়া, ছাৰ্ক, আছিয়ান আৰু আফ্ৰিকা অঞ্চলৰ প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায়। ‘সকলোৱে সুখী হওক, সকলোৱে ৰোগমুক্ত হওক, সকলোৰে ভাল কাম হওক, আৰু কোনেও দুখত ভুগিব নালাগে’ বুলি ভাৰতীয় শাস্ত্ৰৰ এক উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে দেশৰ সৰ্বাংগীন দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে হাজাৰ হাজাৰ বছৰৰ আগতে যেতিয়া বিশ্বজুৰি মহামাৰী নাছিল তেতিয়াও স্বাস্থ্যক লৈ ভাৰতৰ দৃষ্টিভংগী সাৰ্বজনীন আছিল। “আমাৰ দৃষ্টি কেৱল মানুহৰ মাজতে সীমাবদ্ধ নহয়। ই আমাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰলৈকে বিস্তৃত হৈ আছে। উদ্ভিদৰ পৰা আৰম্ভ কৰি জীৱ-জন্তুলৈকে, মাটিৰ পৰা নদীলৈকে, যেতিয়া আমাৰ চৌপাশৰ সকলো বস্তু সুস্থ, আমি সুস্থ হ’ব পাৰো”, প্ৰধানমন্ত্ৰীয়ে কয়।

ৰোগৰ অভাৱ সুস্বাস্থ্যৰ দৰে একে বুলি জনপ্ৰিয় ধাৰণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী কেৱল ৰোগৰ অভাৱত বন্ধ নহয় আৰু ভাৰতে সকলোৰে বাবে সুস্থতা আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "আমাৰ লক্ষ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা", তেওঁ লগতে কয়।

‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ শীৰ্ষক বিষয়বস্তুৰে ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত স্থিতিস্থাপক বিশ্ব স্বাস্থ্যসেৱা ব্যৱস্থাৰ গুৰুত্ব উপলব্ধি কৰে। তেওঁ কয় যে চিকিৎসা মূল্য ভ্ৰমণ আৰু স্বাস্থ্য কৰ্মশক্তিৰ গতিশীলতা এখন সুস্থ পৃথিৱীৰ বাবে গুৰুত্বপূৰ্ণ কাৰক আৰু ‘ৱান আৰ্থ ৱান হেল্থ-এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া-২০২৩’ এই দিশত এক উল্লেখযোগ্য প্ৰচেষ্টা। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে আজিৰ এই অনুষ্ঠানটোৱে ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তুৰ সৈতে অনুৰণন ঘটায়, যিটোৱে অসংখ্য দেশৰ অংশগ্ৰহণৰ সাক্ষী হৈ আছে। ভাৰতীয় দৰ্শন ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ বিশ্ব এক পৰিয়াল বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ লগতে পেছাদাৰী আৰু শৈক্ষিক ক্ষেত্ৰৰ অংশীদাৰসকলৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰে।

সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি, ট্ৰেক ৰেকৰ্ড আৰু পৰম্পৰাক স্বীকাৰ কৰে। তেওঁ আৰু বিশদভাৱে কয় যে ভাৰতীয় চিকিৎসক, নাৰ্ছ আৰু যত্ন লোৱা লোকৰ প্ৰভাৱ বিশ্বই প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকৰ দক্ষতা আৰু দায়বদ্ধতা আৰু প্ৰতিভাৰ বাবে তেওঁলোক বহুলভাৱে সন্মানিত। তেওঁ কয় যে সমগ্ৰ বিশ্বৰ বহু স্বাস্থ্যসেৱা ব্যৱস্থাই ভাৰতীয় পেছাদাৰীসকলৰ প্ৰতিভাৰ দ্বাৰা উপকৃত হৈছে। “ভাৰতত সংস্কৃতি, জলবায়ু আৰু সামাজিক গতিশীলতাত সাংঘাতিক বৈচিত্ৰ্যতা আছে”, ভাৰতৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ প্ৰশিক্ষণ আৰু বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ আৰু কয় যে ভাৰতীয় স্বাস্থ্যসেৱা প্ৰতিভাই বিভিন্ন পৰিস্থিতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা ব্যতিক্ৰমী দক্ষতাৰ বাবেই বিশ্বৰ আস্থা লাভ কৰিছে।

বিশ্বক একাধিক সত্যৰ কথা সোঁৱৰাই দিয়া শতিকাত এবাৰ হোৱা মহামাৰীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গভীৰভাৱে সংযুক্ত পৃথিৱীত সীমান্তই স্বাস্থ্যৰ ভাবুকি ৰোধ কৰিব নোৱাৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে গ্ল’বেল ছাউথৰ দেশসমূহে সম্পদৰ অস্বীকাৰকে ধৰি বিভিন্ন অসুবিধা আৰু কষ্টৰ সন্মুখীন হৈছিল। “প্ৰকৃত অগ্ৰগতি নাগৰিক-কেন্দ্ৰিক। চিকিৎসা বিজ্ঞানত যিমানেই অগ্ৰগতি নহওক কিয়, দূৰ্গম অঞ্চলৰ শেষ ব্যক্তিজনে সুবিধা লাভ কৰাটো নিশ্চিত হ’ব লাগিব”, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহু দেশৰ বিশ্বাসযোগ্য অংশীদাৰৰ প্ৰয়োজনীয়তা পৰ্যবেক্ষণ কৰি শ্ৰী মোদীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ভেকচিনৰ জৰিয়তে জীৱন ৰক্ষাৰ উদাৰ অভিযানত বহু দেশৰ অংশীদাৰ হৈ গৌৰৱ অনুভৱ কৰিছে আৰু ঔষধৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম কোভিড টিকাকৰণ অভিযান মেড-ইন-ইণ্ডিয়া ভেকচিনৰ উদাহৰণ দিলে, আৰু ১০০ খনতকৈও অধিক দেশলৈ ৩০ কোটি কোভিড-১৯ ভেকচিনৰ ড’জ প্ৰেৰণ কৰে। শ্ৰী মোদীয়ে পুনৰ কয় যে ই ভাৰতৰ সামৰ্থ্য আৰু দায়বদ্ধতাৰ আভাস দেখুৱাইছে আৰু নাগৰিকৰ বাবে সুস্বাস্থ্য বিচৰা প্ৰতিখন দেশৰ বাবে ভাৰত এক বিশ্বাসযোগ্য বন্ধু হৈ থাকিব।

“স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী হাজাৰ হাজাৰ বছৰ ধৰি সাৰ্বজনীন হৈ আহিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতত প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্যৰ এক মহান পৰম্পৰা আছে, য’ত যোগ আৰু ধ্যান আদি ব্যৱস্থা আধুনিক বিশ্বলৈ প্ৰাচীন ভাৰতৰ উপহাৰ আৰু এয়া বৰ্তমান এক বিশ্বব্যাপী আন্দোলনত পৰিণত হৈছে। “বিশ্বই মানসিক চাপ আৰু জীৱনশৈলীজনিত ৰোগৰ সমাধান বিচাৰিছে। ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাই বহু ৰোগৰ সমাধান আগবঢ়াইছে”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়। তেওঁ বাজৰাৰ কথাও উল্লেখ কৰে যিয়ে ভাৰতৰ পৰম্পৰাগত খাদ্যৰ সৃষ্টি কৰে আৰু বিশ্বজুৰি খাদ্য সুৰক্ষা আৰু পুষ্টিৰ সমস্যাসমূহ মোকাবিলা কৰাৰ ক্ষমতা ৰাখে।

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ বিষয়ে উল্লেখ কৰি কয় যে এইখনেই হৈছে বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী পুঁজিৰে স্বাস্থ্য বীমা কভাৰেজ আঁচনি। প্ৰধানমন্ত্ৰীয়ে জনায় যে ইয়াত ৫০ কোটিৰো অধিক ভাৰতীয় নাগৰিকৰ চিকিৎসাৰ ব্যৱস্থা সামৰি লোৱা হৈছে য’ত ইতিমধ্যে ৪ কোটিতকৈ অধিক লোকে নগদ আৰু কাগজবিহীনভাৱে এই সেৱা গ্ৰহণ কৰিছে। ইয়াৰ ফলত নাগৰিকে প্ৰায় ৭ বিলিয়ন ডলাৰ ৰাহি কৰিব পাৰিছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিক পৃথক কৰিব নোৱাৰি আৰু এতিয়া এক সংহত, সৰ্বাংগীন আৰু প্ৰতিষ্ঠানিক সঁহাৰিৰ সময় আহি পৰিছে। তেওঁ কয়, ‘আমাৰ জি-২০ৰ সভাপতিত্বৰ সময়ছোৱাত এইটো আমাৰ অন্যতম প্ৰাধান্যৰ বিষয়। আমাৰ লক্ষ্য স্বাস্থ্যসেৱাক সুলভ আৰু সহজলভ্য কৰি তোলা, কেৱল আমাৰ নাগৰিকৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও”।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
May 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.