"যিখন সংবিধান আমি লাভ কৰিছোঁ সেইখনে স্বাধীন ভাৰতৰ পৰিকল্পনা এইদৰে কৰিছে, য’ত দেশৰ বহু প্ৰজন্মৰ সপোন পূৰণ হ’ব"
"সংবিধান কেৱল এখন কিতাপ নহয়। ই এক ধাৰণা, এক অংগীকাৰ আৰু স্বাধীনতাৰ প্ৰতি বিশ্বাস"
"অধিকাৰ আৰু কৰ্তব্যৰ সমন্বয়ে আমাৰ সংবিধানক অনন্য কৰি তুলিছে"
"ভাৰত স্বভাৱত এখন মুক্ত চিন্তাধাৰাৰ দেশ । স্থবিৰতা আমাৰ স্বভাৱৰ অংশ নহয়"

শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ 'ভাৰতীয় সংবিধানঃ অনকহী কাহানী' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।

আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ সমাজৰ সন্মুখত কিবা নতুন দাঙি ধৰাৰ আকাংক্ষা আৰু নতুন ধাৰণাৰ বাবে কৰা আজীৱন অন্বেষণৰ কথা উল্লেখ কৰে। আজি উন্মোচন কৰা কিতাপখনে ভাৰতীয় সংবিধানক এক ব্যাপক প্ৰকাৰে উপস্থাপন কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ১৮ জুনত ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ গণতান্ত্ৰিক গতিশীলতাৰ প্ৰথম দিন হিচাপে চিহ্নিত কৰি সংবিধানৰ প্ৰথম সংশোধনীত স্বাক্ষৰ কৰিছিল, যি আমাৰ আটাইতকৈ ডাঙৰ শক্তি বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে "যিখন সংবিধান আমি লাভ কৰিছোঁ সেইখনে স্বাধীন ভাৰতৰ পৰিকল্পনা এইদৰে কৰিছে, য’ত দেশৰ বহু প্ৰজন্মৰ সপোন পূৰণ হ’ব।" তেওঁ উল্লেখ কৰে যে স্বাধীনতাৰ কেইবামাহ পূৰ্বে ৯ ডিচেম্বৰ, ১৯৪৬ তাৰিখে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল যাৰ জৰিয়তে আমাৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰতি  আস্থা প্ৰকাশ পায়। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ সংবিধান কেৱল এখন কিতাপ নহয়। ই এক ধাৰণা, এক অংগীকাৰ আৰু স্বাধীনতাৰ প্ৰতি বিশ্বাস।"

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শ্ৰী ৰায়ৰ কিতাপখনে দেশৰ বিস্মৃত ঐতিহ্যক দাঙি ধৰিবলৈ নতুন ভাৰতৰ যি উদ্যোগ তাত গতিৰ সঞ্চাৰ কৰিব। আমাৰ অতীতৰ বিষয়ে আমি সচেতন হৈ থাকিম। স্বাধীনতাৰ ইতিহাস আৰু আমাৰ সংবিধানৰ বহু অকথিত অধ্যায় এই কিতাপখনত সন্নিবিষ্ট হৈছে, যিয়ে দেশৰ যুৱপ্ৰজন্মৰ মনত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক ঘটাব আৰু তেওঁলোকৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰিব।

শ্ৰী ৰায়ৰ কিতাপখনৰ আঁৰত থকা জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "অধিকাৰ আৰু কৰ্তব্যৰ সমন্বয়ে আমাৰ সংবিধানক অনন্য কৰি তুলিছে। যদি আমাৰ অধিকাৰ থাকে তেতিয়াহলে আমাৰ কৰ্তব্যও থাকিব, আৰু যদিহে আমাৰ কৰ্তব্য থাকে, তেতিয়াহলে অধিকাৰো সমানে শক্তিশালী হয়। সেয়েহে, স্বাধীনতাৰ অমৃত কালত, দেশে কৰ্তব্যবোধৰ বিষয়ে আলোচনা কৰিছে আৰু এই বিষয়ত বিশেষ গুৰুত্ব দিছে।" প্ৰধানমন্ত্ৰীয়ে সংবিধান সম্পৰ্কে ব্যাপক সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।"গান্ধীজীয়ে কিদৰে সংবিধানৰ বিষয়ে আমাৰ মাজত ধাৰণা গঢ়ি তুলিছিল, চৰ্দাৰ পেটেলে কিদৰে ধৰ্মৰ ভিত্তিত পৃথক নিৰ্বাচনী ব্যৱস্থা বিলুপ্ত কৰি ভাৰতীয় সংবিধানক সাম্প্ৰদায়িকতাৰ পৰা মুক্ত কৰিছিল, ডঃ আম্বেদকাৰে কিদৰে সংবিধানৰ প্ৰস্তাৱনা ৰচনা কৰিছিল আৰু 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ ভাবনাক সাকাৰ ৰূপ দিছিল, আৰু কেনেদৰে ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে পণ্ডিতসকলে সংবিধানক ভাৰতৰ আত্মাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল, এই সকলো তথ্য এই কিতাপখনত পোৱা যাব", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ প্ৰাণৱন্ত দিশটোৰ কথা উল্লেখ কৰি কয়, ""ভাৰত স্বভাৱত এখন মুক্ত চিন্তাধাৰাৰ দেশ । স্থবিৰতা আমাৰ স্বভাৱৰ অংশ নহয়। সংবিধান সভা গঠনৰ পৰা ইয়াৰ বিতৰ্কলৈকে, সংবিধান গ্ৰহণৰ পৰা বৰ্তমানৰ পৰ্যায়লৈকে, আমি ধাৰাবাহিকভাৱে এক গতিশীল আৰু প্ৰগতিশীল সংবিধান দেখি আহিছোঁ। আমি তৰ্ক কৰিছোঁ, প্ৰশ্ন উত্থাপন কৰিছোঁ, বিতৰ্ক কৰিছোঁ আৰু পৰিৱৰ্তন কৰিছোঁ। মই নিশ্চিত যে এই ধাৰাবাহিকতাক আমাৰ জনসাধাৰণে ভৱিষ্যতেও অব্যাহত ৰাখিব।"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism

Media Coverage

India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 জুলাই 2026
July 01, 2026

PM Modi's Vision: Driving Digital Empowerment, Inclusive Development and India's Global Rise