ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞানক আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়; যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে: প্ৰধানমন্ত্ৰী
আমি লাডাখত বিশ্বৰ অন্যতম সুউচ্চ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিছো, সমুদ্ৰপৃষ্ঠৰ পৰা ৪,৫০০ মিটাৰ উচ্চতাত, যেন তৰাৰ সৈতে হাত মিলাব পৰা অৱস্থাত অৱস্থিত প্ৰধানমন্ত্ৰী
বৈজ্ঞানিক কৌতুহলৰ যত্ন লোৱা আৰু যুৱ মনক সবলীকৰণৰ বাবে ভাৰত গভীৰভাৱে দায়বদ্ধ: প্ৰধানমন্ত্ৰী
আমি বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰাৰ সময়ত আমি এইটোও সুধিব লাগিব যে মহাকাশ বিজ্ঞানে পৃথিৱীৰ মানুহৰ জীৱন কেনেকৈ আৰু অধিক উন্নত কৰিব পাৰে: প্ৰধানমন্ত্ৰী
ভাৰতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ শক্তিত বিশ্বাস কৰে আৰু এই অলিম্পিয়াডে সেই মনোভাৱক প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।

“ভাৰতৰ লাডাখত বিশ্বৰ অন্যতম সুউচ্চ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ আছে, যিটো সমুদ্ৰপৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ উচ্চতাত অৱস্থিত। ই যেন তৰাৰ সৈতে হাত মিলাব পৰা অৱস্থাত অৱস্থিত!”, শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ পুনেৰ বিশাল মেট্ৰৱেভ ৰেডিঅ’ টেলিস্কোপক আৰু আলোকপাত কৰি ইয়াক বিশ্বৰ অন্যতম স্পৰ্শকাতৰ ৰেডিঅ’ টেলিস্কোপ বুলি অভিহিত কৰে, যিয়ে পালছাৰ, কোৱাছাৰ আৰু তাৰকাৰাজ্যৰ ৰহস্যসমূহ ভেদ কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্গ কিলোমিটাৰ এৰে আৰু লিগো-ইণ্ডিয়াৰ দৰে বৈশ্বিক বিশাল-বিজ্ঞান প্ৰকল্পত ভাৰতে গৌৰৱেৰে অৱদান আগবঢ়ায়। তেওঁ স্মৰণ কৰে যে দুবছৰ পূৰ্বে চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে অৱতৰণ কৰা প্ৰথমটো মিছন হৈ ইতিহাস ৰচনা কৰিছিল। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে সৌৰ জুইকুৰা, ধুমুহা আৰু সূৰ্য্যৰ মেজাজৰ দোলাচল নিৰীক্ষণ কৰা আদিত্য-এল১ সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ জৰিয়তেও সূৰ্য্যৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয় যে যোৱা মাহত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিজৰ ঐতিহাসিক অভিযান সম্পূৰ্ণ কৰিছিল, ইয়াক সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত আৰু যুৱ অন্বেষণকাৰীসকলৰ বাবে প্ৰেৰণা বুলি অভিহিত কৰিছিল।

বৈজ্ঞানিক কৌতুহলৰ যত্ন লোৱা আৰু যুৱ মনক শক্তিশালী কৰাৰ বাবে ভাৰত গভীৰভাৱে দায়বদ্ধ বুলি দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অটল টিংকাৰিং লেবত হাতে কামে পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে STEM ধাৰণাসমূহ বুজি পাইছে, যাৰ ফলত শিক্ষণ আৰু উদ্ভাৱনৰ সংস্কৃতিৰ সৃষ্টি হৈছে। জ্ঞানৰ সুবিধা অধিক গণতান্ত্ৰিক কৰি তুলিবলৈ শ্ৰী মোদীয়ে ‘এক দেশ এক ছাবস্ক্ৰিপচন’ আঁচনি আৰম্ভ কৰা হৈছে বুলি অৱগত কৰে। ই লাখ লাখ ছাত্ৰ আৰু গৱেষকক বিনামূলীয়াকৈ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ সুবিধা প্ৰদান কৰে। তেওঁ মন্তব্য কৰে যে STEM ব্যৱস্থাত মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ভাৰত এখন আগশাৰীৰ দেশ। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিভিন্ন পদক্ষেপৰ অধীনত গৱেষণা পৰিস্থিতিতন্ত্ৰত কোটি কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ সমগ্ৰ বিশ্বৰ যুৱ মনবোৰক ভাৰতত অধ্যয়ন, গৱেষণা, সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়। “কোনে জানে পৰৱৰ্তী ডাঙৰ বৈজ্ঞানিক অগ্ৰগতিটো হয়তো এনে অংশীদাৰিত্বৰ পৰাই জন্ম হ’ব পাৰে!” তেওঁ লগতে কয়।

অংশগ্ৰহণকাৰীসকলক মানৱতাৰ উপকাৰৰ লক্ষ্যৰ সৈতে তেওঁলোকৰ প্ৰচেষ্টাক একাকাৰ কৰিবলৈ উৎসাহিত কৰি শ্ৰী মোদীয়ে যুৱ অন্বেষণকাৰীসকলক মহাকাশ বিজ্ঞানে পৃথিৱীৰ জীৱন কেনেকৈ অধিক উন্নত কৰিব পাৰে সেই বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনায়। তেওঁ জটিল প্ৰশ্ন কৰে যে কৃষকসকলক কেনেকৈ আৰু উন্নত বতৰৰ পূৰ্বাভাস প্ৰদান কৰিব পাৰি? প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিব পাৰোনে? বনজুই আৰু গলিত হিমবাহৰ ওপৰত আমি নিৰীক্ষণ কৰিব পাৰোনে? আমি দূৰৱৰ্তী অঞ্চলৰ বাবে উন্নত যোগাযোগ গঢ়ি তুলিব পাৰোনে? প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিজ্ঞানৰ ভৱিষ্যত যুৱ মনৰ হাতত নিহিত হৈ আছে আৰু কল্পনা আৰু মমতাৰে বাস্তৱ জগতৰ সমস্যা সমাধান কৰিব লাগিব। তেওঁ তেওঁলোকক সুধিবলৈ আহ্বান জনাইছিল “বৰ্হিজগতত কি আছে?” আৰু ইয়াৰ উপৰিও ই আমাক ইয়াত পৃথিৱীত মানুহৰ জীৱন উন্নত কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়েও চিন্তা কৰক।

“ভাৰতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ শক্তিত বিশ্বাস কৰে, আৰু এই অলিম্পিয়াডে সেই মনোভাৱক প্ৰতিফলিত কৰে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অলিম্পিয়াডৰ এই সংস্কৰণ এতিয়ালৈকে সৰ্ববৃহৎ। এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে তেওঁ হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন আৰু টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলক উচ্চ লক্ষ্য আৰু ডাঙৰ সপোন দেখিবলৈ উৎসাহিত কৰে। “আৰু মনত ৰাখিব, ভাৰতত আমি বিশ্বাস কৰোঁ যে আকাশ সীমা নহয়, ই মাথোঁ আৰম্ভণিহে!”বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi