“ক্ৰীড়াৰ শুভংকৰ ‘অষ্টলক্ষ্মী’য়ে উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে”
“ভাৰতৰ প্ৰতিটো কোণত, উত্তৰৰ পৰা দক্ষিণলৈ আৰু পশ্চিমৰ পৰা পূবলৈ খেলো ইণ্ডিয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে”
“যিদৰে শৈক্ষিক সাফল্য উদযাপন কৰা হয়, আমি ক্ৰীড়াত উৎকৃষ্টতা প্ৰদৰ্শন কৰা সকলকো সন্মান জনোৱাৰ পৰম্পৰা বিকশিত কৰিব লাগিব। আমি এনে কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা শিকিব লাগিব”
“খেলো ইণ্ডিয়া হওঁক, টিঅ’পিএছ হওঁক বা অন্যান্য পদক্ষেপ হওঁক, আমাৰ যুৱ প্ৰজন্মৰ বাবে সম্ভাৱনাৰ এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে”
“যদি আমাৰ খেলুৱৈসকলক বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা সহায় কৰা হয় তেন্তে তেওঁলোকে যিকোনো সাফল্য লাভ কৰিব পাৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ভাষণ প্ৰদান। প্ৰধানমন্ত্ৰী মোদীয়ে পখিলাৰ আকৃতিৰঅষ্টলক্ষ্মী, অৰ্থাৎ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শুভংকৰৰকথা উল্লেখ কৰে। প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মীবুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই খেলসমূহত পখিলাটোক শুভংকৰ কৰি তোলাটোও উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে।“

খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এক বিশাল প্ৰতিচ্ছবি সৃষ্টি কৰাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। “খেলকসহৃদয়েৰে, খেলকনিৰ্ভয়েৰে, নিজৰ আৰু আপোনাৰ দলৰ বাবে জয়ী হওক আৰু আপুনি পৰাজিত হ'লেও, আতংকিত নহ'ব। প্ৰতিটো বিফলতা শিকাৰ এটা সুযোগ,“প্ৰধানমন্ত্ৰীয়ে কয়।

দেশজুৰি ক্ৰীড়া পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ বৰ্তমানৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া, লাডাখত খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া, তামিলনাডুত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া, দিউত বীচ গেমছৰ কথা উল্লেখ কৰি মন্তব্য কৰে, “মই সুখী যে ভাৰতৰ প্ৰতিটো কোণত উত্তৰৰ পৰা দক্ষিণআৰু পশ্চিমৰ পৰা পূবলৈ এই খেলসমূহ আয়োজন কৰা হৈছে।“ তেওঁ ক্ৰীড়াৰ প্ৰচাৰআৰু যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

ক্ৰীড়াৰ প্ৰতি পৰিৱৰ্তিত সামাজিক ধাৰণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পিতৃ-মাতৃৰ মনোভাৱৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে, পূৰ্বে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক ক্ৰীড়া কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰিবলৈ সংকোচ কৰিছিল, এই ভয়ত যে ই তেওঁলোকক অধ্যয়নৰ পৰা বিচলিত কৰিব। তেওঁ উদীয়মান মানসিকতাৰ ওপৰত আলোকপাত কৰে য’ত অভিভাৱকসকলে এতিয়া তেওঁলোকৰ সন্তানৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ কৃতিত্বৰ বাবে গৌৰৱ কৰে।

খেলুৱৈসকলৰ কৃতিত্ব উদযাপন আৰু সন্মানক গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যিদৰে শৈক্ষিক সাফল্য উদযাপন কৰা হয়, সেইদৰে আমি ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতাক সন্মান জনোৱাৰ পৰম্পৰা বিকশিত কৰিব লাগিব।“তেওঁ উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ পৰা শিকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য’ত ক্ৰীড়াক উৎসাহেৰে উদযাপন কৰা হয়, ফুটবলৰ পৰা এথলেটিকছলৈকে, বেডমিণ্টনৰ পৰা বক্সিংলৈকে, ভাৰোত্তোলনৰ পৰা দবালৈ, সকলো শাখাৰ খেলুৱৈসকলক অনুপ্ৰেৰণা যোগোৱাহয়। প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস ব্যক্ত কৰে যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰা খেলুৱৈসকলেকেৱল মূল্যৱান অভিজ্ঞতাই লাভ নকৰে, বৰঞ্চসমগ্ৰ ভাৰতত ক্ৰীড়া সংস্কৃতিক আগুৱাই নিয়াত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ বাবে সুযোগৰ বিকশিত পৰিস্থিতিতন্ত্ৰৰ ওপৰত আলোকপাত কৰি কয়, “খেলো ইণ্ডিয়া, টিঅ’পিএছ বা অন্যান্য পদক্ষেপেই হওঁক, আমাৰ যুৱ প্ৰজন্মৰ বাবে সম্ভাৱনাৰ এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে।“তেওঁ প্ৰশিক্ষণ সুবিধাৰ পৰা বৃত্তিলৈকে খেলুৱৈসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ চৰকাৰৰ প্ৰচেষ্টা আৰু এই বছৰ ক্ৰীড়াৰ বাবে ৩৫০০ কোটি টকাৰ অভিলেখ বাজেট আৱণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ ক্ৰীড়া মঞ্চত ভাৰতৰ সফলতাৰ কথা গৌৰৱেৰে ব্যক্ত কৰে।ভাৰতীয় খেলুৱৈসকলে ২০১৯ চনত মাত্ৰ ৪ টা পদকৰ বিপৰীতে ২০২৩ চনত মুঠ ২৬ টা পদক জয় কৰি অভূতপূৰ্ব সফলতা অৰ্জন কৰা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়াকে ধৰি বিভিন্ন প্ৰতিযোগিতাত উল্লেখনীয় সাফল্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ সামৰ্থ্যক প্ৰশংসা কৰে। তেওঁ এছিয়ান গেমছত অভিলেখ পদক তালিকাৰ কথাও উল্লেখ কৰে। “এয়া কেৱল পদকৰ সংখ্যা নহয়, বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা সমৰ্থিত হ’লে আমাৰ খেলুৱৈসকলে কি প্ৰাপ্ত কৰিব পাৰে তাৰ প্ৰমাণ,“তেওঁ লগতে কয়।

ক্ৰীড়াৰ জৰিয়তে প্ৰতিষ্ঠিত মূল্যবোধৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, “ক্ৰীড়াত সফলতাৰ বাবে কেৱল প্ৰতিভাই নহয়; ই স্বভাৱ, নেতৃত্ব, দলবদ্ধ কাম আৰু নমনীয়তাও দাবী কৰে।“ তেওঁ যুৱসকলক কেৱল শাৰীৰিক সুস্থতাৰ বাবেই নহয়, প্ৰয়োজনীয় জীৱন দক্ষতা বিকাশৰ বাবেও ক্ৰীড়া গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু কয়, “যিসকলে খেলে, তেওঁলোকৰ উন্নতিওহয়।“

প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক ক্ৰীড়া খণ্ডৰ বাহিৰেও উত্তৰ-পূব অঞ্চলৰ সৌন্দৰ্য অন্বেষণ কৰিবলৈ আহ্বান জনায়। তেওঁ খেলুৱৈসকলক প্ৰতিযোগিতাৰ পিছত দুঃসাহসিক অভিযান আৰম্ভ কৰিবলৈ, স্মৃতিবোৰ কঢ়িয়াই আনিবলৈ আৰু #NorthEastMemories হেচটেগ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত তেওঁলোকৰ অভিজ্ঞতাশ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও, তেওঁ খেলুৱৈসকলে ভ্ৰমণ কৰা সম্প্ৰদায়বোৰৰ সৈতে বাৰ্তালাপকৰিবলৈ কিছুমান স্থানীয় বাক্যাংশ শিকিবলৈ পৰামৰ্শ দিছিল, যাতে তাৰ ফলত তেওঁলোকৰ সাংস্কৃতিক অভিজ্ঞতা বৃদ্ধি হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক ভশিনী এপৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিবলৈও কয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pvt investment in space sector crosses $618 million, 17 startups given nod for space activities: Minister Jitendra Singh to RS

Media Coverage

Pvt investment in space sector crosses $618 million, 17 startups given nod for space activities: Minister Jitendra Singh to RS
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.