“ক্ৰীড়াৰ শুভংকৰ ‘অষ্টলক্ষ্মী’য়ে উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে”
“ভাৰতৰ প্ৰতিটো কোণত, উত্তৰৰ পৰা দক্ষিণলৈ আৰু পশ্চিমৰ পৰা পূবলৈ খেলো ইণ্ডিয়া ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে”
“যিদৰে শৈক্ষিক সাফল্য উদযাপন কৰা হয়, আমি ক্ৰীড়াত উৎকৃষ্টতা প্ৰদৰ্শন কৰা সকলকো সন্মান জনোৱাৰ পৰম্পৰা বিকশিত কৰিব লাগিব। আমি এনে কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা শিকিব লাগিব”
“খেলো ইণ্ডিয়া হওঁক, টিঅ’পিএছ হওঁক বা অন্যান্য পদক্ষেপ হওঁক, আমাৰ যুৱ প্ৰজন্মৰ বাবে সম্ভাৱনাৰ এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে”
“যদি আমাৰ খেলুৱৈসকলক বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা সহায় কৰা হয় তেন্তে তেওঁলোকে যিকোনো সাফল্য লাভ কৰিব পাৰে”

অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰীযুত অনুৰাগ ঠাকুৰ জী, অসম চৰকাৰৰ মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, আৰু দেশৰ চুক-কোণৰ পৰা উপস্থিত যুৱ খেলুৱৈসকল!

খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে এই খেলসমূহ। এই খেলসমূহৰ মেস্কট এটা পখিলা অষ্টলক্ষ্মী তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মই প্ৰায়ে ভাৰতৰ অষ্টলক্ষ্মী বুলি কওঁ। এই খেলসমূহত এটা পখিলাক মেস্কট কৰি তোলাটোও উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষাবোৰে কেনেদৰে নতুন ডেউকা পাবলৈ ধৰিছে তাৰ প্ৰতীক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ চুক-কোণৰ পৰা অহা আপোনালোক সকলো খেলুৱৈয়ে গুৱাহাটীত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক ভৱিষ্যৎ ছবি সৃষ্টি কৰিছে। আপোনালোকে উঠিপৰি খেলক, কঠোৰভাৱে খেলক, নিজকে জয়ী কৰক...নিজৰ দলটোক জয়ী কৰক...আৰু হাৰিলেও টেনচন ল'বলগীয়া নাই। হাৰিলেও ইয়াৰ পৰা বহু কথা শিকি যাব।

বন্ধুসকল,

মই সুখী যে আজি উত্তৰৰ পৰা দক্ষিণলৈ আৰু পশ্চিমৰ পৰা পূব ভাৰতলৈকে দেশৰ প্ৰতিটো কোণত এনে ক্ৰীড়া সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আমি ইয়াত উত্তৰ পূৰ্বাঞ্চলত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ সাক্ষী হৈ আছোঁ। কিছুদিন পূৰ্বে লাডাখত খেলো ইণ্ডিয়া শীতকালীন গেমছৰ আয়োজন কৰা হৈছিল। তাৰ আগতে তামিলনাডুত খেলো ইণ্ডিয়া য়ুথ গেমছ অনুষ্ঠিত হৈছিল। তাৰ আগতেও ভাৰতৰ পশ্চিম উপকূলৰ ডিউত বিচ গেমছৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানসমূহে দেখুৱাইছে যে দেশৰ চুকে-কোণে যুৱক-যুৱতীসকলৰ খেলা-ধূলা আৰু আত্ম বিকাশৰ সুযোগ অধিক বাঢ়িছে। সেয়ে এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে অসম চৰকাৰৰ লগতে অন্যান্য ৰাজ্য চৰকাৰসমূহক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি সমাজত ক্ৰীড়া সন্দৰ্ভত মন-মগজুও সলনি হৈছে। আগতে কাৰোবাক সন্তানৰ লগত চিনাকি কৰাই দিওঁতে পিতৃ-মাতৃয়ে তেওঁৰ ক্ৰীড়াত সফলতাৰ কথা কোৱাৰ পৰা বিৰত আছিল। তেওঁলোকে ভাবিছিল যে খেলৰ কথা ক’লে শিশুটিয়ে পঢ়া-শুনা বা লিখা-মেলা নকৰাৰ আভাস পাব। এতিয়া সমাজৰ এই চিন্তাধাৰা সলনি হৈছে। এতিয়া অভিভাৱকসকলেও গৌৰৱেৰে কয় যে তেওঁলোকৰ সন্তানে ষ্টেটছ, নেচনেলছ খেলিছে বা আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে।

বন্ধুসকল,

আজি সময়ৰ দাবী যে আমি ক্ৰীড়াৰ প্ৰচাৰৰ সমান্তৰালকৈ আমি ক্ৰীড়াক উদযাপনো কৰা উচিত। আৰু এয়া খেলুৱৈতকৈ সমাজৰ বেছি দায়িত্ব। দশম বা দ্বাদশ বৰ্ডৰ ফলাফলৰ পিছত ভাল নম্বৰ পোৱা শিশুক যেনেকৈ সন্মান কৰা হয়...যেনেকৈ এটা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিশুক সন্মান কৰা হয়...সেইদৰে সমাজখনে এনে শিশুকো সন্মান কৰাৰ পৰম্পৰা গঢ়ি তোলা উচিত যিসকলে ক্ৰীড়াত ভাল প্ৰদৰ্শন কৰে। আৰু ইয়াৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰাও বহু কথা শিকিব পাৰোঁ। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰতি যি সন্মান, তাত থকা মানুহে ক্ৰীড়াক যিদৰে উদযাপন কৰে, সেয়া আচৰিত। সেয়ে, ফুটবলৰ পৰা আৰম্ভ কৰি এথলেটিক্সলৈকে, বেডমিণ্টনৰ পৰা বক্সিং, ভাৰোত্তোলন পৰা দবালৈকে ইয়াৰ খেলুৱৈসকলে প্ৰতিদিনে নিজৰ প্ৰতিভাৰে নতুন উচ্চতা স্পৰ্শ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ এই ভূখণ্ডই ক্ৰীড়া সাধনাৰ সংস্কৃতি গঢ়ি তুলিছে। মোৰ বিশ্বাস যে এই প্ৰতিযোগিতাৰ বাবে ইয়ালৈ অহা সকলো খেলুৱৈয়ে নতুন নতুন কথা শিকিব আৰু সেয়া সমগ্ৰ ভাৰতবৰ্ষলৈ লৈ যাব।

বন্ধুসকল,

খেলো ইণ্ডিয়া হওক, টপছ হওক, বা এনেধৰণৰ আন অভিযানেই হওক, আজি আমাৰ যুৱ প্ৰজন্মৰ বাবে নতুন সম্ভাৱনাৰ এক সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে। প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি বৃত্তি দিয়ালৈকে আমাৰ দেশৰ খেলুৱৈসকলৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে। এইবাৰ ক্ৰীড়াৰ বাবে চাৰেতিনি হাজাৰ কোটি টকাৰ অভিলেখ বাজেট দিয়া হৈছে। আমি বিজ্ঞানসন্মত দৃষ্টিভংগীৰে দেশৰ ক্ৰীড়া প্ৰতিভাক নতুন শক্তি প্ৰদান কৰিছোঁ। ইয়াৰ ফলত আজি ভাৰতে প্ৰতিটো প্ৰতিযোগিতাতে পূৰ্বতকৈ অধিক পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি এছিয়ান গেমছত নতুন অভিলেখ গঢ়ি তোলা ভাৰতক বিশ্বই চাই আছে। আজি বিশ্বই এনে এখন ভাৰতৰ ফালে চাই আছে যিয়ে সমগ্ৰ বিশ্বৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। ৱৰ্ল্ড ইউনিভাৰ্ছিটি গেমছতো ভাৰতে অদ্ভূত সফলতা অৰ্জন কৰিছে। ২০১৯ চনত আমি এই খেলবোৰত ৪টা পদক লাভ কৰিছিলোঁ। মই গৌৰৱেৰে ক’ব পাৰো যে ২০২৩ চনত আমাৰ যুৱক-যুৱতীসকলে ২৬টা পদক লাভ কৰিছে। আৰু মই আকৌ ক’ম যে কেৱল পদকৰ সংখ্যাই নহয়। বিজ্ঞানসন্মত দৃষ্টিভংগীৰে সহায় কৰিলে আমাৰ যুৱক-যুৱতীসকলে কি কৰিব পাৰে তাৰ প্ৰমাণ এইটোৱেই।

বন্ধুসকল,

কিছুদিনৰ পাছত আপোনালোক বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৃথিৱীখনলৈ যাব। নিশ্চিতভাৱে অধ্যয়নে আমাক পৃথিৱীৰ বাবে প্ৰস্তুত কৰে, কিন্তু এইটোও সত্য যে ক্ৰীড়াই আমাক পৃথিৱীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস দিয়ে। আপোনালোকে দেখিছে যে সফল মানুহৰ সদায় কিছুমান বিশেষ গুণ থাকে। সেইসকল লোকৰ কেৱল talent নহয়, temperament-ও আছে। তেওঁলোকে নেতৃত্ব দিবও জানে আৰু দলীয় মনোভাৱৰ সৈতে কাম কৰিবও জানে। এইসকল লোক সফলতাৰ ভোকত থাকে, কিন্তু হৰাৰ পিছত পুনৰ জয়ী হ'বও জানে। চাপত কাম কৰিও নিজৰ শ্ৰেষ্ঠখিনি দিব জানে। এই সকলোবোৰ গুণ আহৰণৰ বাবে ক্ৰীড়া এক মহান মাধ্যম। আমি যেতিয়া খেলত যোগদান কৰোঁ তেতিয়া আমিও এই গুণবোৰৰ লগত যোগ দিওঁ। সেইবাবেই কওঁ - যিজনে খেলে, তেওঁহে ফুলে।

বন্ধুসকল,

আৰু আজি মই মোৰ ডেকা বন্ধুসকলক ক্ৰীড়াৰ বাহিৰেও আন কিছু কাম দিব বিচাৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্য্যৰ বিষয়ে আমি সকলোৱে জানো। এই গেমছৰ পিছত আপোনালোকেও সুযোগ গ্ৰহণ কৰি নিজৰ চৌপাশ ভ্ৰমণ কৰিবলৈ যাওক। আৰু কেৱল ফুৰাই নহয়, নিজৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰক। আপোনালোকে হেজটেক #North-East Memories ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এই চেষ্টাও কৰিব যে যিখন ৰাজ্যত খেলিবলৈ যায় তাৰ স্থানীয় ভাষাৰ ৪-৫টা বাক্য জৰুৰ শিকক। তাৰ মানুহৰ সৈতে কথা পাতিবলৈ আপোনালোকে ভাষিনী APP ব্যৱহাৰ কৰিও চাব। আপোনালোকৰ সঁচাকৈয়ে বহুত আনন্দ লাগিব।

বন্ধুসকল,

মোৰ বিশ্বাস আছে যে আপোনালোকে এই আয়োজনত গোটেই জীৱন মনত ৰাখিবলগা অভিজ্ঞতা লাভ কৰিব। এই কামনাৰে, আকৌ এবাৰ মই আপোনালোক সকলোকে বহুত শুভকামনা জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.